উদ্ভিদৰ বিভিন্ন অংগৰ কাম

 অনুশীলনী-

১। উদ্ভিদ বা বন্য প্রাণীসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ আধুনিক যুগত জীৱ-জন্তু, গছ-গছনি আদি যধে-মধে ধ্বংস কৰাৰ ফলত প্রাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে আৰু ইয়াৰ ফলত মানুহ আৰু জীৱ-জন্তু উভয়ৰেই সমস্যা হৈছে। সেয়েহে আমি উদ্ভিদ বা বন্য প্রাণীসমূহ সংৰক্ষণ কৰিব লাগে।

২। বার্ড অৱ গ্লোৱেল ইম্প’ৰটেঞ্চৰ অন্তৰ্ভূক্ত অসমৰ চৰাই চাৰিবিধ কি কি?

উত্তৰঃ ৱাৰ্ড অৱ গ্লোৱেল ইম্প’ৰটেঞ্চৰ অন্তৰ্ভুক্ত অসমৰ চৰাই চাৰিবিধ হ’ল— দেওহাঁহ, হাড়গিলা; উলুমৰা আৰু ভেলা চৰাই।

৩। প্রাচীন কালত বন্যপ্রাণী সংৰক্ষণ কেনেদৰে কৰা হৈছিল?

উত্তৰঃ প্ৰাচীন কালত সকলো জীৱৰ প্ৰতি দয়া, বন্যপ্ৰাণীক মৰমৰ চকুৰে চোৱা আদি বোধ বাক্যৰে বন্যপ্ৰাণী সংৰক্ষণ কৰা হৈছিল।

৪। অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান দুখন কি কি?

উত্তৰঃ অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান দুখন হ’ল-

ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান।

৫। অসমৰ ব্যাঘ্র প্রকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

উত্তৰঃ অসমৰ ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ’ল- মানাহ ৰাষ্ট্ৰীয় উদ্যান।

Scroll to Top