ভূপৃষ্ঠৰ পৰিৱৰ্তন

অনুশীলনী-

১ । ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰ (জলভাগে) ৰে গঠিত। ইয়াৰে ৭১ শতাংশ জলভাগে আৰু বাকী ২৯ শতাংশ স্থলভাগে আগুৰি আছে। মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ-পৰ্বত, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পাণীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাদ, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব। তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো  দেখা যায়।

ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। সময়ৰ গতিত এই অবয়ববোৰৰ পৰিৱৰ্তন ঘটে। যিবিলাক প্রক্রিয়া এই অৱয়ববোৰৰ সৃষ্টিৰ লগত জড়িত হৈ থাকে, সেইবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটে। পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্রিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ । বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধান। আনহাতে, আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদ্‌দ্গীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ’লে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাবে। 

২।  ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা

৩। বাহ্যিক কাৰক মানে কি ? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা ।

উত্তৰঃ ভূ-পৃষ্ঠত বাহ্যিক কাৰকবোৰ মূলত: বাহিৰৰ পৰা ক্ৰিয়া কৰে। এই কাৰকবোৰৰ উৎস সূৰ্য আৰু বায়ুমণ্ডল। বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ, আৰু সাগৰৰ ঢৌ প্ৰধান।

৪। ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ?

উত্তৰঃ আভ্যন্তৰীণ কাৰকবোৰে পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদ্‌দ্গীৰণ প্রধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ’লে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদ্‌দ্গীবণ সংঘটিত হ’লে ভূমিকম্পও হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়।সেয়েহে ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় । 

৫। নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা।

উত্তৰঃ এখন নদীয়ে ইয়াৰ উপনদী, শাখানদী, আদিৰ যোগেদি একো একোটা এলেকাৰ পানী কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বুলি কোৱা হয়। একোখন নদীৰ ক্ৰিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে।

৬ । উপনদী কি ? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা ।  

উত্তৰঃ উপনদী উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহৰ মিলিত হোৱা শাখা-নদীসমূহক উপনদী বোলে । 
ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম হ’ল- 
(i) পুঠিমাৰী আৰু 
(ii) ভৰলু  ।

৭। নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া ।

উত্তৰঃ উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰপৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোঁৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীব এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পার্শ্ব খনন বোলা হয়।

 ৮। নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায় । 

উত্তৰঃ উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰপৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোঁৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীব এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পার্শ্ব খনন বোলা হয়।

৯। অশ্বখুৰা হ্ৰদ কি ? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা ।

উত্তৰঃ এখন নদী সমতল অঞ্চলৰ মৃদু ঢালেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হয়। নদীৰ পাৰ খননে ইয়াৰ গতিপথ অধিক একা-বেঁকা কৰে। একা-বেঁকা পথেৰে নদীয়ে কৰা এনে গতিক বক্রগতি বা সর্পিল গতি বুলি কোৱা হয়। সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হ’ব পাৰে। এনে গতিপথে বাৰিষাকালত নদীৰে প্রবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হৃদক অশ্বখুৰা হ্রদ বোলে ।

১০ । প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ বানপানীৰ সময়ত নদীৰ সোঁতে কঢ়িয়াই অনা বোকা, পলস আদি নদীৰ দুয়োপাৰে বিয়পি পৰি প্লাবন ভূমিৰ সৃষ্টি কৰে। প্লাবনভূমি সাৰুৱা হয় বাবে এনে ভূমি খেতিৰ বাবে অতি উপযোগী।

১১ । নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।

উত্তৰঃ নদীৰ বুকুত বালি-বোকা জমা হৈ সৃষ্টি হোৱা বালিচৰবোৰ বহুতো দিশৰপৰা তাৎপৰ্য্যপূর্ণ। বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে। বাৰিযা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায়। নৈৰ খহনীয়াই কিছুমানক নিশ্চিহ্নও কৰে। খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু-বৰ অসংখ্য বালিচৰ দেখা যায়।

১২ । ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিকদিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ । উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত নৈ গৈ পৰ , তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ ‘ব’ ৰ দৰে । সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয়।

১৩ । মৰুভূমিত বতাহৰ ক্রিয়া কিয় প্রবল লিখা।

উত্তৰঃ মৰুভূমিৰ পৰিৱেশত বতাহে খনন, পৰিবহণ আৰু অৱক্ষেপণৰ যোগেদি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে। মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্রিয়া কৰিব পাৰে। ধূলি-বালিবোৰ বতাহে অনায়াসে এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰপৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলা হয়। অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত সঘনে ধূলিৰ ধুমুহাৰ উদ্ভৱ হয়।  এনেদৰে অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰুভূমিত বতাহৰ ক্ৰিয়া প্রবল হয়।

১৪ । অৱনমন বুলিলে কি বুজায় ?

উত্তৰঃ মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি – বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি – বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে।

১৫ । বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি- বালিবোৰ এঠাইত জমা হৈ মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লয়। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বোলে।

১৬ । ইনছেলবার্গ কি?

উত্তৰঃ ইনছেলবার্গ হৈছে মৰুভূমিত অৱস্থিত একো-একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ। অৰ্থাৎ ই একোখন পৰ্বতৰ ক্ষয় হৈ ৰৈ যোৱা কঠিন অংশ।

১৭ । হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পার্থক্য কি লিখা।

উত্তৰঃ পৃথিৱীৰ অতি শীতল অঞ্চলবোৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে। এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চ অংশবোৰ পৰে । এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ- পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়।

নদী আৰু হিমবাহৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল –

(ক) নদীৰ সোঁতৰ গতি প্ৰবল আৰু হিমবাহৰ সোঁতৰ গতি লেহেম।

(খ) নদী হ’ল বোৱৰ্তী পানীয়ে সৃষ্টি কৰা জলৰাশি। কিন্তু হিমবাহ হ’ল জমা হৈ থকা বৰফ।

(গ) নদী গ্ৰীষ্ম প্ৰধান অঞ্চলত থাকে আৰু হিমবাহ শীত প্ৰধান অঞ্চলতহে থাকে।

১৮ । গ্রাব কি ? চিত্র আঁকি বিভিন্ন শ্রেণীৰ গ্ৰাববােৰ দেখুওৱা।

উত্তৰঃ হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদার্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা অন্য পদাৰ্থবোৰক সামগ্রিকভাৱে গ্ৰাব বোলে। গ্ৰাব চাৰি প্ৰকাৰৰ: (ক) পার্শ্বগ্রাব (খ) ভূমিগ্রাব (গ)মধ্যগ্ৰাব আৰু (ঘ) প্রান্ত গ্রাব।

 

১৯ । হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ পার্বত্য বা উপত্যকা হিমবাহবোৰ প্ৰধানকৈ ইউৰোপৰ  আল্পছ, উত্তৰ আমেৰিকাৰ ৰ’কি  আৰু এছিয়াৰ হিমালয় অঞ্চলত দেখা যায়। এইবিধ হিমবাহ সাধাৰণতে দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নামি আহে। এনে হিমবাহে বৰফখণ্ডৰ লগতে সৰু-বৰ শিল, বালি, জৈৱিক পদাৰ্থ আদি কঢ়িয়াই আনে। হিমবাহে কঢ়িয়াই অনা এই পদার্থবোৰে গতিপথত সজোৰে খনন কার্য চলায়। হিমবাহৰ গতিপথ দীঘলীয়া। পথালিয়ে ইয়াক U আকৃতিৰ হোৱা দেখা যায়। বাহিত পদার্থৰ দ্বাৰা, ঘটা প্ৰৱল ঘৰ্ষণৰ ফলত গতিপথ গভীৰ আৰু থিয় ধৰণৰ হয়। কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলো ফালৰপৰা চলা খননৰ ফলত পৰ্বতৰ শীর্ষাংশ চোকা জোঙৰ দৰে হয়। এইবোবক হিমবাহে সৃষ্টি কৰা শৃংগ বোলা হয়। আছ আৰু হিমালয় পর্বতত এনে ক্ষয়জনিত জোঙা শৃংগ বহুতো আছে।

২০ । উপকূল কাক বােলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ-মহাসাগৰে আগুৰি আছে। সাগৰ-মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়।

২১ । বালিয়াতট কি ? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা ।

২২ । সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা ।

২৩। তলত দিয়া কাৰক আৰু অৱয়ববােৰৰ কোনটো কাৰ সৃষ্টি কাঁড় চিনেৰে দেখুওৱা ।

২৪ । ভূ-পৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা ।

Updated on: 08-11-2025

Scroll to Top