ভূপৃষ্ঠৰ পৰিৱৰ্তন

অনুশীলনী-

১ । ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰ (জলভাগে) ৰে গঠিত। ইয়াৰে ৭১ শতাংশ জলভাগে আৰু বাকী ২৯ শতাংশ স্থলভাগে আগুৰি আছে। মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ-পৰ্বত, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পাণীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাদ, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব। তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো  দেখা যায়।

ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। সময়ৰ গতিত এই অবয়ববোৰৰ পৰিৱৰ্তন ঘটে। যিবিলাক প্রক্রিয়া এই অৱয়ববোৰৰ সৃষ্টিৰ লগত জড়িত হৈ থাকে, সেইবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটে। পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্রিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ । বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধান। আনহাতে, আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদ্‌দ্গীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ’লে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাবে। 

২।  ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা

৩। বাহ্যিক কাৰক মানে কি ? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা ।

উত্তৰঃ ভূ-পৃষ্ঠত বাহ্যিক কাৰকবোৰ মূলত: বাহিৰৰ পৰা ক্ৰিয়া কৰে। এই কাৰকবোৰৰ উৎস সূৰ্য আৰু বায়ুমণ্ডল। বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ, আৰু সাগৰৰ ঢৌ প্ৰধান।

৪। ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ?

উত্তৰঃ আভ্যন্তৰীণ কাৰকবোৰে পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদ্‌দ্গীৰণ প্রধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ’লে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদ্‌দ্গীবণ সংঘটিত হ’লে ভূমিকম্পও হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়।সেয়েহে ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় । 

৫। নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা।

উত্তৰঃ এখন নদীয়ে ইয়াৰ উপনদী, শাখানদী, আদিৰ যোগেদি একো একোটা এলেকাৰ পানী কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বুলি কোৱা হয়। একোখন নদীৰ ক্ৰিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে।

৬ । উপনদী কি ? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা ।  

উত্তৰঃ উপনদী উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহৰ মিলিত হোৱা শাখা-নদীসমূহক উপনদী বোলে । 
ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম হ’ল- 
(i) পুঠিমাৰী আৰু 
(ii) ভৰলু  ।

৭। নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া ।

উত্তৰঃ উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰপৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোঁৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীব এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পার্শ্ব খনন বোলা হয়।

 ৮। নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায় । 

উত্তৰঃ উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰপৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোঁৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীব এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পার্শ্ব খনন বোলা হয়।

৯। অশ্বখুৰা হ্ৰদ কি ? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা ।

উত্তৰঃ এখন নদী সমতল অঞ্চলৰ মৃদু ঢালেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হয়। নদীৰ পাৰ খননে ইয়াৰ গতিপথ অধিক একা-বেঁকা কৰে। একা-বেঁকা পথেৰে নদীয়ে কৰা এনে গতিক বক্রগতি বা সর্পিল গতি বুলি কোৱা হয়। সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হ’ব পাৰে। এনে গতিপথে বাৰিষাকালত নদীৰে প্রবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হৃদক অশ্বখুৰা হ্রদ বোলে ।

১০ । প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা ।

১১ । নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা ।

১২ । ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা ।

১৩ । মৰুভূমিত বতাহৰ ক্রিয়া কিয় প্রবল লিখা ।

১৪ । অৱনমন বুলিলে কি বুজায় ?

১৫ । বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয় ?

১৬ । ইনছেলবার্গ কি ?

১৭ । হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পার্থক্য কি লিখা ।

১৮ । গ্রাব কি ? চিত্র আঁকি বিভিন্ন শ্রেণীৰ গ্ৰাববােৰ দেখুওৱা ।

১৯ । হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা ।

২০ । উপকূল কাক বােলে ?

২১ । বালিয়াতট কি ? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা ।

২২ । সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা ।

২৩। তলত দিয়া কাৰক আৰু অৱয়ববােৰৰ কোনটো কাৰ সৃষ্টি কাঁড় চিনেৰে দেখুওৱা ।

২৪ । ভূ-পৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা ।

Updated on: 21-04-2025

Scroll to Top