অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
শুদ্ধ উত্তৰ বাছি উলিওৱা
১) ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ / গোবিন্দ চন্দ্ৰ /তিৰৎ সিঙক চিলেটলৈ নিৰ্বাসন দিছিল।
উত্তৰঃ ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিছিল।
২) অসমৰ শেষ আহোম ৰজা আাছিল চন্দ্ৰকান্ত সিংহ / কমলেশ্বৰ সিংহ / পুৰন্দৰ সিংহ /যোগেশ্বৰ সিংহ।
উত্তৰঃ অসমৰ শেষ আহোম ৰজা আাছিল পুৰন্দৰ সিংহ।
৩) তিৰৎ সিং খাচী / মণিপুৰী / জয়ন্তীয়া দেশপ্ৰেমিক আছিল।
উত্তৰঃ তিৰৎ সিং খাচী দেশপ্ৰেমিক আছিল।
চমু উত্তৰৰ প্ৰশ্নঃ
১) গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰঃ গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল।
২) ডেভিদ স্কট কোন আছিল?
উত্তৰঃ ডেভিদ স্কট এজন বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল ।
৩) ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
উত্তৰঃ ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ আছিল ৰবাৰ্টচন ।
৪) তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল?
উত্তৰঃ তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল।
৫) মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?
উত্তৰঃ মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰসেনাপতি ।
৬) জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?
উত্তৰঃ জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল।
৭) জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল?
উত্তৰঃ জেনকিন্সে নামনি অসমক গোৱালপাৰা , দৰং আৰু কামৰূপ জিলাত ভাগ কৰিছিল ।
৮) ব্ৰিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?
উত্তৰঃ ব্ৰিটিছে পুৰন্দৰ সিংহক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল।