জীৱৰ বিচিত্ৰতা
অনুশীলনী-
1. আমি জীৱবিলাকক কিয় শ্রেণী বিভাজন কৰো?
উত্তৰঃ জীৱসমূহৰ বিষয়ে সহজ আৰু সুবিধাজনক অধ্যয়নৰ বাবে আমি জীৱৰ শ্ৰেণীবিভাজন কৰোঁ।
2. তোমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা, পার্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া?
প্রশ্নাৱলী-
1. জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা?
(ক) সিহঁতে বসবাস কৰা স্থানক?
(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক ? আৰু কিয়?
উত্তৰঃ জীৱ জগতৰ শ্ৰেণীবিভাজন কৰোঁতে সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰ বেছি গুৰুত্বপূৰ্ণ। কাৰণ একে বাসস্থানত থকা জীৱৰ মিল নাথাকিবও পাৰে। কিন্তু জীৱৰ কোষীয় চৰিত্ৰসমূহে জীৱৰ গঠন আৰু চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে।
2. জীৱজগতৰ শ্ৰেণীবিভাজনত প্রথম পৰ্য্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?
উত্তৰঃ কোষৰ প্ৰকাৰ। প্রকোষকেন্দ্রীয় নে সংকোষ কেন্দ্ৰীয়।
3. কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে।
উত্তৰঃ পুষ্টিৰ ধৰণ আৰু কোষবেৰৰ উপস্থিতি বা অনুপস্থিতি।