গতি

প্ৰশ্নাৱলী-

1. বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ “শূন্য়” হ’ব পাৰেনে? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া।

উত্তৰঃ কোনাে এটা বস্তুৱে এক নির্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ সৰণ শূণ্য হ’ব পাৰে। ধৰি লওক কোনো বস্তু এটা বৃত্তাকাৰ পথত গতি কৰি আছে আৰু A বিন্দুৰ পৰা আৰম্ভ কৰি এটা ঘূৰ্ণন সম্পূৰ্ণ কৰাৰ পিছত পুনৰ একেটা A বিন্দুলৈ ঘূৰি আহিছে, তেন্তে দূৰত্ব ইয়াৰ পৰিধিৰ সমান হ’ব আনহাতে সৰণ শূন্য হ’ব।

2. খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ’ব?

3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?

(a) ই শূন্য হ’ব নোৱাৰে।

উত্তৰঃ অসত্য।

(b) ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি।

উত্তৰঃ অসত্য।

প্ৰশ্নাৱলী-

1. দ্ৰুতি আৰু বেগৰ পাৰ্থক্য কি?

উত্তৰঃ কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্রম কৰা দুৰত্বক দ্রুতি বোলে। আনহাতে কোনো গতিশীল বস্তুৱে কোনো নির্দিষ্ট দিশত একক সময়ত অতিক্রম কৰা দূৰত্বক বেগ বোলে। দ্ৰুতি স্কেলাৰ ৰাশি। আনহাতে বেগ ভেক্টৰ ৰাশি।

2. কি চৰ্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড়বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়?

উত্তৰঃ যদি বস্তু এটাই সৰল ৰৈখিকভাৱে গতি কৰে তেতিয়া বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দ্রুতিৰ সমান হয়।

3. মটৰ গাড়ীৰ অড মিটাৰে কি জোখে? 

উত্তৰঃ মটৰ গাড়ীৰ অড’মিটাৰে অতিক্ৰম কৰা দূৰত্ব জোখে।

4. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?

উত্তৰঃ সুষমভাৱে গতিশীল বস্তু এটাৰ গতি সৰল ৰৈখিক হয়।

Scroll to Top