গতি
প্ৰশ্নাৱলী-
1. বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ “শূন্য়” হ’ব পাৰেনে? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া।
উত্তৰঃ কোনাে এটা বস্তুৱে এক নির্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ সৰণ শূণ্য হ’ব পাৰে। ধৰি লওক কোনো বস্তু এটা বৃত্তাকাৰ পথত গতি কৰি আছে আৰু A বিন্দুৰ পৰা আৰম্ভ কৰি এটা ঘূৰ্ণন সম্পূৰ্ণ কৰাৰ পিছত পুনৰ একেটা A বিন্দুলৈ ঘূৰি আহিছে, তেন্তে দূৰত্ব ইয়াৰ পৰিধিৰ সমান হ’ব আনহাতে সৰণ শূন্য হ’ব।
2. খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ’ব?
3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?
(a) ই শূন্য হ’ব নোৱাৰে।
উত্তৰঃ অসত্য।
(b) ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি।
উত্তৰঃ অসত্য।
প্ৰশ্নাৱলী-
1. দ্ৰুতি আৰু বেগৰ পাৰ্থক্য কি?
উত্তৰঃ কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্রম কৰা দুৰত্বক দ্রুতি বোলে। আনহাতে কোনো গতিশীল বস্তুৱে কোনো নির্দিষ্ট দিশত একক সময়ত অতিক্রম কৰা দূৰত্বক বেগ বোলে। দ্ৰুতি স্কেলাৰ ৰাশি। আনহাতে বেগ ভেক্টৰ ৰাশি।
প্রশ্নাৱলী-
1. কি চৰ্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড়বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়?
উত্তৰঃ যদি বস্তু এটাই সৰল ৰৈখিকভাৱে গতি কৰে তেতিয়া বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দ্রুতিৰ সমান হয়।
2. মটৰ গাড়ীৰ অড মিটাৰে কি জোখে?
উত্তৰঃ মটৰ গাড়ীৰ অড’মিটাৰে অতিক্ৰম কৰা দূৰত্ব জোখে।
3. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?
উত্তৰঃ সুষমভাৱে গতিশীল বস্তু এটাৰ গতি সৰল ৰৈখিক হয়।
4. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ’ব?সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3×10⁸ m s-¹ দ্ৰুতিৰে গতি কৰে।
উত্তৰঃ দিয়া আছে —
V = 3×10⁸m মিটাৰ/ছেকেণ্ড
t = 5 মিনিট
= 60 × 5 ছেকেণ্ড
= 300 ছেকেণ্ড
S = ?
আমি জানো যে –
S = v × t
= 3 x 10⁸
= 3 × 10⁸ মিটাৰ /ছেকেণ্ড × 300 ছেকেণ্ড
ছেকেণ্ড = 3 x 300 × 10 মিটাৰ
= 9 x 10¹⁰ মিটাৰ
প্রশ্নাৱলী-
1. তুমি কেতিয়া বস্তু এটাৰ (i) সুষম ত্বৰণ (ii) বিষম ত্বৰণ হোৱা বুলি ক’বা?
উত্তৰঃ (i) যেতিয়া বস্তু এটাইসমান সমান সময়ৰ অন্তৰালত পৰিৱৰ্তন হােৱা বেগৰ জোখ সমান সমান হয়, তেতিয়া তাৰ ত্বৰণক সুষম বুলি কোৱা হয়।
(ii) যেতিয়া বস্তুটোৱে সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে বেগৰ পৰিৱর্তন হয়, তেতিয়া তাৰ ত্বৰণক বিষম বুলি কোৱা হয়।
2. বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 kmh-1ৰ পৰা 60kmh-1 হ্রাস পালে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা।
উত্তৰঃ দিয়া আছে –
u = 80 km h⁻¹
v = 60 kmh⁻¹
t = 5 sec
= 5 / 60 × 60 h
= 1 /720 h
a = ?
আমি জানো যে —
a = v – u / t
= 60 – 80 / 1 / 720
= – 20 x 720
= -14400
∴ ত্বৰণ = 14400 kmh⁻²
3. ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম জ্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 kmh⁻¹ লৈ বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা।
উত্তৰঃ ইয়াত,
u = 0
v = 40 km h⁻¹
t = 10 মিনিট
= 10 / 60 = h
= 1 / 6 h
a = ?
আমি জানো যে,
a = v – u / t
= 40 – 0 1/6
= 40 x 6
= 240
∴ ত্বৰণ = 240 kmh⁻²
প্রশ্নাৱলী-
1. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়?
2. বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা ?
উত্তৰঃ বস্তুটো স্থিৰ অবস্থাত আছে।
3. বস্তু এটাৰ দ্ৰুতি সময়লেখ, সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা হয়, তেন্তে বস্তুটোৰ গতিৰ বিষয়ে কি মন্তব্য কৰিবা?
উত্তৰঃ বস্তুটোৱে সুষমভাৱে গতি কৰিব।
4. বেগ সময় লেখ আৰু সময় অক্ষ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি ?
উত্তৰঃ বেগ-সময় লেখ আৰু সময় অক্ষৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে সৰণ বা অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰে।
Updated on : 20/02/2026