আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
প্ৰশ্নাৱলীঃ
1. পদাৰ্থ বুলিলে কি বুজায়?
উত্তৰঃ পদাৰ্থ হল যিকোনো বস্তু, যাৰ নিশ্চিত গঠন থাকে আৰু নিৰ্দিষ্ট গুণ-ধৰ্ম থাকে। ই কঠিন (Solid), তৰল (Liquid), বা গেছীয় (Gas) অৱস্থাত থাকিব পাৰে। পদাৰ্থ দুই প্ৰকাৰৰ হ’ব পাৰে – বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰণ।
2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।
উত্তৰঃ
সমসত্ব মিশ্ৰণ | অসমসত্ব মিশ্ৰণ |
মিশ্ৰণত সকলো পদাৰ্থ সমানভাৱে মিহলি হৈ থাকে। | মিশ্ৰণত পদাৰ্থবোৰ সমানভাৱে মিহলি নহয় । |
মিশ্ৰণটো একেই ধৰণৰ দেখা যায়। | মিশ্ৰণটোত বিভিন্ন পদাৰ্থ পৃথক পৃথক দেখা যায়। |
পদাৰ্থবোৰ অণু-স্তৰত সমানভাৱে বিস্তাৰ হয়। | পদাৰ্থবোৰ একেলগে মিহলি নহয় আৰু স্পষ্টভাৱে পৃথক থাকে। |
সাধাৰণতে ভৌতিক পদ্ধতিৰে সহজে বিচ্ছিন্ন কৰিব নোৱাৰি। | সাধাৰণতে ভৌতিক পদ্ধতিৰে সহজে বিচ্ছিন্ন কৰিব পাৰি। |
প্ৰশ্নাৱলীঃ
1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য় লিখা।
উত্তৰঃ সমসত্ব মিশ্ৰণৰ গঠন একে। অৰ্থাৎ আণৱিক স্তৰত পদাৰ্থবোৰ সমানে মিহলি হৈ থাকে আৰু সমগ্ৰ মিশ্ৰণটোত মিশ্ৰণটো একেই দেখা যায়। গোটেইখিনিতে একেই দেখা গৈছে। পদাৰ্থৰ মাজত কোনো স্পষ্ট সীমা নাই। যেনে- নিমখ পানী । অসমসত্ব মিশ্ৰণৰ গঠন একে নহয়। পদাৰ্থবোৰ সমানে মিহলি নহয়, আৰু প্ৰায়ে পৃথক পৃথক উপাদান দেখা পায়। যেনে- তেল আৰু পানী ।
2. কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি?
উত্তৰঃ
কলয়ড | দ্ৰৱণ | প্ৰলম্বন |
কলয়ড অসমসত্ব মিশ্ৰণ। | দ্ৰৱণ সমসত্ব মিশ্ৰণ। | প্ৰলম্বন অসমসত্ব মিশ্ৰণ। |
পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰে | পোহৰৰ ৰশ্মি বিচ্ছুৰিত নকৰে | পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰে |
কলয়ড দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ। | দ্ৰৱণৰ কণিকাবোৰ অতি সুস্থিৰ। | প্ৰলম্বন কণিকাবোৰ অস্থিৰ। |
3. 293k উষ্ণতাত 100ml পানীত 36g ছডিয়াম ক্লৰাইড দ্ৰবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।
উত্তৰঃ ছডিয়াম ক্লৰাইডৰ দ্ৰাৱ্যৰ ভৰ = 36gm
পানীৰ ভৰ = 100gm
দ্ৰৱটোৰ মুঠ ভৰ = 36gm + 100gm
= 136gm
দ্ৰৱণটোৰ গাঢ়তা = দ্রাব্যৰ ভৰ /দ্ৰৱণৰ মুঠ ভৰ×100
= 36/136×100
= 26.47
প্ৰশ্নাৱলীঃ
1. কেৰাছিন আৰু পেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য় 25ºC তকৈ বেছি।) মিশ্ৰণৰ পৰা সিঁহতক কিদৰে পৃথক কৰিবা?
উত্তৰঃ কেৰাছিন আৰু পেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য় 25ºC তকৈ বেছি।) মিশ্ৰণৰ পৰা সিঁহতক পাতন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।
2. তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।
(i) দৈৰ পৰা মাখন (butter)।
উত্তৰঃ অপকেন্দ্ৰিক পদ্ধতি।
(ii) সাগৰৰ পানীৰ পৰা নিমখ।
উত্তৰঃ স্ফটিকীকৰণ পদ্ধতি।
(iii) নিমখৰ পৰা কৰ্পূৰ।
উত্তৰঃ উৰ্ধপাতন পদ্ধতি।
3. স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়?
উত্তৰঃ কিছুমান অশুদ্ধি যুক্ত কঠিন পদাৰ্থ বিশুদ্ধ কৰিবলৈ স্ফটিকীয়কৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়।
প্ৰশ্নাৱলীঃ
1. তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন?
• গছ কটা।
উত্তৰঃ ভৌতিক পৰিৱৰ্তন।
• কেৰাহি এখনত মাখন গলি যোৱা।
উত্তৰঃ ভৌতিক পৰিৱৰ্তন।
• আলমাৰিত মামৰ ধৰা।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তন।
• পানী উতলাই জলীয় ভাপ কৰা
উত্তৰঃ ভৌতিক পৰিৱৰ্তন।
• পানীৰ মাজেদি বিদ্য়ুত প্ৰৱাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তন।
• পানীত নিমখ দ্ৰৱীভূত কৰা।
উত্তৰঃ ভৌতিক পৰিৱৰ্তন।
• কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা।
উত্তৰঃ ভৌতিক পৰিৱৰ্তন।
• কাগজ আৰু কাঠ পুৰিলে।
উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তন।
অনুশীলনীঃ
1. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা?
উত্তৰঃ বাষ্পীভৱন পদ্ধতি।
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল’ৰাইড।
উত্তৰঃ উৰ্ধপাতন পদ্ধতি।
(b) ছ’ডিয়াম ক্লৰাইড আৰু এম’নিয়াম ক্ল’ৰাইড মিশ্ৰণৰ পৰা এম’নিয়াম ক্লৰাইড।
উত্তৰঃ উৰ্ধপাতন পদ্ধতি।
(c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।
উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি।
(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।
উত্তৰঃ বৰ্ণলেখন পদ্ধতি।
(e) দৈৰ পৰা মাখন।
উত্তৰঃ অপকেন্দ্ৰিক পদ্ধতি।
(f) পানীৰ পৰা তেল।
উত্তৰঃ পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি।
(g) চাহৰ পৰা চাহপাত।
উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি।
(h) বালিৰ পৰা লোৰ পিন।
উত্তৰঃ চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি।
(i) চোকোৰাৰ পৰা গমৰ গুটি।
উত্তৰঃ জৰা প্ৰক্ৰিয়া।
(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ।
উত্তৰঃপৰিস্ৰাৱণ পদ্ধতি।
2. একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাৱ্য়, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্য়ৱহাৰ কৰিবা।
(a) পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313 k উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব?
(b) 353 k উষ্ণতাত প্ৰজ্ঞাই পটেছিয়াম ক্ল’ৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হ’লে তেওঁ কি দেখিব? ব্য়াখ্য়া কৰা।
(c) প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 k ত নিৰ্দ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি?
(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্য়াখ্য়া কৰা।
4. উদাহৰণ দি ব্যাখ্যা কৰা 一
(a) সংপৃক্ত দ্ৰৱ।
(b) বিশুদ্ধ পদাৰ্থ।
(c) কলয়ড।
(d) প্ৰলম্বন।