অনুশীলনী- 1.1
1. শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আর্হিত {ইয়াত p,q অখণ্ড সংখ্যা আৰু (q ≠ 0)} প্ৰকাশ কৰিব পাৰিনে ?
সমাধানঃ শূনটো পৰিমেয় সংখ্যা হয়। ইয়াক p/q আর্হিত (ইয়াত p, q অখণ্ডসংখ্যা আৰু q ≠0) প্রাকাশ কৰিব পাৰি।
2. 3 আৰু 4 – ৰ মাজত থকা ছয়টা পৰিমেয় সংখ্যা উলিওৱা।
সমাধানঃ 3 = 3 × 7/7 = 21/7
4 = 4 × 7/7 = 28/7
∴ 3 আৰু 4 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ’ল- 22/7, 23/7, 24/7, 25/7, 26/7, 27/7
3. 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা।
সমাধানঃ 3/5 = 3/5 × 6/6 = 18/30
4/5 = 4/5 × 6/6 = 24/30
∴ 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ’ল- 19/30, 20/30, 21/30, 22/30, 23/30
4. তলৰ উক্তিসমূহ সঁচানে মিছা লিখা। উত্তৰ সমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা।
(i) প্রতিটো স্বাভাৱিক সংখ্যাই এটা পূর্ণ সংখ্যা।
উত্তৰঃ সঁচা। কাৰণ স্বাভাৱিক সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অন্তৰ্গত ।
(ii) প্রতিটো অখণ্ড সংখ্যাই এটা পূর্ণ সংখ্যা।
উত্তৰঃ সঁচা নহয় । কাৰণ প্ৰতিটো অখণ্ড সংখ্যাই এটা পূর্ণ সংখ্যা নহয়।
(ⅲ) প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূর্ণ সংখ্যা।
উত্তৰঃ সঁচা নহয়। কাৰণ প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূর্ণ সংখ্যা নহয়।