পৰামাণুৰ গঠন
1. কেনেল ৰশ্মি কি?
উত্তৰঃ কেনেল ৰশ্মি হৈছে ধনাত্মক আৱিষ্ট ৰশ্মি, যি গোল্ডষ্টেইনে 1886 চনত আৱিষ্কাৰ কৰিছিল।
2. পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেকট্রন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে?
উত্তৰঃ যদি কোনো পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেকট্ৰ’ন থাকে, তেন্তে ই কোনো আধান বহন নকৰে।
3. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্রশম হয় ব্যাখ্যা কৰা।
উত্তৰঃ থমছনৰ পৰমাণুৰ আৰ্হি অনুসৰি-
(i) পৰমাণু এটা ধণাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্রনবোৰ ইয়াত সোমাই থাকে।
(ii) ঋণাত্মক আৰু ধণাত্মক আধান মানত সমান। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্রশম।
4. ৰাডাফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণবিক কণা থাকে।
উত্তৰঃ ৰাডাৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত থকা উপ-পাৰমাণৱিক কণাটো হ’ল প্ৰ’টন।
5. তিনিটা শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্র অংকন কৰা।
6. যদি aー কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ’লে কি দেখা যাব বুলি ভবা?
উত্তৰঃ যদি aー কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ’লে ফলাফল ধাতুটোৰ প্ৰকৃতি অনুসৰি পৰিবৰ্তিত হ’ব।