শিশুলীলা
১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা-
(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।
—-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
উত্তৰঃ কৃষ্ণগীতগোৱা সুন্দৰী গৰাকী হল যশোদা।
(খ) ‘কৰ্ণত কুণ্ডল দোলে আতি।’
—কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰঃ যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে।
(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
—-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰঃ শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে।
(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
—-‘মথনি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ মথনি’ শব্দৰ অৰ্থ হ’ল- গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উত্তৰঃ শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে।
(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।
—-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰঃ ইয়াত যশোদাৰ কেয়ুৰ কঙ্গণৰ ‘ৰুণ-ঝুণ’ শব্দৰ কথা কোৱা হৈছে।
২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্ত্তন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা।
৪। ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
৫। ‘তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উডুখলে।’ —-কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
৬। ‘নাহি আদি অন্ত পূৰ্বাপৰ।
পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।’ —- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
৭। ব্যাখ্যা কৰাঃ
(ক) যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা।।
(গ) পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত।।
৮। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
৯। মহাকোপে কোঠা পশিলন্ত
সিঞ্চিৰাই লৱনু ভুজন্ত।।- কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখাঃ
কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লৱণু, কোপ, দশন, দুগ্ধ, ঈশ্বৰ
উত্তৰঃ কৰ্ণ – কাণ
অৰুণ – সূৰ্য্য
দধি – দৈ
বস্ত্ৰ – কাপোৰ
বদন – মুখ
লৱণু – মাখন
কোপ – খং
দশন – দাঁত
দুগ্ধ – গাখীৰ
ঈশ্বৰ – ভগৱান
১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ
তাহাঙ্ক, নোজোৰে, খসি, ৰহিল, আসি, ভৈলা, আসান্ত, শিলায়ে, কাম্পে, মাৱক, বসি, প্ৰয়াসি, খেদন্ত
উত্তৰঃ তাহাঙ্ক – তেওঁক
নোজোৰে – নাটে
খসি – খহি
ৰহিল – ৰল
আসি – আহি
ভৈলা – হ’ল
আসান্ত – আহিছে
শিলায়ে – শিলেৰে
কাম্পে – কঁপে
মাৱক – মাকক
বসি – বহি
প্ৰয়াসি – চেষ্টা কৰা
খেদন্ত – খেদিলে
১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ
১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।