অৰ্থনৈতিক ভূগোল: বিষয় বস্ত আৰু সম্পদ

অনুশীলনীঃ

১। অর্থনৈতিক ভূগােল কাক বােলে ? ইয়াৰ মূল বিষয়বস্তু কি ? অর্থনৈতিক ভূগােলৰ প্ৰধান শাখাবােৰ উল্লেখ কৰা।

উত্তৰঃ ভূগোল বিষয়টো প্রধানকৈ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তর্গত এটা অন্যতম প্রধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্য-কলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়। তাকে অর্থনৈতিক ভূগোল বোলে।

ভূ-প্রকৃতি আৰু ভূ-তাত্ত্বিক গঠনৰ পার্থক্যকে ধৰি জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূ-পৃষ্ঠৰ প্রাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, ভূ-পৃষ্ঠৰ কোনো ঠাই পার্বত্য উচ্চভূমি, আন কোনো ঠাই সাৰুৱা সমভূমি, সাগৰ-মহাসাগৰীয় উপকূল ভূমি, কোনো ঠাই আকৌ জলবায়বীয়ভাৱে অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ। তদুপৰি কিছুমান অঞ্চল অৰণ্যৰে ভৰা বা আন কিছুমান অঞ্চল গৰাখহনীয়া আৰু বানপানীৰ দৰে প্রাকৃতিক দুর্যোগেৰে দুর্দশাগ্রস্ত। লগতে গছ-গছনি, পানী, খনিজ সম্পদ আদিৰ দৰে প্রাকৃতিক সম্পদৰো প্রাচুর্য, বিতৰণ আৰু গুণাগুণৰ ক্ষেত্রতো যথেষ্ট পার্থক্য দেখা যায়।সাৰুৱা সমভূমি অঞ্চল কৃষি, উপকূলীয় অঞ্চল মাছ ধৰা কার্য আৰু যাতায়াত- ব্যৱসায়, খনিজ সম্পদত চহকী উদ্যোগ অঞ্চল। আনহাতে, ঘাঁহনিৰ প্রাচুর্য থকা অঞ্চল পশু-পালনৰ ক্ষেত্রত বিশেষভাৱে আগবঢ়া হয়। প্রাকৃতিক পৰিৱেশৰ এনে পার্থক্যৰ ফলত মানুহ আৰু পৰিৱেশৰ সম্পর্কও পৃথিৱীৰ সকলো ঠাইত একে নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিৱেশো বেলেগ বেলেগ হয়।

দৰাচলতে ভূ-পৃষ্ঠত বিৰাজ কৰা প্রাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন-প্রণালী আৰু অর্থনৈতিক কার্য-কলাপো সকলো ঠাইতে বেলেগ বেলেগ হয়। এনে পার্থক্য়ৰ বাবে কোনো এখন ঠাই যেতিয়া কৃষি কার্যত উন্নত হয়, আন এখন ঠাই ব্যৱসায়-বাণিজ্য, ঔদ্যোগিক বা মৎস্য উৎপাদন কার্যত চহকী হয়। এনে কাৰণতে পৃথিৱীৰ সকলোবোৰ ঠায়েই ইখনে-সিখনৰ ওপৰত নির্ভৰ কৰি এক সম্পর্ক ৰক্ষা কৰি চলি থাকে। অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত এনে ধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয়। 

অর্থনৈতিক ভূগােল প্রধান শাখাবােৰ হ’ল: 

(ক) কৃষি ভূগােল। 

(খ) ঔদ্যোগিক ভূগােল। 

সম্পদ ভূগোল    

(ঘ) পৰিবহণ ভূগােল। 

(ঙ) বজাৰ ভূগােল। 

(চ) পৰিকল্পনা আৰু উন্নয়ন ভূগোল।

(ছ)পর্যটন ভূগােল। 

২। অর্থনৈতিক ভূগােলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত 一

(ক) অর্থনৈতিক কার্যটো ক’ত অৱস্থিত ? 

(খ) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যসমূহ কি কি ? 

(গ) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ সৈতে জড়িত ? 

(ঘ) অর্থনৈতিক কার্যটো য’ত অৱস্থিত হৈছে তাতে কিয় হৈছে ? 

(ঙ) অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাৰ পৰিৱর্তে আন ঠাইত হলে বেছি ভাল হ’লহেঁতেন নে ? 

৩। মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবােৰ কি কি ?

উত্তৰঃ মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে মানৱজীৱনৰ বিভিন্ন কাৰ্যকলাপ বা ব্যৱসায়ক বুজায়, যিবোৰৰ জৰিয়তে মানুহে উপাৰ্জন কৰে আৰু জীৱন নিৰ্বাহ কৰে।

মানুহৰ অর্থনৈতিক বৃত্তিবোৰ হৈছে 一

 (১) প্রাথমিক বৃত্তি:- যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে – কৃষি কার্য, মাছ ধৰা কার্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।

(২) দ্বিতীয়ক বৃত্তি:- যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে।যেনে – শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন কৃষি কার্য, মাছ নির্মাণ তথা, পুনৰ নির্মাণ কার্য ইত্যাদি। 

(৩) তৃতীয়ক বৃত্তি:- যি কার্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে -যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।

(৪) চতুর্থক বৃত্তি:- যিবোৰ কার্যই  দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে – বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ। 

৪। অর্থনৈতিক ভূগােল প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ অর্থনৈতিক ভূগােল প্রধান শাখাসমূহৰ বিষয়বস্তু সমূহ হল: 

(১) কৃষি ভূগোলঃ- অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা হৈছে কৃষি ভূগোল।ইয়াত কৃষি কার্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্রকাৰ, কৃষি কার্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(২) ঔদ্যোগিক ভূগোলঃ- ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদ্য়োগৰ প্রকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্রীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(৩) সম্পদ ভূগোলঃ- ইয়াত সম্পদৰ প্রকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

(৪) পৰিবহণ ভূগোলঃ- ইয়াত পৰিবহণ ব্যৱস্থাৰ প্রকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে – ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্রৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।

(৫) বজাৰ ভূগোলঃ- ইয়াত বজাৰ স্থাপনৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্রকাৰ আৰু  বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।
(৬)পৰিকল্পনা আৰু উন্নয়ন ভূগোলঃ- ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।
(৭) পর্যটন ভূগোলঃ ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্রকাৰ, পর্যটনৰ ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

৫। সম্পদ ভূগােলক কিয় অর্থনৈতিক ভূগােল এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয় ?

৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

৭। “ সম্পদ পৰিৱৰ্তনশীল ” – ব্যাখ্যা কৰা।

৮। সম্পদৰ প্ৰয়ােজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলােচনা কৰা। 

৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। 

১০। সম্পদ আৰু বিজ্ঞান – প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলােচনা কৰা।

১১। উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা।

১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা। 

১৩। মানৱ সৃষ্টসম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা। 

১৪। নবীকৰণযােগ্য আৰু অনৱীকৰণযােগ্য সম্পদৰ মাজৰ পার্থক্য কি কি ? উদাহৰণসহ চমুকৈ আলােচনা কৰা।

১৫। “ সম্পদ সংৰক্ষণ ” বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়ােজনীয়তা কি ? 

১৬ ৷ সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবােৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা। 

১৭ ৷ সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা। 

১৮। চমুটোকা লিখা 

(ক) সম্পদ

(খ) মানৱ সম্পদ

(গ) সম্পত্তি

(ঘ) নৱীকৰণযােগ্য সম্পদ

(ঙ) ব্যক্তিগত সম্পদ

(চ) জাতীয় সম্পদ

(ছ) জীৱীয় সম্পদ

(জ) সম্পদ সংৰক্ষণ

(ঝ) সম্পদৰ  পুনৰাৱর্তন

১৯। পাৰ্থক্য লিখা:

(ক) সম্পদ আৰু সম্পত্তি 

(খ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল 

(গ) সম্পদ আৰু নিস্ক্ৰিয় সামগ্ৰী

(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ 

(ঙ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ 

( চ ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ

( ছ ) মাৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ 

( জ ) সম্পদৰ পুনৰাৱর্তন আৰু অভিযোজন 

২০। শুদ্ধ উত্তৰটো বাছিউলিওৱা:

(ক) তলৰ কোনটো মানবসৃষ্ট সম্পদ ?

(১) নদনদী 

(২) খনিজ তেল 

(৩) জলসিঞ্চন নলা 

(৪) অৰণ্য

(খ) তলৰ কোনটো অজীৱীয় সম্পদ ? 

(১) বায়ু 

(২) গছ – গছনি 

(৩) জীৱ – জন্তু 

(৪) ভেঁকুৰ 

(গ) তলৰ কোনটো অনৱীকৰণযােগ্য সম্পদ ?

(১) বায়ু 

(২) পানী

(৩) শস্য

(৪) কয়লা

(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী ? 

(১) এশিঙীয়া গঁড়

(২) নল – গাহৰি

(৩) জিৰাফ

(৪) মিথুন

(ঙ) IUCN- সংস্থাটি কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ? 

(১) UNESCO 

(২) UNDP 

(৩) WWF 

(8) UNEP 

Scroll to Top