ভাৰত আৰু উত্তৰ - পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিক্য

অতি চমু উত্তৰৰ প্রশ্নঃ

১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?

উত্তৰঃ সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ মিৰাট লৈকে বিস্তৃত আছিল।

২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল।
৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰঃ ঋকবেদৰ আনুমানিক ৰচনা কাল হ’ল- খ্রীষ্টপূর্ব ১৫০০ চন আৰু খ্রীষ্টপূর্ব ১০০০ চন পৰ্যন্ত।
৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ মুণ্ডক উপনিষদ গ্ৰন্থৰ পৰা লােৱা হৈছে।
৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম হ’ল- কৌটিল্যৰ দ্বাৰা ৰচিত অর্থশাস্ত্র।
৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰঃ ‘বিবিধতাৰ মাজত একতা ’ ( Unity in Diversity ) এই বাক্যাংশ পণ্ডিত জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ‘ ভাৰত সম্ভেদ ’ ( Discovery of India ) গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে। 
৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান  কলা-কৌশলৰ প্রয়োগ কৰা হৈছিল?
উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ গান্ধাৰ শিল্পকলাত শৈলীত গ্রীক – ৰােমান কলা – কৌশলৰ প্ৰয়ােগ হৈছিল।
৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ ভৰত মুনিৰ নাট্যশাস্ত্র খ্রীষ্টপূর্ব ২০০ চনৰ পৰা দ্বিতীয় শতিকালৈ ৰচিত হৈছিল। 
৯। ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে?
উত্তৰঃভৰতৰ নাট্যশাস্ত্ৰত প্রায় ৬০০ টা শ্লোক  আছে।
১০। হেৰাকা আন্দোলন কি?
উত্তৰঃ স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ‘হেৰাকা” নামৰ আন্দোলন গঢ়ি তুলিছিল। 
১১। নগালেণ্ডৰ “হৰ্ণবিল” উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?
উত্তৰঃ নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ ধনেশ পক্ষীৰ নামত উৎসর্গিত।
১২। “চপচৰ কূট” কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
উত্তৰঃ ‘চপছৰ কুট’ মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ।
১৩। “মিজো” শব্দৰ অৰ্থ কি?
উত্তৰঃ মিজো শব্দৰ অর্থ হ’ল-‘পাহাৰৰ বাসিন্দা’।
১৪। উত্তৰ-পূর্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত?
উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত।
১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰঃ মণিপুৰী নৃত্য চৈতন্য মহাপ্রভুৰ শৈশৱ , কৃষ্ণলীলা আদিক মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে।
১৬। অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰঃ অসমৰ প্রাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল।
১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰঃ ‘হা – চোম’ বড়ােমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হােৱা বুলি অনুমান কৰা হয়।
১৮। চৰ্যাপদ মানে কি?
উত্তৰঃ চর্যাপদ মানে হ’ল কেইটামান সহজযানপন্থীৰ গীত।
১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ চর্যাপদ খ্রীষ্টিয় দশম শতিকাৰ পৰা চতুদর্শ শতিকাৰ সময়ছােৱাত ৰচিত হৈছিল।
২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰঃ মাধৱকন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপােষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল।
২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল।
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
উত্তৰঃ জিকিৰ আৰু জাৰি আজানপীৰ ( চাহ মিলন ) ৰচনা কৰিছিল।
২৩। আজানপীৰ কোন?
উত্তৰঃ আজানপীৰ  আছিল এজন চুফী সাধক।
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ আজানপীৰ ত্রয়ােদশ শতিকাত অসমলৈ আহিছিল ।
২৫। দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
উত্তৰঃ দ – পৰ্বতীয়াৰ শিলৰ তােৰণখন খ্রীষ্টিয় ষষ্ঠ শতিকাত নির্মিত হৈছিল।
২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰঃ আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ এগৰাকী বিষয়া আছিল।
২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?
উত্তৰঃ লােক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শিল্পী প্রতিমা পাণ্ডে বৰুৱাক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল।
২৮। অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?
উত্তৰঃ অসমৰ প্ৰথম বাৰ্তালােচনীখনৰ নাম হ’ল- ‘অৰুণােদয়’।
২৯। উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
উত্তৰঃ উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো হ’ল- মেঘালয়ৰ খাছীসকল।
৩০। ৰচয়িতাসকলৰ নাম লিখাঃ
(ক) অর্থশাস্ত্র 一 কৌটিল্য।
খ) হস্তিবিদ্যার্ণৱ 一 সুকুমাৰ বৰকাইথ।
(গ) কীৰ্ত্তন 一 শংকৰদেৱ।
(ঘ) নামঘোষা 一 মাধৱদেৱ।
(ঙ) চোৰধৰা পিম্পৰা গুচোৱা 一 মাধৱদেৱ।
(চ) কালিয় দমন 一 শংকৰদেৱ।
(ছ) ৰামবিজয় 一 শংকৰদেৱ।
(জ) কথাগীতা 一 ভট্টদেৱ।
(ঝ) ৰাজতৰঙ্গিনী 一 কলহল।
(ঞ) ভাৰত সম্ভেদ 一 জৱাহৰলাল নেহৰু।
চমু উত্তৰৰ প্ৰশ্নঃ
১। খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা।
উত্তৰঃ গ্রীকসকল আৰু আৰ্যসকল। 
২। সিন্ধু উপত্যকাত আৱিষ্কৃত হােৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হােৱা দুটা মূর্তিৰ নাম লিখা।
উত্তৰঃ পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি।
৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছে- ধান খেতি আৰু কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ।
৪। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগােলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে ?
উত্তৰঃ বর্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংবক্ষণ কৰাৰ ক্ষেত্রত দেশখনৰ বিভিন্ন ভৌগোলিক পৰিস্থিতিয়েও ভূমিকা গ্রহণ কৰি আহিছে । কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত-যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণত কোনো অঞ্চল হয়তো আর্থিকভাবে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে আকৌ অন্য কোনোটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্নহৈ , কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে। 
৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰঃ বেদৰ চাৰিখন সংহিতাৰ নাম হ’ল – ঋগবেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। 
৬। অশােক দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ?
উত্তৰঃ অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে উল্লেখ আছে। তাত সকলো ধৰ্মৰ প্ৰতি সন্মান আৰু সহনশীলতাৰ কথা কোৱা হৈছে। এই শিলালিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধর্মক হীন বুলিব নালাগে। ইয়াৰ পৰিৱর্তে আটাইবােৰ ধৰ্মৰ সাৰ আহৰণ কৰি সমন্বয়ৰ পথ অনুসৰণ কৰিব লাগে। 
৭। সাংস্কৃতিক বহুত্ববাদ মানে কি ?
উত্তৰঃ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। 
৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম  হৈছে – আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত।
৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা।
উত্তৰঃ প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্রৰ নাম হৈছে – চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।
১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি ?
উত্তৰঃ ভাৰতীয় চিত্রকলাক  দুটা ভাগত ভাগ কৰিব পাৰি – বৃহদাকাৰ দেৱাল চিত্র আৰু ক্ষুদ্রাকাৰ চিত্র।
১১। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহৰ নাম লিখা।
উত্তৰঃ চিত্রকলাৰ প্রতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহৰ নাম  হৈছে- ছাহজাহান আৰু জাহাংগীৰ।
Scroll to Top