ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত হৈছিল ।

২। কোম্পানিৰ আমােল বুলিলে কোনটো সময়ক বুজোৱা হয় ?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।

৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰঃ অসমত বাংলা ভাষাৰ প্ৰচলন ১৮৩৭ চনত  হৈছিল ।

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰঃ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ১৮৭৩ চনত হৈছিল ।

৫। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?

উত্তৰঃ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন মিলন আছিল ।

৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?

উত্তৰঃ ৰায়ত সভাসমূহৰ মূল উদ্দেশ্য আছিল কৃষকসকলৰ অধিকাৰ সুৰক্ষিত কৰা, ভূমি সংস্কাৰ, আৰু অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা।

৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?

উত্তৰঃ সদৌ অসম ৰায়ত সভাৰ গঠন ১৯৩৩ চনৰ ৮ এপ্রিলত মাহত হৈছিল ।

৮। আহোম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰঃ আহােম সভাৰ সম্পাদক পদ্মনাথ গােহাঁইবৰুৱা আছিল ।

৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?

উত্তৰঃ যােৰহাট সার্বজনিক সভা

১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল

১০। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?

উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্র বৰদলৈ আছিল ।

১১। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল ?

উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি বিষ্ণুৰাম মেধি আছিল ।

১২। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল ?

উত্তৰঃ অসমৰ প্রথম প্রধানমন্ত্রী গােপীনাথ বৰদলৈ আৰু ১৯৪৬ চনত  নির্বাচিত হৈছিল ।

১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?

উত্তৰঃ কুশল কোঁৱৰক বৰপথাৰত ৰে’ল বগৰােৱাৰ অপৰাধত  ফাঁচী দিয়া হৈছিল । 

১৪। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত হৈছিল ।

১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?

উত্তৰঃ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰত   নামাংকিত হয় ।

১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?

উত্তৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ।

Scroll to Top