মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

অতি চমু উত্তৰৰ প্ৰশ্ন-

১. মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?

উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত হৈছিল ।

২. সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল ?

উত্তৰঃ সত্যাগ্রহৰ কৌশল গান্ধীয়ে পােন প্রথমতে দক্ষিণ আফ্রিকাত প্রয়ােগ কৰিছিল ।

৩. ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল ?

উত্তৰঃ জালিৱানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্য়াগ কৰিছিল।

৪. কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ।

৫. চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ চৌৰীচৌৰা ঘটনা ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল ।

৬. কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰঃ ছাইমন কমিচনৰ বিৰুদ্ধে লাহোৰত অনুষ্ঠিত ৰাজহুৱা বিক্ষোভৰ সময়ত লাথি চাৰ্জত আহত হৈ লালা লাজপত ৰায়ৰ মৃত্যু হয়।

৭. কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯২৯ চনত লাহোৰত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ।

৮. গান্ধীজীয়ে সৱৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লােণ আইন ভংগ কৰিবলৈ গৈছিল । সৱৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? 

উত্তৰঃ ৩৮৫ কিলোমিটাৰ দূৰত্ব। 

৯. সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰঃ সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা  যায় ।

১০. লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল ? 

উত্তৰঃ লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল ।

১১. ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘােষণা কৰা বৃটিছ প্রধানমন্ত্রীজনৰ নাম কিআছিল ?

উত্তৰঃ ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘােষণা কৰা বৃটিছ প্রধানমন্ত্রীজনৰ নাম হ’ল- ৰামছে মেকডোনাল্ডে ।

১২. কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম ‘ শ্লোগান দিছিল ?

উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম ‘ শ্লোগান দিছিল ।

১৩. আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ কেপ্টেইন সোহন সিং । 

১৪.  “মোক তেজ দিয়া , মই তােমালােকক স্বাধীনতা দিম ” এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ? 

উত্তৰঃ “মোক তেজ দিয়া ,মই তােমালােকক স্বাধীনতা দিম ” এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্র বসুৰ আছিল ।

 ১৫. ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ ৰেখা নামেৰে জনা যায়।

দীঘল উত্তৰৰ প্ৰশ্ন-

১. সত্যাগ্রহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়ােগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা ।

উত্তৰঃ ‘সত্যাগ্রহ’ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্রিকাতে প্রথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভকৰিছিল। এই সন্ধিযুক্ত শব্দটো ‘সত্য’ আৰু ‘আগ্রহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অর্থ ‘সত্যৰ প্রতি আগ্রহ’, অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে, সত্যাগ্রহ কেৱল এক একপক্ষীয় প্রতিবোধ নহয়। ইয়াৰ তাৎপর্য হ’ল- জনতাই গভীৰভাৱে নেৰানেপেবাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰা। সত্যগ্ৰহৰ ভিত্তি হ’ল অহিংসা। 

 যি  তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্রয়ােগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-  

(ক) চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্রদান কৰিছিল।

(খ) খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল ।

(গ) আহমেদাবাদত বঞ্চিত মিল শ্রমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল।

এই প্রতিটো কার্যসূচীতে তেওঁ ‘সত্যাগ্রহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য’ত আদর্শ আছিল সত্য আৰু অহিংসা। 

২. ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?

উত্তৰঃ বহু কাৰণত ভাৰতত খিলাফত আন্দোলন আৰম্ভ হৈছিল। প্ৰথমতে, প্ৰথম বিশ্বযুদ্ধৰ পিছত অট্টোমান সাম্ৰাজ্য ভংগ হোৱাৰ ফলত খিলাফতৰ প্ৰতীকিত ইছলামিক ৰাজনৈতিক আৰু ধৰ্মীয় কৰ্তৃত্বৰ প্ৰতি ভাবুকি আহিছিল। বহু ভাৰতীয় মুছলমানে অনুভূত অন্যায়ৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তদুপৰি ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত জাতীয়তাবাদী আৱেগ বাঢ়ি আহিছিল, যিয়ে আন্দোলনৰ জৰুৰীতাও বৃদ্ধি কৰিছিল। এই সময়ছোৱাত ৰাজনৈতিক চেতনা জাগ্ৰত হৈছিল, যাৰ ফলত ভাৰতীয় মুছলমানসকলৰ মাজত গণ-কাৰ্য্যৰ সূচনা হৈছিল। বিশিষ্ট ব্যক্তিত্বৰ ভূমিকা
মৌলানা মহম্মদ আলী আৰু মৌলানা শৌকত আলীৰ দৰে বিশিষ্ট নেতাই খিলাফত আন্দোলন গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ বিভিন্ন মঞ্চৰ জৰিয়তে সজাগতা বিয়পাইছিল, প্ৰতিবাদ আৰু সভাত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰিছিল। তেওঁৰ এই প্ৰচেষ্টাই ভাৰতীয় মুছলমানসকলৰ মাজত আন্দোলনক এক শক্তিশালী শক্তি হিচাপে গঢ়ি তোলাই নহয়, স্বাধীনতাৰ সংগ্ৰামত সাম্প্ৰদায়িক ব্যৱধান দূৰ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়িবলৈও চেষ্টা কৰিছিল।

৩. ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযােগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?

উত্তৰঃ ১৯২০-২২ চনত গান্ধীজীয়ে অসহযােগ আন্দোলন আৰম্ভ কৰাৰ কেইটামান কাৰণ হৈছে –

(১) প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি; কিয়নো ইয়াৰ ফলত ভাৰতৰ অর্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।
(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্রহণ। এই আইনে সন্ত্রাসবাদৰ সন্দেহত যিকোনো লোককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সর্বব্যাপী প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল।
(৩) ১৯১৯ চনৰ জালিযানৱালাবাগৰ হত্যাকাণ্ড।
(৪) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ।
(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফৎ আন্দোলন।

অসহযোগ আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল। হিন্দু-মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল। নানান ঠাইত বিদেশী বস্তু জ্বলাই দিয়া হৈছিল। বিদেশী বয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ কৰিছিল। বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। শেঠ যমনালাল বাজাজে কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। কংগ্ৰেছে প্ৰায় চল্লিশ লাখ স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল। বিশ হাজাৰ চৰখা (যঁতৰ) নিৰ্মাণ কৰা হৈছিল। নানান ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিবাদবোৰৰ সমাধান ৰাইজৰ আদালতত কৰা হৈছিল। অসহযোগ আন্দোলনৰ খৰচ-পাতিৰ বাবে গঢ়ি তোলা তিলক স্বৰাজ পুঁজিয়ে খুব কম সময়ৰ ভিতৰতে এক কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। মহিলাসকলেও সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰিছিল। জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্ৰায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল। এই আন্দোলনে সমগ্ৰ ভাৰত ব্যাপি অতি প্ৰবল প্ৰভাৱ পেলাইছিল আৰু সফলতা অৰ্জন কৰিছিল। ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত তিনিজন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মৰ্মাহত হোৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে গান্ধীজীয়ে ত্রই আন্দোলন বন্ধ কৰিছিল।

৪. আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ?

৫. কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজানে ? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া ।

৬. ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমুটোকা লিখা। 

Scroll to Top