নিয়ন্ত্ৰণ সমন্বয়

প্ৰশ্নাৱলী-

1. প্রতীপ ক্রিয়া আৰু খোজ কঢ়াৰ মাজত পার্থক্য কি? 

উত্তৰঃ প্রতীপক্রিয়া  আৰু খোজকঢ়াৰ মাজত থকা পার্থক্য:

প্রতীপ ক্রিয়া

খোজকঢ়া

(i) ই এটা অনৈচ্ছিক ক্রিয়া।

(i) ই এটা ঐচ্ছিক ক্রিয়া।

(ii) ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে

(ii) ইয়াক মগজুৱে নিয়ন্ত্ৰণ কৰে

2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্‌ছত কি ঘটে? 

উত্তৰঃ দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত ৰাসায়নিক পদাৰ্থৰ সঞ্চালন ঘটে ।

3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?

উত্তৰঃমগজুৰ চেৰিবেলাম অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ।

4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?

উত্তৰঃ নাকৰ স্নায়ুকোষৰ ডেনড্ৰাইটত অৱস্থিত ঘ্রাণ সংগ্ৰাহকৰ সহায়ত আমি ধূপকাঠিৰ গোন্ধ লওঁ ।

5. প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?

উত্তৰঃ প্রতীপ ক্রিয়াত মগজুৰ কোনো ভূমিকা নাথাকে। ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰন কৰে।

প্ৰশ্নাৱলী-

1. উদ্ভিদৰ সঞ্জীৱনী পদার্থ (Plant Hormone) বিলাক কি কি? 

উত্তৰঃ অক্সিন, জিবাৰেলিন, চাইট’কাইনিন আৰু এবচাইচিক এছিড আদি।

2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?

3. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱো এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।

উত্তৰঃ উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদার্থৰ হ’ল- অক্সিন।

4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে? 

5. জলানুবেগী (Hydrotropism)-ৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা।

প্ৰশ্নাৱলী-

1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
সমাধানঃ প্ৰাণীদেহত  হ’ৰমণৰ সহায়ত ৰাসায়নিক সমন্বয় ঘটে। গ্ৰন্থিৰ দ্বাৰা হৰম’ন নিঃসৰণ হয়। অন্তঃস্ৰাৱী গ্ৰন্থিই হৰম’নৰ জৰিয়তে শাৰীৰিক প্ৰক্ৰিয়া নিয়ন্ত্ৰণ আৰু সমন্বয়ত সহায় কৰে।
2. আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক?

3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়?

4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়?

অনুশীলনী-

1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ?

(a) ইনচুলিন

(b) থাইৰ’ক্সিন

(c) অ’ৱেষ্ট্ৰজেন

(d) চাইট ‘কাইনিন

উত্তৰঃ (d) চাইট ‘কাইনিন।

2. দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কয়— 

(a) ডেনড্রাইট

(b) চাইনেপচ্

(c) এক্সন

(d) প্ৰেৰণা

উত্তৰঃ (b) চাইনেপচ্ ৷

3. মগজুৱে কি কাম কৰে—

(a) ভাব আৰু চিন্তা কৰা

(b) হৃদপিণ্ড স্পন্দন নিয়ন্ত্রণ

(c) দেহৰ সমতা ৰক্ষা

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা ।

4. আমাৰ দেহব গ্রাহক অংগৰ কাম কি? গ্রাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?

5. নিউৰনৰ গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কাৰ্য বর্ণনা কৰা। 

6. উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয়? 

7. স্নায়ুৰজ্জুত আঘাট হলে কেনে বার্তাত ব্যাঘাট ঘটে? 

8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?

9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়োজন?

10. ঐচ্ছিক ক্রিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা?

11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা। 12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি? 

                                                                                                                                                   Updated on: 21-04-2025

Scroll to Top