জীৱন প্ৰক্ৰিয়া

প্ৰশ্নাৱলীঃ

1.মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?

উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিপাশৰ পৰিবেশৰ লগত সান্নিধ্যত নাথাকিবও পাৰে । সেয়েহে মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো পৰ্যাপ্ত নহয়।

2.আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?

উত্তৰঃ আমি কিছুমান মৌলিক জীৱন প্ৰক্ৰিয়াৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰোঁ।

3.জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?

উত্তৰঃ পানী, অক্সিজেন, কাৰ্বন ডাইঅক্সাইড, আৰু খনিজ পদাৰ্থবোৰ জীৱই বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰি লয়, যি জীৱন প্ৰক্ৰিয়াৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ।

4.জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?

উত্তৰঃ জীৱৰ জীৱন বৰ্তি থাকিবলৈ প্ৰয়োজনীয় কিছু মূল প্ৰক্ৰিয়া হ’ল— পুষ্টি, শ্বাস-প্ৰশ্বাস, পৰিবহণ আৰু নিষ্কাশন।

প্ৰশ্নাৱলী

1.স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?

উত্তৰঃ

স্বপোষিত পুষ্টি

পৰপোষিত পুষ্টি

উদ্ভিদে নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰে।

জীৱই উদ্ভিদ বা আন জীৱৰ পৰা খাদ্য লাভ কৰে।

সালোক সংশ্লেষণ বা ৰসায়নিক পোষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে।

অন্য জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ খাদ্য গ্ৰহণ কৰে।

2.সালোক সংশ্লেষণত প্রয়োজনীয় প্রতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায়?

উত্তৰঃ সালোকসংশ্লেষনত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে তলত দিয়াঁ ধৰণে গ্ৰহণ কৰে –
i) পানী – উদ্ভিদে পানী মাটিৰ পৰা শিপাৰ জৰিয়তে গ্ৰহণ কৰে।
ii) কাৰ্বন ডাই অক্সাইড – উদ্ভিদে বায়ুমণ্ডলৰ পৰা পত্ৰৰন্ধ্ৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে।
iii) ক্লৰফিল – উদ্ভিদৰ সেউজীয়া পাতত থাকে।
iv) সূৰ্য্যৰ ৰশ্মি – উদ্ভিদে সূৰ্য্যৰ পৰা দিনৰ ভাগত সূৰ্য্যৰ ৰশ্মি গ্ৰহণ কৰে।

3.আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?

উত্তৰঃ আমাৰ পাকস্থলীত এচিডৰ যথেষ্ট ভূমিকা আছে। যেনে –
i) উৎসেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্যম অব্যাহত ৰাখে।
ii)উৎসেচক বোৰক সক্ৰিয় কৰি ৰাখে আৰু বেক্টেৰিয়া বোৰ ধ্বংস কৰে।
iii) এছিড চেলিভাৰী এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে।

4.পাচক উৎসেচকৰ কাৰ্য কি?

উত্তৰঃ পাচক উৎসেচকৰ কাম হল জটিল খাদ্য ভাঙি শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত কৰা।

5.শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?

উত্তৰঃ সম্পূর্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্রবর্ধক থাকে। এই প্রবর্ধবোৰক ভিলাই (Villi) বুলি কোৱা হয়। ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে। কোষে ইয়াৰ পৰা শক্তি আহৰন কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰ মেৰামতি কৰে ।

প্ৰশ্নাৱলীঃ

1.শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?

উত্তৰঃ শ্বাহ প্ৰস্বাশত অক্সিজেন আহৰণ কৰিব বাবে জলচৰ জীৱতকৈ স্তলচৰ জীৱসমূহৰ যথেষ্ট সুবিধা আছে। বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰিমাণতকৈ বহুত বেছি ।জলচৰ প্ৰাণী সমূহে পোনপটীয়াকৈ বায়ুমণ্ডলৰ পৰা অক্সিজেন আহৰণ কৰি লব নোৱাৰে জলচৰ প্ৰাণী সমূহে পানীত মিহলি হৈ থকা অক্সিজেন ভাগ হে গ্ৰহণ কৰে।আনহাতে স্থলচৰ প্ৰাণী সমূহে পোনপটীয়াকৈ ময়ুমণ্ডলৰ পৰা অক্সিজেন আহৰণ কৰিব পাৰে।
2.কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?

উত্তৰঃ কিছুমান অণুজীৱই গ্লুকুচ জাৰিত কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে আনহাতে কিছুমান অণুজীৱই গ্লুকুচ জাৰিট কৰিবলৈ অক্সিজেন ব্যৱহাৰ নকৰে ।তলত বিভিন্ন জীৱৰ গ্লুকুচ অণুৰ যাৰণ প্ৰক্ৰিয়া উল্লেখ কৰা হল –

3.মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?

উত্তৰঃ মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ তেজৰ দ্বাৰা হয়।তেজত থকা লোহিত ৰক্ত কণিকাৰ স্বাশৰঞ্জক পদাৰ্থ হিমগ্লবিনে অক্সিজেন কঢ়িয়াই নিয়ে আৰু কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয়।

4.প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?

উত্তৰঃ হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ (alveoli) বুলি কোৱা হয়। বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে। উশাহ লোৱাৰ সময়ত আমাৰ কামি হাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছদা (diaphragm) খন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কার্বন ডাই অক্সাইড বায়ু কোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। উশাহৰ সময়ত বায়ু গ্রহণ আৰু নিশাহত এৰি দিওঁতে হাঁওফাঁওত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে। সেইকাৰণে নির্দিষ্ট পৰিমাণৰ অক্সিজেন গ্রহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে।

অনুশীলনীঃ

1. মানুহৰ পৰিৱহণ তন্ত্ৰৰ মূখ্য ভাগকেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?

উত্তৰ: মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ তিনিটা। যেনে –

i)হৃদপিণ্ড

ii) ৰক্ত

iii) ৰক্তনলীৰ জালিকা

এইসমূহৰ কাৰ্য সমূহ হল –

i) হৃদপিণ্ড – হৃদপিণ্ডৰ মুখ্য কাম হল শৰীৰৰ প্ৰত্যেক অংগলৈ তেজ পৰিবহন কৰা।

ii)ৰক্ত – ইয়াৰ মুখ্য কাম হল বিভিন্ন প্ৰয়োজনীয় দ্ৰব্য যেনে – পাচিত খাদ্য, অক্সিজেন , কাৰ্বন ডাই অক্সাইড ,নাইট্ৰজেনজাতীয় ৰেচন পদাৰ্থ ,লৱণ আদিৰ পৰিবহণ কৰা।

iii) ৰক্তনলীৰ জালিকা – ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়াই আকৌ শিৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি হৃদপিণ্ডলৈ ঘূৰাই আনে ।

2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?

উত্তৰ: পক্ষী আৰু স্তন্যপায়ী প্ৰণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়, যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আবশ্যক।আনে প্ৰাণীৰ উষ্ণতা বাহিৰৰ পৰিবেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে ।এই উদ্দেশ্যে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰখাৰ প্ৰয়োজন হয়।

3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি?

উত্তৰ: উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংশসমূহ হল –
জাইলেম আৰু ফ্লুৱেম ।

4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?

উত্তৰ: উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱনৰ পৰিবহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়।জাইলেম কলাৰ নলিকা, (ট্রেকাইড) বিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পর্শ কৰি থাকে সেইবিলাকে সক্রিয়ভাবে আয়নবিলাক গ্রহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়েহে, এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ইয়াৰ ফলত, শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে ।

5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহণ ঘটে?

উত্তৰ: উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহন ফ্লুৱেম কলৈ সংঘটিত কৰে।জাইলেম কলাৰ যোগেদি হোৱা সংবহন আৰু ফ্লুৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়া দুটা আকে নহয়, জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্ল’ৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্রমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয়। চুক্রুজ (Sucrose) ৰ দৰে পদার্থবিলাক ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰণ হওঁতে ATP ৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে। ইয়াৰদ্বাৰা ফ্ল’ৱেমৰ আসৃতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে। এই চাপৰ সহায়তে পদার্থবিলাক কম চাপযুক্ত ফ্ল’ৱেম কলালৈ গতি কৰে। ইয়াৰ ফলতে উদ্ভিদ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ ফ্ল’ৱেম কলাই পদাৰ্থৰ বা খাদ্যৰ সংবহন ঘটায়।

প্ৰশ্নৱালী-

1. নেফ্ৰনৰ গঠন আৰু কাৰ্য্যৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰ: নেফ্রনৰ গঠন : – i) গ্লমেৰুলাছ :- ই বমেনৰ সম্পুতৰ পৰা উৎপন্ন আৰু এপিঠেলিয়েল লাইনিঙৰ দ্বাৰা আবৃত।

ii)বমেনৰ সম্পুত :- ই পিয়লা আকৃতিৰ আৰু বন্ধ মূৰত থাকে।

iii)সমীপবৰ্তী সংবলিত নলিকা :- ই কন্দলী আকাৰৰ নলিকাই বৃক্কীয় নলীকাৰ প্ৰথম অংশত সৃষ্টি কৰে।

iv) কণ্ডলী:- ই বৃক্কিয় নলীকাৰ মাজৰ অংশ সৃষ্টি কৰে ।ই ইংৰাজী U আখৰৰ দৰে।

v) সংগ্ৰহী নলীকা:- ই বৃক্কৰ পেলভিচলৈ যায়।ইয়াৰ পৰা মূত্ৰ নলিলৈ পেচাপ প্ৰবাহিত কৰে।

নেফ্ৰণৰ কাৰ্য:

প্ৰাণীৰ দেহত থকা প্ৰধান ৰেচন অংগ হৈছে নেফ্রণ। নেফ্রনবোৰে প্ৰাথমিক অৱস্থাত গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকী লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। দেহত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদার্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিশোষণ কৰি লয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্র নেফ্ৰনৰ দীঘল নলীকা মূত্রনলীলৈ সোমাই আহে। মূত্রনলীয়ে বৃক্কদুটা মূত্রথলীৰ লগত সংযুক্ত কৰি ৰাখে। মূত্র মূত্রথলীত জমা হৈ থাকে। মুত্রথলীৰ চাপৰ ফলত মূত্ৰনলীৰে মূত্ৰ বাহিৰ ওলাই আহে।

2. উদ্ভিদে কি কি ধৰণে আৱৰ্জনা নিৰ্গত কৰে?

উত্তৰ: i) উদ্ভিদে পত্ৰৰন্ধ্ৰৰ যোগেদি ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ দেহৰ পৰা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বাহিৰলৈ ওলাই দিয়ে।
ii)উদ্ভিদে প্ৰসেদন প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ দেহৰ পৰা অতিৰিক্ত পানী বাহিৰলৈ ওলাই দিয়ে।

3. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰ: মূত্র উৎপন্ন পৰিমাণ (urine output) কিডনীয়ে নিয়ন্ত্ৰণ কৰে। কিডনি দেহৰ পানী আৰু লবণৰ সঠিক সমতোল বজাই ৰাখিবলৈ মূত্রৰ পৰিমাণ কম-বেছি কৰে। মূত্র উৎপন্ন নিয়ন্ত্ৰণ হোৱাৰ কেইবাটাও উপায় আছে —

মূত্র উৎপন্ন নিয়ন্ত্ৰণৰ উপায়-

1. হৰমোন দ্বাৰা নিয়ন্ত্ৰণ

ADH (Antidiuretic Hormone/Vasopressin):

এই হৰমোন মগজুৰ hypothalamus আৰু pituitary gland ৰ পৰা নিৰ্গত হয়।

পানী কম হ’লে ADH বেছি হ’ব → কিডনীয়ে পানী পুনঃশোষণ কৰে → মূত্র কম হয়।

2. পানীৰ পৰিমাণ অনুসৰি

অধিক পানী খালে → মূত্র বেছি হয়।

পানী কম খালে → মূত্র কম হয়।

অনুশীলনী-

  1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ 一

(a) পৰিপুষ্টি

(b) শ্বসন

(c) ৰেচন

(d) পৰিবহন

উত্তৰঃ (c) ৰেচন।

2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল 一

(a) পানীৰ পৰিবহন

(b) খাদ্যৰ পৰিবহন

(c) এমিন’ এছিডৰ পৰিবহন

(d) অক্সিজেনৰ পৰিবহন

উত্তৰঃ (a) পানীৰ পৰিবহন।

  1. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় 一

(a) কাৰ্বন ডাই অক্সাইড আৰু পানী

(b) পত্ৰহৰিৎ

(c) সূৰ্যৰ পোহৰ

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

4. পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় 一

(a) চাইট’প্লাজমত

(b) মাইট’কন্ড্ৰিয়াত

(c) ক্ল’ৰপ্লাষ্টত

(d) কোষকেন্দ্ৰত

উত্তৰঃ (b) মাইট’কন্ড্ৰিয়াত।

6. পাচনত লালটিৰ ভূমিকা কি?

উত্তৰ:  পাচনত লালটিৰ যথেষ্ট ভূমিকা আছে। লালতিয়ে খাদ্যৰ জটিল অংশবোৰক সৰল অৱস্থালৈ পৰিবৰ্তন কৰে।লালটি গ্ৰন্থি নিঃসৰণ কৰা লালটিৰ লগত খাদ্য বস্তু মিহলি হয় আৰু ইয়াৰ ফলত খাদ্য বস্তু গেলিবলৈ সহজ হয়।

7. স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?

উত্তৰ: স্বপোষীত পুষ্টিৰ কাৰণে কাৰ্বন ডাই অক্সাইড, পানী ,পত্ৰহৰিত,আৰু সূৰ্য্যৰ পোহৰ প্ৰয়োজন হয় ।

ইয়াৰ উপজাত পদাৰ্থ বোৰ হল – পানী আৰু অক্সিজেন ।

8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।

উত্তৰ: সবাত আৰু অবাত শ্বাসনৰ মাজত পাৰ্থক্য হল –

i) সবাত শ্বসন অক্সিজেনৰ উপস্থিতি সংঘটিত হয়।

আনহাতে অবাট শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়।

ii) সবাত শ্বসন বহুকোষী জীৱৰ দেহত সংঘটিত হয়।

আনহাতে, অবাত শ্বসন এককোষী জীৱৰ দেহত সংঘটিত হয়।

iii) সবাত শ্বসন কোষপ্ৰৰস আৰু মাইটকন্দ্ৰীয়াত সংঘটিত হয়।

আনহাতে, অবাত শ্বসন কোষপ্ৰৰসত সংঘটিত হয়।

সবাত শ্বসন কৰা প্ৰাণীৰ নাম হল – মানুহ।

অবাত শ্বসন কৰা প্ৰাণীৰ নাম হল – ইষ্ট।

9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাক কেনেকৈ গঠিত হৈছে?

উত্তৰ: হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ (alveoli) বুলি কোৱা হয়। বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে।উশাহ লোৱাৰ সময়ত আমাৰ কামি হাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছদা (diaphragm) খন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কার্বন ডাই অক্সাইড বায়ু কোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। উশাহৰ সময়ত বায়ু গ্রহণ আৰু নিশাহত এৰি দিওঁতে হাঁওফাঁওত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে। সেইকাৰণে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে।

10. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?

উত্তৰ: আমাৰ দেহত হিমগ্লবিনৰ পৰিমাণ কমি গলে শ্বসন প্ৰক্ৰিয়া সঠিক ভাৱে নচলিব।ইয়াৰ ফলত দেশত সঠিক পৰিমাণৰ শক্তি উৎপন্ন নহব আৰু আমাৰ জীৱন প্ৰক্ৰিয়া সমূহৰ কাৰ্যত বাধা আহি পৰিব।

11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?

উত্তৰ: মানুহৰ দেহত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হবলৈ হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হব লাগে ।তেজৰ আনে পৰিবহনক দ্বৈত পৰিবহন বোলে।মানুহৰ দেহৰ বিভিন্ন অংশসমূহৰ পৰা অক্সিজেন বিহীন তেজ হৃদযন্ত্ৰৰ সোঁ – অলিন্দত প্ৰবেশ কৰে তাৰ পিছত ই সোঁ নিলয়ত প্ৰবেশ কৰে আৰু তাৰ পিছত ই হাওফাওঁলৈ জাই আৰু তাত তেজ সমূহ অক্সিজেন যুক্ত হয়।এই অক্সিজেন যুক্ত তেজ সমূহ পিছত বাওঁ অলিন্দত প্ৰবেশ কৰে আৰু পিছত বাওঁ নিলয়ত প্ৰবেশ কৰি দেহৰ সকলো অংশলৈ যায়।

ইয়াৰ প্ৰয়োজনীয়তা সমূহ হল –

i) দ্বৈত পৰিবহন তন্ত্ৰই অক্সিজেন যুক্ত আৰু অক্সিজেন বিহীন তেজক পৃথক কৰি ৰাখে ।

ii ) দেহৰ সকলো অংশলৈ সঠিক পৰিমাণে অক্সিজেন যোগান ধৰাত সুনিশ্চিত কৰে।

12. জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?

উত্তৰ: জাইলেম আৰু ফ্লু’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যসমূহ হল –

i) জাইলেম কলাই উদ্ভিদৰ দেহৰ পানী আৰু খনিজ লৱণ পৰিবহন কৰে।

আনহাতে , ফ্লু’ৱেম কলাই উদ্ভিদৰ দেহৰ খাদ্যৰ পৰিবহন কৰে।

ii) জাইলেমৰ পৰিবহন একমুখী হয়।

আনহাতে , ফ্লু’ৱেমৰ পৰিবহন বহুমুখী।

13. হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।

উত্তৰ: হাওঁ ফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্রনৰ গঠনৰ আৰু কাৰ্যৰ মাজৰ তুলনা সমূহ হল –

গঠন ভিক্তিক :

i) বায়ুকোষ বিলাক হল হাওঁ ফাঁওৰ ভিতৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগ। আনহাতে , নেফ্ৰণ হল নলীকা সদৃশ।

ii) বায়ুকোষবোৰ ই আকৃতিত মুনৰ দৰে। আনহাতে, নেফ্ৰনবোৰ চুঙা আকৃতিৰ ।

iii)বায়ুকোষৰ বেৰ ডাঠ। আনহাতে , নেফ্রণৰ বেৰবোৰ পাতল

কাৰ্য্ভিত্তিক :

i)হাওঁ ফাঁও বায়ু কোষ বিলাকৰ দ্বাৰা প্ৰচুৰ পৰিমাণে গেছৰ বিনিময় হয়। আনহাতে , বৃক্কৰ নেফ্রন ছেকাত সহায় কৰে।

ii) বায়ুকোষবোৰ শ্বসন কাৰ্যত অৰিহণা যোগায়।
আনহাতে নেফ্রণে ৰেচন কাৰ্যত অৰিহণা যোগায়।

Scroll to Top