জীৱন প্ৰক্ৰিয়া

 ১. পাঠভিত্তিক প্ৰশ্নাৱলী আৰু সমাধান (In-Text Questions & Answers)

■ প্ৰশ্নাৱলী – ১ (পৃষ্ঠা ৯৫)  

প্ৰশ্ন ১: মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰাটো কিয় পৰ্যাপ্ত নহয়?

উত্তৰ: এককোষী জীৱৰ সমগ্ৰ দেহটো পৰিবেশৰ প্ৰত্যক্ষ সংস্পৰ্শত থাকে, সেয়েহে সিহঁতে ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা সহজে গেছৰ আদান-প্ৰদান কৰিব পাৰে।
কিন্তু মানুহকে ধৰি বহুকোষী জটিল জীৱৰ শৰীৰৰ কোটি কোটি কোষ পৰিবেশৰ প্ৰত্যক্ষ সংস্পৰ্শত নাথাকে। ইহঁতৰ দেহৰ আকাৰ বৃহৎ আৰু জটিল কলা-অংগতন্ত্ৰৰে গঠিত। কেৱল ব্যাপন প্ৰক্ৰিয়াৰে শৰীৰৰ গভীৰতাত থকা প্ৰতিটো কোষলৈ অক্সিজেন পৰিবহন কৰাটো অত্যন্ত লেহেমীয়া । সেয়েহে বহুকোষী জীৱৰ বাবে সুকীয়া শ্বসন আৰু ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন হয়।

প্ৰশ্ন ২: কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?

উত্তৰ: কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিবলৈ তলৰ লক্ষণসমূহ বিবেচনা কৰা হয়:

  1. অদৃশ্য আণৱিক চলন (Molecular movements): জীৱিত জীৱৰ কোষ আৰু কলাৰ ভিতৰত অহৰহ আণৱিক চলন আৰু মেৰামতি কাৰ্য চলি থাকে।

  2. জীৱন ক্ৰিয়াৰ উপস্থিতি: জীৱিত জীৱই পৰিপুষ্টি, শ্বসন, পৰিবহন, বৃদ্ধি আৰু ৰেচন কাৰ্য সম্পাদন কৰে।

  3. উত্তেজনাৰ প্ৰতি সঁহাৰি: জীৱই পৰিবেশীয় উদ্দীপনা অনুভৱ কৰিব পাৰে আৰু তাৰ প্ৰতি সঁহাৰি জনায়।

প্ৰশ্ন ৩: জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰি লয়?

উত্তৰ: জীৱই বাহিৰৰ পৰিবেশৰ পৰা তলৰ কেঁচা সামগ্ৰীসমূহ আহৰণ কৰে:

  1. খাদ্য / কাৰ্বনযুক্ত উৎস: শক্তি লাভৰ বাবে (উদ্ভিডে কাৰ্বন ডাইঅক্সাইড আৰু প্ৰাণীয়ে জৈৱিক খাদ্য গ্ৰহণ কৰে)।

  2. অক্সিজেন: খাদ্যৰ জাৰণ ঘটাই কোষীয় শক্তি (ATP) উৎপন্ন কৰিবলৈ।

  3. পানী: খাদ্য পাচন, দ্ৰৱীভূতকৰণ আৰু দেহৰ জৈৱ-ৰাসায়নিক বিক্ৰিয়াৰ মাধ্যম হিচাপে।

  4. খনিজ লৱণ (যেনে- নাইট্ৰ’জেন, ফছফৰাছ, আইৰণ আদি): উদ্ভিদৰ শৰীৰ গঠন আৰু প্ৰ’টিন সংশ্লেষণৰ বাবে।

প্ৰশ্ন ৪: জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?

উত্তৰ: জীৱন বৰ্তি থাকিবলৈ প্ৰয়োজনীয় মৌলিক জীৱন প্ৰক্ৰিয়াসমূহ হ’ল:

  1. পৰিপুষ্টি (Nutrition)

  2. শ্বসন (Respiration)

  3. পৰিবহন (Transportation)

  4. ৰেচন (Excretion)

  5. নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination)

■ প্ৰশ্নাৱলী – ২ (পৃষ্ঠা ১০১)

প্ৰশ্ন ১: স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?

উত্তৰ: স্বপোষিত পুষ্টি (Autotrophic nutrition) আৰু পৰপোষিত পুষ্টিৰ (Heterotrophic nutrition) মাজৰ পাৰ্থক্য:

বৈশিষ্ট্য

স্বপোষিত পুষ্টি (Autotrophic)

পৰপোষিত পুষ্টি (Heterotrophic)

খাদ্য সংশ্লেষণ

সৰল অজৈৱিক উপাদান (CO₂ আৰু পানী) আৰু সূৰ্যৰ পোহৰৰ সহায়ত নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰে।

নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে; খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্বপোষী জীৱৰ ওপৰত নিৰ্ভৰ কৰে।

পত্ৰহৰিৎ

পত্ৰহৰিৎ (Chlorophyll) অপৰিহাৰ্য।

পত্ৰহৰিৎ নাথাকে।

শক্তিৰ উৎস

সৌৰশক্তি ব্যৱহাৰ কৰে।

আন জীৱৰ পৰা ৰাসায়নিক শক্তি আহৰণ কৰে।

উদাহৰণ

সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া।

সকলো প্ৰাণী, ভেঁকুৰ, মানুহ আদি।

প্ৰশ্ন ২: সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায়?

উত্তৰ:

  1. কাৰ্বন ডাইঅক্সাইড (CO₂): বায়ুমণ্ডলৰ পৰা পাতত থকা পত্ৰৰন্ধ্ৰৰ (Stomata) জৰিয়তে ব্যাপন প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে।

  2. পানী (H₂O): মাটিৰ পৰা শিপাৰ জাইলেম কলাৰ দ্বাৰা শোষণ কৰে।

  3. সূৰ্যৰ পোহৰ: সূৰ্যৰ পৰা বিকিৰণ আকাৰে প্ৰত্যক্ষভাৱে লাভ কৰে।

  4. পত্ৰহৰিৎ (Chlorophyll): উদ্ভিদৰ পাতৰ কোষত থকা ক্ল’ৰ’প্লাষ্ট (হৰিৎকণা) নামৰ কোষ অংগাণুত প্ৰাকৃতিকভাৱে থাকে।

প্ৰশ্ন ৩: আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?

উত্তৰ: পাকস্থলীত থকা হাইড্ৰ’ক্লৰিক এছিডৰ (HCl) প্ৰধান ভূমিকাসমূহ হ’ল:

  1. ই খাদ্যৰ সৈতে শৰীৰত প্ৰৱেশ কৰা ক্ষতিকাৰক বেক্টেৰিয়া আৰু বীজাণু ধ্বংস কৰে।

  2. ই এক আম্লিক মাধ্যম সৃষ্টি কৰে, যিয়ে নিষ্ক্ৰিয় পেপচিন’জেনক সক্ৰিয় পেপচিন (Pepsin) উৎসেচকলৈ ৰূপান্তৰিত কৰি প্ৰ’টিন পাচনত সহায় কৰে।

  3. ই খাদ্যক কোমল আৰু অৰ্ধ-পাচিত কৰি পৰৱৰ্তী পাচনৰ বাবে উপযোগী কৰে।

প্ৰশ্ন ৪: পাচক উৎসেচকৰ কাৰ্য কি?

উত্তৰ:
পাচক উৎসেচকবোৰ (যেনে- লালটি এমাইলেজ, পেপচিন, ট্ৰিপচিন, লাইপেজ) জৈৱ-অনুঘটক হিচাপে কাৰ্য কৰে। ইহঁতে আমি খোৱা জটিল, অদ্ৰৱণীয় আৰু বৃহৎ খাদ্য অণুসমূহক (যেনে- শ্বেতসাৰ, প্ৰ’টিন, চৰ্বি) ৰাসায়নিকভাৱে ভাঙি সৰল, দ্ৰৱণীয় আৰু ক্ষুদ্ৰ অণুলৈ (যেনে- গ্লুক’জ, এমিন’ এছিড, ফেটি এছিড আৰু গ্লিচাৰল) ৰূপান্তৰিত কৰে যাতে অন্ত্ৰৰ বেৰে সহজে শোষণ কৰি তেজত মিহলাব পাৰে।

প্ৰশ্ন ৫: শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্ত্ৰত খাদ্য কেনেকৈ পাচন হয়?

উত্তৰ:

  1. ক্ষুদ্ৰান্ত্ৰৰ বেৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ আঙুলি সদৃশ প্ৰৱৰ্ধ থাকে, যাক ভিলাই (Villi) বোলে। এই ভিলাইবোৰে পাচিত খাদ্য শোষণৰ বাবে আভ্যন্তৰীণ পৃষ্ঠকালি বহুগুণে বৃদ্ধি কৰে।

  2. ভিলাইবোৰ অসংখ্য সূক্ষ্ম ৰক্ত কেশিকাৰে (Blood capillaries) আবৃত হৈ থাকে।

  3. পাচিত সৰল খাদ্যবোৰ (গ্লুক’জ, এমিন’ এছিড) ভিলাইৰ পাতল বেৰৰ মাজেৰে ব্যাপন প্ৰক্ৰিয়াৰে তেজৰ ৰক্তনলীত প্ৰৱেশ কৰে আৰু লসিকাই চৰ্বি শোষণ কৰি সমগ্ৰ শৰীৰৰ কোষবোৰলৈ কঢ়িয়াই লৈ যায়।

■ প্ৰশ্নাৱলী – ৩ (পৃষ্ঠা ১০৫)

প্ৰশ্ন ১: শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি?

উত্তৰ:
পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণতকৈ বহুগুণে কম। সেয়েহে জলচৰ প্ৰাণীবোৰে (যেনে- মাছে) প্ৰয়োজনীয় অক্সিজেন পাবলৈ অতি দ্ৰুতগতিত শ্বাস ল’বলগীয়া হয়।
আনহাতে, স্থলচৰ প্ৰাণীয়ে বায়ুমণ্ডলৰ পৰা প্ৰচুৰ পৰিমাণে অক্সিজেন পোনপটীয়াকৈ লাভ কৰে। সেয়েহে স্থলচৰ জীৱই কম কষ্টৰে আৰু স্বাভাৱিক গতিত সহজে পৰ্যাপ্ত অক্সিজেন আহৰণ কৰিব পাৰে।

প্ৰশ্ন ২: কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?

উত্তৰ: গ্লুক’জ (৬-কাৰ্বনযুক্ত) প্ৰথমে কোষপ্ৰৰসত ভাঙি ৩-কাৰ্বনযুক্ত পাইৰুভেট আৰু শক্তি উৎপন্ন কৰে। ইয়াৰ পিছত তলৰ তিনিটা পথেৰে শক্তি মুক্ত হয়:

  1. অক্সিজেনৰ অনুপস্থিতিত (ইষ্টৰ কিণ্ণনত / অবাত শ্বসন):
    পাইৰুভেট ➔ ইথানল + কাৰ্বন ডাইঅক্সাইড + শক্তি (কম পৰিমাণৰ)

  2. অক্সিজেনৰ অভাৱত (মানুহৰ পেশীকোষত তীব্ৰ পৰিশ্ৰমৰ সময়ত):
    পাইৰুভেট ➔ লেক্টিক এছিড + শক্তি (ইয়াৰ ফলত পেশীত শিৰামূৰি বা ক্ৰেম্প ধৰে)

  3. অক্সিজেনৰ উপস্থিতিত (মাইট’কণ্ড্ৰিয়াত / সবাত শ্বসন):
    পাইৰুভেট ➔ কাৰ্বন ডাইঅক্সাইড + পানী + শক্তি (বিপুল পৰিমাণৰ ATP)

প্ৰশ্ন ৩: মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইড কেনেকৈ পৰিবহন হয়?

উত্তৰ:

  • অক্সিজেনৰ পৰিবহন: হাঁওফাঁওৰ পৰা অক্সিজেন তেজৰ লোহিত ৰক্তকণিকাত থকা ৰঞ্জক পদাৰ্থ হিম’গ্ল’বিনৰ (Haemoglobin) সৈতে বান্ধ খাই অক্সি-হিম’গ্ল’বিন গঠন কৰে আৰু দেহৰ সকলো কলা-কোষলৈ পৰিবাহিত হয়।

  • কাৰ্বন ডাইঅক্সাইডৰ পৰিবহন: কাৰ্বন ডাইঅক্সাইড অক্সিজেনতকৈ পানীত অধিক দ্ৰৱণীয়। সেয়েহে দেহৰ কোষবোৰত উৎপন্ন হোৱা CO₂ তেজৰ প্লাজমাত দ্ৰৱীভূত হৈ (বাইকাৰ্বনেট হিচাপে) হাঁওফাঁওলৈ পৰিবাহিত হয় আৰু নিশাহত বাহিৰ ওলাই যায়।

প্ৰশ্ন ৪: প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?

উত্তৰ:

  1. হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল বাৰে বাৰে শাখাত বিভক্ত হৈ সৰু সৰু ব্ৰংকাই আৰু ব্ৰংকিঅ’ল গঠন কৰে, যাৰ শেষ প্ৰান্তত লাখ লাখ বেলুন সদৃশ বায়ুকূপ বা বায়ুকোষ (Alveoli) থাকে।

  2. এই বায়ুকূপবোৰৰ পৃষ্ঠভাগ মেলি দিলে প্ৰায় ৮০ বৰ্গমিটাৰ (80 m²) বিস্তৃত এলেকা জুৰি থাকে, যিয়ে গেছ বিনিময়ৰ বাবে বিশাল পৃষ্ঠকালি প্ৰদান কৰে।

  3. বায়ুকূপবোৰৰ বেৰ অতিশয় পাতল আৰু অসংখ্য ৰক্ত কেশিকাৰ জালিকাৰে আবৃত, যাৰ ফলত তেজ আৰু বায়ুৰ মাজত অতি সহজে আৰু দ্ৰুতভাৱে O₂ আৰু CO₂ ৰ ব্যাপন সম্পন্ন হয়।

■ প্ৰশ্নাৱলী – ৪ (পৃষ্ঠা ১১০)

প্ৰশ্ন ১: মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?

উত্তৰ: মানুহৰ ৰক্ত সংবহন তন্ত্ৰৰ মুখ্য ভাগ তিনিটা:

  1. হৃদযন্ত্ৰ (Heart): ই এক পাম্পিং অংগ, যিয়ে সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা সমগ্ৰ শৰীৰত তেজৰ নিৰন্তৰ প্ৰবাহ বৰ্তাই ৰাখে।

  2. তেজ (Blood): ই এবিধ তৰল সংযোজক কলা. ইয়াৰ প্লাজমা আৰু ৰক্তকণিকাই অক্সিজেন, খাদ্য, হৰম’ন আৰু বৰ্জিত পদাৰ্থ পৰিবহন কৰে।

  3. ৰক্তনলীকা (Blood Vessels):

    • ধমনী: হৃদযন্ত্ৰৰ পৰা বিশুদ্ধ তেজ শৰীৰৰ অংগলৈ নিয়ে।

    • সিৰা: শৰীৰৰ বিভিন্ন অংশৰ পৰা অশুদ্ধ তেজ হৃদযন্ত্ৰলৈ ঘূৰাই আনে।

    • ৰক্ত কেশিকা: কোষৰ সৈতে পদাৰ্থৰ প্ৰত্যক্ষ আদান-প্ৰদান ঘটায়।

প্ৰশ্ন ২: পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?

উত্তৰ:
পক্ষী আৰু স্তন্যপায়ী প্ৰাণীসমূহ হ’ল উষ্ণৰক্তী প্ৰাণী (Warm-blooded animals). ইহঁতে পৰিবেশৰ উষ্ণতা যিয়েই নহওক কিয়, নিজৰ শৰীৰৰ উষ্ণতা সদায় এক নিৰ্দিষ্ট মাত্ৰাত স্থিৰ কৰি ৰাখিবলগীয়া হয়। ইয়াৰ বাবে ইহঁতক নিৰন্তৰ বিপুল পৰিমাণৰ শক্তি আৰু প্ৰচুৰ অক্সিজেনৰ প্ৰয়োজন।
হৃদযন্ত্ৰত চাৰিটা কোঠালিৰ সহায়ত অক্সিজেনযুক্ত (বিশুদ্ধ) আৰু অক্সিজেনবিহীন (অশুদ্ধ) তেজ সম্পূৰ্ণ পৃথক কৰি ৰাখিলে দেহৰ কোষসমূহলৈ অতি কাৰ্যদক্ষভাৱে সৰ্বোচ্চ মাত্ৰাত অক্সিজেন যোগান সম্ভৱ হয়।

প্ৰশ্ন ৩: উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত থকা অংশসমূহ কি কি?

উত্তৰ: উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰ দুবিধ সংবহন কলাৰে গঠিত:

  1. জাইলেম কলা (Xylem): ট্ৰেকাইড, জাইলেম নলীকা, জাইলেম পেৰেনকাইমা আৰু জাইলেম আঁহেৰে গঠিত (পানী আৰু খনিজ লৱণ পৰিবহন কৰে)।

  2. ফ্ল’ৱেম কলা (Phloem): চালনি নলীকা, সংগী কোষ, ফ্ল’ৱেম পেৰেনকাইমা আৰু ফ্ল’ৱেম আঁহেৰে গঠিত (খাদ্য সংবহন কৰে)।

প্ৰশ্ন ৪: উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?

উত্তৰ:

  1. শিপাৰ কোষে মাটিৰ পৰা সক্ৰিয়ভাৱে আয়ন শোষণ কৰাৰ ফলত শিপা আৰু মাটিৰ মাজত গাঢ়তাৰ পাৰ্থক্য সৃষ্টি হয়, যাৰ বাবে পানী আসৃতি প্ৰক্ৰিয়াৰে শিপাৰ জাইলেমত প্ৰৱেশ কৰি মূলজ চাপ (Root pressure) সৃষ্টি কৰে।

  2. দিনৰ ভাগত পাতৰ পত্ৰৰন্ধ্ৰৰ জৰিয়তে পানী বাষ্পাকাৰে ওলাই যোৱা প্ৰক্ৰিয়াক বাষ্পমোচন (Transpiration) বোলে। এই বাষ্পমোচনে জাইলেম নলীত এক শক্তিশালী উৰ্ধ্বমুখী শোষণ বলৰ (Transpirational pull) সৃষ্টি কৰে, যাৰ সহায়ত মাটিৰ পৰা পানী আৰু খনিজ লৱণ ওখ ওখ গছৰ ডাল-পাতলৈ নিৰৱচ্ছিন্ন স্তম্ভ হিচাপে ওপৰলৈ উঠি যায়।

প্ৰশ্ন ৫: উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে?

উত্তৰ:
পাতত সালোক সংশ্লেষণত প্ৰস্তুত হোৱা দ্ৰৱণীয় খাদ্যসমূহ (চুক্ৰ’জ) ফ্ল’ৱেম কলাৰ চালনি নলীকা আৰু সংগী কোষৰ জৰিয়তে উদ্ভিদৰ সকলো অংশলৈ পৰিবাহিত হোৱা প্ৰক্ৰিয়াক খাদ্য স্থানান্তৰণ (Translocation) বোলে।
এই প্ৰক্ৰিয়াত ATP ৰ পৰা শক্তি ব্যৱহাৰ কৰি খাদ্য ফ্ল’ৱেমত ভৰোৱা হয়, যাৰ ফলত আসৃতি চাপ বৃদ্ধি পাই পানী তাত প্ৰৱেশ কৰে। এই উচ্চ চাপে খাদ্যখিনিক কম চাপযুক্ত কলাবোৰলৈ (যেনে- শিপা, ফল, ফুল) উৰ্ধ্বমুখী আৰু অধোমুখী দুয়ো দিশতে প্ৰেৰণ কৰে।

■ প্ৰশ্নাৱলী – ৫ (পৃষ্ঠা ১১২)

প্ৰশ্ন ১: নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।

উত্তৰ:

  • গঠন: বৃক্কৰ গঠনগত আৰু কাৰ্যগত এককক নেফ্ৰন (Nephron) বোলে। ইয়াৰ প্ৰধান অংশসমূহ হ’ল:

    1. ব’মেনৰ কেপচুল (Bowman’s capsule): এটা কাপ সদৃশ অংশ, যাৰ ভিতৰত ৰক্ত কেশিকাৰ এক থুপ থাকে যাক গ্ল’মেৰুলাছ (Glomerulus) বোলে।

    2. বৃক্কীয় নলীকা (Renal tubule): কেপচুলৰ পৰা ওলোৱা পেচ খোৱা দীঘল নলীকা (হেনলীৰ লুপসহ)।

    3. সংগ্ৰাহী নলীকা (Collecting duct): য’ত উৎপন্ন হোৱা মূত্ৰ জমা হয়।

  • কাৰ্য: গ্ল’মেৰুলাছত উচ্চ চাপত তেজ পৰিস্ৰাৱণ (Ultra-filtration) হৈ প্ৰাথমিক মূত্ৰ ব’মেনৰ কেপচুলত পৰে। নলীকাৰে যোৱাৰ সময়ত লাগতিয়াল বস্তু যেনে গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু প্ৰয়োজনীয় পানী পুনৰ ৰক্ত কেশিকাত অধিশোষণ (Selective reabsorption) হয়। বাকী থকা ইউৰিয়া আৰু বৰ্জিত পদাৰ্থ মূত্ৰ হিচাপে সংগ্ৰাহী নলীলৈ যায়।

প্ৰশ্ন ২: উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে?

উত্তৰ: উদ্ভিদে তলৰ উপায়সমূহৰ দ্বাৰা বৰ্জিত পদাৰ্থ নিষ্কাশন কৰে:

  1. সালোক সংশ্লেষণৰ বৰ্জিত গেছ অক্সিজেন (O₂) আৰু শ্বসনৰ কাৰ্বন ডাইঅক্সাইড (CO₂) পত্ৰৰন্ধ্ৰৰে বাহিৰ কৰি দিয়ে।

  2. অতিৰিক্ত পানী বাষ্পমোচন প্ৰক্ৰিয়াৰে বায়ুমণ্ডললৈ এৰি দিয়ে।

  3. পুৰণি মৃত কোষ আৰু শুকান হালধীয়া পাত সৰোৱাই বৰ্জিত পদাৰ্থ ত্যাগ কৰে।

  4. কিছুমান বৰ্জিত পদাৰ্থ পুৰণি জাইলেম কলাত ৰেজিন (Resin) আৰু আঠা (Gum) হিচাপে সঞ্চয় কৰি ৰাখে।

  5. শিপাৰ জৰিয়তে কিছুমান বৰ্জিত পদাৰ্থ চাৰিওফালৰ মাটিত নিষ্কাশন কৰে।

প্ৰশ্ন ৩: কেনেকৈ মূত্ৰ উৎপন্নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰ: মূত্ৰ উৎপন্নৰ পৰিমাণ তলৰ দুটা মূল কাৰকৰ ওপৰত নিৰ্ভৰ কৰি নিয়ন্ত্ৰিত হয়:

  1. দেহত থকা অতিৰিক্ত পানীৰ পৰিমাণ: শৰীৰত পানীৰ পৰিমাণ বেছি থাকিলে নেফ্ৰনৰ নলীকাত কম পানী অধিশোষিত হয় আৰু অধিক পৰিমাণৰ লঘু মূত্ৰ উৎপন্ন হয়। পানীৰ অভাৱ হ’লে অধিক পানী শৰীৰে পুনৰ শোষণ কৰে আৰু কম পৰিমাণৰ গাঢ় মূত্ৰ ওলায়।

  2. তেজত দ্ৰৱীভূত বৰ্জিত পদাৰ্থৰ পৰিমাণ: তেজত ইউৰিয়া আৰু লৱণৰ মাত্ৰা যিমানে বেছি হ’ব, তাক নিষ্কাশন কৰিবলৈ সিমানেই পানীৰ প্ৰয়োজন হ’ব। ইয়াৰ উপৰিও পিটুইটাৰী গ্ৰন্থিৰ এণ্টি-ডাইইউৰেটিক হৰম’নেও (ADH) এই কাৰ্য নিয়ন্ত্ৰণ কৰে।

২. অনুশীলনীৰ প্ৰশ্নোত্তৰ (Exercise Solutions – পৃষ্ঠা ১১৩)

প্ৰশ্ন ১: মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ—
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰ: (c) ৰেচন (Excretion)।

প্ৰশ্ন ২: উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল—
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰ: (a) পানীৰ পৰিবহন (Transport of water)

প্ৰশ্ন ৩: স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়—
(a) কাৰ্বন ডাইঅক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা
উত্তৰ: (d) ওপৰৰ আটাইকেইটা

প্ৰশ্ন ৪: পাইৰুভেট অণু ভাঙি কাৰ্বন ডাইঅক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়—
(a) চাইট’প্লাজমত
(b) মাইট’কণ্ড্ৰিয়াত
(c) ক্ল’ৰ’প্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰ: (b) মাইট’কণ্ড্ৰিয়াত (Mitochondria)

প্ৰশ্ন ৫: আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়?

উত্তৰ:

  • স্থান: চৰ্বীৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্ত্ৰত (Small intestine) সংঘটিত হয়।

  • পাচন প্ৰক্ৰিয়া:

    1. ক্ষুদ্ৰান্ত্ৰত চৰ্বীবোৰ ডাঙৰ ডাঙৰ পিণ্ড আকাৰে থাকে, যাৰ ওপৰত পাচক উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে।

    2. যকৃতৰ পৰা নিঃসৰিত হোৱা পিত্তলৱণে (Bile salts) এই ডাঙৰ চৰ্বীৰ পিণ্ডবোৰক ভাঙি অতি ক্ষুদ্ৰ ক্ষুদ্ৰ গোলকলৈ ৰূপান্তৰ কৰে (ইয়াক চৰ্বীৰ ইমালচিফিকেচন / Emulsification বোলে)।

    3. ইয়াৰ পিছত অগ্ন্যাশয় ৰসত থকা লাইপেজ (Lipase) উৎসেচক আৰু আন্ত্ৰিক ৰসৰ উৎসেচকে এই ইমালচিফাইড চৰ্বীক ভাঙি সৰল ফেটি এছিড আৰু গ্লিচাৰললৈ পৰিৱৰ্তিত কৰে।

প্ৰশ্ন ৬: পাচনত লালটিৰ ভূমিকা কি?

উত্তৰ:

  1. লালটিয়ে খাদ্য তিয়াই পিছল আৰু কোমল কৰে, যাৰ ফলত খাদ্য গিলি থোৱাত আৰু গ্ৰাসনলীৰে পাৰ হৈ যোৱাত সুবিধা হয়।

  2. লালটিত থকা লালটি এমাইলেজ (Salivary amylase বা টায়ালিন) নামৰ উৎসেচকে খাদ্যৰ জটিল শ্বেতসাৰক (Starch) ভাঙি সৰল মাল্ট’জ চেনিলৈ ৰূপান্তৰ কৰে:
    শ্বেতসাৰ ➔ সৰল শৰ্কৰা / চেনি (এমাইলেজৰ উপস্থিতিত)।

প্ৰশ্ন ৭: স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?

উত্তৰ:

  • প্ৰয়োজনীয় কাৰকসমূহ: কাৰ্বন ডাইঅক্সাইড (CO₂), পানী (H₂O), পত্ৰহৰিৎ (Chlorophyll) আৰু সূৰ্যৰ পোহৰ।

  • উপজাত পদাৰ্থসমূহ: অক্সিজেন গেছ (O₂) আৰু পানী (H₂O)

প্ৰশ্ন ৮: সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।

উত্তৰ: সবাত শ্বসন (Aerobic respiration) আৰু অবাত শ্বসনৰ (Anaerobic respiration) মাজৰ পাৰ্থক্য:

বৈশিষ্ট্য

সবাত শ্বসন (Aerobic)

অবাত শ্বসন (Anaerobic)

অক্সিজেনৰ উপস্থিতি

অক্সিজেনৰ উপস্থিতিত ঘটে।

অক্সিজেনৰ অনুপস্থিতিত ঘটে।

সংঘটন স্থান

কোষপ্ৰৰস আৰু মাইট’কণ্ড্ৰিয়াত সম্পূৰ্ণ হয়।

কেৱল কোষপ্ৰৰসত ঘটে।

উৎপন্ন দ্ৰব্য

কাৰ্বন ডাইঅক্সাইড আৰু পানী।

ইথানল আৰু কাৰ্বন ডাইঅক্সাইড (ইষ্টত) বা লেক্টিক এছিড (পেশীত)।

শক্তিৰ পৰিমাণ

বিপুল পৰিমাণৰ শক্তি মুক্ত হয় (৩৮ টা ATP)।

অতি কম শক্তি মুক্ত হয় (মাত্ৰ ২ টা ATP)।

  • সবাত শ্বসনকাৰী জীৱ: মানুহ, গৰু, চৰাই, সকলো সেউজীয়া উদ্ভিদ আদি।

  • অবাত শ্বসনকাৰী জীৱ: ইষ্ট (Yeast), কিছুমান অবাত বেক্টেৰিয়া আৰু অন্ত্ৰৰ পৰজীৱী ফিটাপেলু।

প্ৰশ্ন ৯: প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?

উত্তৰ:

  1. হাঁওফাঁওৰ বায়ুকোষবোৰ (Alveoli) ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুনৰ দৰে পাতল আৱৰণীৰে গঠিত, যাৰ ফলত গেছৰ ব্যাপন অতি সহজে ঘটে।

  2. ইহঁতৰ পৃষ্ঠভাগ বহল আৰু বিস্তৃত (প্ৰায় ৮০ বৰ্গমিটাৰ), যিয়ে গেছ বিনিময়ৰ বাবে বিশাল কাৰ্যকৰী এলেকা প্ৰদান কৰে।

  3. বায়ুকোষবোৰৰ চাৰিওফালে ঘন ৰক্ত কেশিকাৰ জালিকা থাকে, যিয়ে ৰক্ত আৰু বায়ুকোষৰ মাজত O₂ আৰু CO₂ ৰ তাৎক্ষণিক বিনিময় নিশ্চিত কৰে।

প্ৰশ্ন ১০: আমাৰ দেহত হিম’গ্ল’বিনৰ পৰিমাণ কমি গ’লে কি হ’ব?

উত্তৰ:
হিম’গ্ল’বিন হৈছে তেজৰ অক্সিজেন কঢ়িওৱা প্ৰধান ৰঞ্জক পদাৰ্থ। ইয়াৰ পৰিমাণ কমি গ’লে:

  1. শৰীৰৰ বিভিন্ন কলা আৰু কোষসমূহে প্ৰয়োজনীয় মাত্ৰাত অক্সিজেন নাপাব।

  2. কোষীয় শ্বসন ব্যাহত হৈ শক্তি উৎপাদন হ্ৰাস পাব, যাৰ ফলত মানুহজন দুৰ্বল, ভাগৰুৱা আৰু শেঁতা পৰি যাব।

  3. এই অৱস্থাক ৰক্তহীনতা বা এনিমিয়া (Anaemia) বোলে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাস ঘন হয় আৰু শাৰীৰিক কাৰ্যক্ষমতা লোপ পায়।

প্ৰশ্ন ১১: মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?

উত্তৰ:

  • বৰ্ণনা: তেজ চলাচলৰ এটা সম্পূৰ্ণ চক্ৰত তেজ মানুহৰ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ প্ৰৱাহিত হয়। ইয়াকে দ্বৈত সংবহন (Double circulation) বোলে। ইয়াৰ দুটা ভাগ থাকে:

    1. হাঁওফাঁও সংবহন (Pulmonary circulation): সোঁ নিলয়ৰ পৰা অশুদ্ধ তেজ হাঁওফাঁওলৈ যায় আৰু তাত অক্সিজেন গ্ৰহণ কৰি বিশুদ্ধ তেজ হৈ বাঁও অলিন্দত প্ৰৱেশ কৰে।

    2. দৈহিক সংবহন (Systemic circulation): বাঁও নিলয়ৰ পৰা বিশুদ্ধ তেজ মহাধমনীৰে সমগ্ৰ শৰীৰলৈ যায় আৰু কোষৰ পৰা CO₂ সংগ্ৰহ কৰি অশুদ্ধ তেজ হিচাপে পুনৰ সোঁ অলিন্দত প্ৰৱেশ কৰে।

  • প্ৰয়োজনীয়তা: ই অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ পৰস্পৰ মিহলি হোৱাত সম্পূৰ্ণ বাধা দিয়ে। ফলত উষ্ণৰক্তী মানুহৰ দেহত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে অহৰহ উচ্চ মাত্ৰাত অক্সিজেন আৰু শক্তিৰ যোগান নিশ্চিত থাকে।

প্ৰশ্ন ১২: জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?

উত্তৰ: জাইলেম আৰু ফ্ল’ৱেমৰ পৰিবহনৰ পাৰ্থক্যসমূহ:

বৈশিষ্ট্য

জাইলেমৰ পৰিবহন (Xylem Transport)

ফ্ল’ৱেমৰ পৰিবহন (Phloem Transport)

পৰিবাহিত পদাৰ্থ

পানী আৰু দ্ৰৱীভূত খনিজ লৱণ।

পাতত প্ৰস্তুত হোৱা খাদ্য (চুক্ৰ’জ) আৰু এমিন’ এছিড।

পৰিবহনৰ দিশ

সদায় একমুখী — কেৱল শিপাৰ পৰা পাতলৈ ওপৰৰ ফালে (উৰ্ধ্বমুখী)।

উভমুখী — প্ৰয়োজন অনুসৰি উৰ্ধ্বমুখী আৰু অধোমুখী দুয়ো দিশতে।

শক্তিৰ প্ৰয়োজন

ভৌতিক বলৰ (বাষ্পমোচন টান আৰু মূলজ চাপ) দ্বাৰা ঘটে; ATP শক্তিৰ প্ৰয়োজন নাথাকে।

সক্ৰিয় পৰিবহন; ATP ৰ পৰা শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয়।

কলাৰ কোষসমূহ

মুখ্য সংবহনকাৰী কোষবোৰ (ট্ৰেকাইড আৰু নলীকা) মৃত।

মুখ্য সংবহনকাৰী কোষবোৰ (চালনি নলীকা আৰু সংগী কোষ) জীৱিত।

প্ৰশ্ন ১৩: হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।

উত্তৰ: বায়ুকোষ (Alveoli) আৰু নেফ্ৰনৰ (Nephron) তুলনা:

বৈশিষ্ট্য

বায়ুকোষ (Alveoli)

নেফ্ৰন (Nephron)

অৱস্থান

হাঁওফাঁওৰ ভিতৰত থাকে (শ্বসন তন্ত্ৰ)।

বৃক্কৰ ভিতৰত থাকে (ৰেচন তন্ত্ৰ)।

গঠন

পাতল আৱৰণীযুক্ত ক্ষুদ্ৰ বেলুন সদৃশ গঠন, যাৰ চাৰিওফালে ৰক্ত কেশিকা থাকে।

কাপ সদৃশ ব’মেনৰ কেপচুল, গ্ল’মেৰুলাছ আৰু দীঘল পেচ খোৱা নলীকাৰে গঠিত।

মূল কাৰ্য

তেজ আৰু বায়ুৰ মাজত গেছৰ (O₂ আৰু CO₂) বিনিময় ঘটায়।

তেজৰ পৰা নাইট্ৰ’জেনযুক্ত বৰ্জিত পদাৰ্থ (ইউৰিয়া, ইউৰিক এছিড) পৰিস্ৰাৱণ কৰি মূত্ৰ উৎপন্ন কৰে।

প্ৰক্ৰিয়া

কেৱল ভৌতিক ব্যাপন প্ৰক্ৰিয়াৰে কাৰ্য কৰে।

পৰিস্ৰাৱণ আৰু নিৰ্বাচিত পুনৰ-অধিশোষণ (Selective reabsorption) প্ৰক্ৰিয়াৰে কাৰ্য কৰে।

৩. অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু বহুবিকল্পী প্ৰশ্ন (Extra Important Q&A & MCQs)

■ বহুবিকল্পী প্ৰশ্ন (Multiple Choice Questions):

১। সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ স্বাভাৱিক ৰক্তচাপ (Blood Pressure) কিমান?
(a) 120/80 mm Hg (চিষ্ট’লিক ১২০ / ডায়েষ্ট’লিক ৮০)
(b) 80/120 mm Hg
(c) 140/90 mm Hg
(d) 100/60 mm Hg
উত্তৰ: (a) 120/80 mm Hg

২। ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
(a) বেৰ’মিটাৰ
(b) থাৰ্ম’মিটাৰ
(c) স্ফিগম’মেন’মিটাৰ (Sphygmomanometer)
(d) এমিটাৰ
উত্তৰ: (c) স্ফিগম’মেন’মিটাৰ

৩। খাদ্যনলীৰ মাজেৰে খাদ্য তললৈ ঠেলি পঠিওৱা লয়যুক্ত পেশী সংকোচনক কি বোলে?
(a) ব্যাপন
(b) পেৰিষ্টালেচিছ বা ক্ৰমানুকোচন (Peristalsis)
(c) আসৃতি
(d) ৰেচন
উত্তৰ: (b) পেৰিষ্টালেচিছ বা ক্ৰমানুকোচন

৪। কোষৰ “শক্তিৰ মুদ্ৰা” (Energy Currency) বুলি কাক কোৱা হয়?
(a) গ্লুক’জ
(b) ATP (Adenosine Triphosphate)
(c) পাইৰুভেট
(d) ADP
উত্তৰ: (b) ATP

৫। তেজ গোট মৰাত (Blood clotting) তেজৰ কোনটো উপাদানে সহায় কৰে?
(a) লোহিত ৰক্ত কণিকা
(b) শ্বেত ৰক্ত কণিকা
(c) অনুচক্ৰিকা (Platelets)
(d) লসিকা
উত্তৰ: (c) অনুচক্ৰিকা (Platelets)

■ চমু উত্তৰৰ অতিৰিক্ত প্ৰশ্ন:

প্ৰশ্ন ১: লসিকা (Lymph) কি? ইয়াৰ দুটা কাৰ্য লিখা।

উত্তৰ: ৰক্ত কেশিকাৰ বেৰৰ সূক্ষ্ম ছিদ্ৰৰে প্লাজমা আৰু প্ৰ’টিন ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত জমা হোৱা বৰণহীন জুলীয়া পদাৰ্থক লসিকা বোলে।
কাৰ্য:

  1. ই অন্ত্ৰৰ পৰা পাচিত চৰ্বী শোষণ আৰু পৰিবহন কৰে।

  2. ই আন্তঃকোষীয় স্থানৰ অতিৰিক্ত তৰল পুনৰ তেজলৈ ঘূৰাই আনে আৰু দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

প্ৰশ্ন ২: ডায়েলাইচিছ বা কৃটিম বৃক্ক (Hemodialysis) কি?

উত্তৰ: কোনো ব্যক্তিৰ দুয়োটা বৃক্ক বিকল হ’লে তেজৰ পৰা ক্ষতিকাৰক নাইট্ৰ’জেনযুক্ত বৰ্জিত পদাৰ্থসমূহ (ইউৰিয়া, ইউৰিক এছিড) কৃত্ৰিমভাৱে অৰ্ধভেদ্য আৱৰণযুক্ত যন্ত্ৰৰ সহায়ত পৰিস্ৰাৱণ কৰি শোধন কৰা চিকিৎসামূলক প্ৰক্ৰিয়াটোক ডায়েলাইচিছ বোলে।

Scroll to Top