মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

প্ৰশ্নাৱলী-

1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।

উত্তৰঃ হয়, নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰতো ড’বেৰেইনাৰৰ ট্ৰায়াড আছিল। উদাহৰণস্বৰূপে, নিউলেণ্ডছৰ শ্ৰেণীবিভাজনৰ দ্বিতীয় স্তম্ভত লিথিয়াম (Li), ছডিয়াম (Na), আৰু পটাছিয়াম (K) মৌল থাকে, যিয়ে ড’বেৰেইনাৰৰ ট্ৰায়াড গঠন কৰে।

2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?

উত্তৰঃ ডবেৰেইনাৰৰ মৌলৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাসমূহ: ড’বাৰেইনাৰে মৌলবোৰৰ মাত্ৰ তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল। তেতিয়া জনা সকলোবোৰ মৌলকে একে ৰাসায়নিক ধৰ্মৰ মৌলৰ ট্ৰায়াডত সংগঠিত কৰাত ব্যৰ্থ হয়।

3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? 

উত্তৰঃ নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ-

(i) এই ব্যৱস্থা কেৱল কেলচিয়ামলৈকে প্ৰযোজ্য আছিল। কেলচিয়ামৰ পিছত তালিকাভুক্ত মৌলবোৰৰ ধৰ্মবোৰৰ ওপৰৰ মৌলবোৰৰ ধৰ্মৰ লগত কোনো সাদৃশ্য দেখা নগ’ল।

(ii) নিউলেণ্ডছৰ অষ্টকৰ পিছত আৱিষ্কাৰ হোৱা মৌলবোৰে অষ্টকৰ এই নিয়ম অনুসৰণ কৰা নাছিল।

(iii) লোহাক কোবাল্ট আৰু নিকেলৰ পৰা আঁতৰাই ৰখা, যিবোৰৰ গুণ লোহাৰ দৰে। এই কথাও বুজাব পৰা নগ’ল।

প্ৰশ্নাৱলী-

1. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা। – K, C, Al, Si, Ba.

উত্তৰঃ K – K2O, C- CO2, Al – Al2O3, Si – SiO2, Ba – BaO

2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)

উত্তৰঃ স্কেণ্ডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge)আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল।

3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি?

উত্তৰঃ মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ-

(i) মেণ্ডেলিভে মৌলবোৰক বৰ্ধিত পাৰমাণৱিক ভৰৰ ক্ৰমত সজাইছিল।

(ii) তেওঁ এইটোও লক্ষ্য কৰিছিল যে একে ধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মৌলৰ সময়ে সময়ে পুনৰাবৃত্তি ঘটে।

4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?

উত্তৰঃ সম্ভ্ৰান্ত গেছবোৰ নিষ্ক্ৰিয় মৌল। ইহঁতৰ ধৰ্ম আন সকলো মৌলৰ পৰা পৃথক। সেয়েহে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া স্থানত ৰখা হয়।

প্ৰশ্নাৱলীঃ

1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল?

উত্তৰ: আধুনিক পৰ্যাবৃক্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃক্ত তালিকাত থকা আঁসোৱাহবোৰ তলত দিয়া ধৰণে দুৰ কৰিছিল –

i)মেণ্ডেলিভৰ পৰ্যাবৃক্ত তালিকাৰ ভিক্তিটো আছিল পাৰমাণৱিক ভিৰ।আনহাতে আধুনিক পৰ্যাবৃক্ত তালিকাৰ ভিক্তিটো আছিল পাৰমাণৱিক সংখ্যা।

ii) মেণ্ডেলিভে তেওঁৰ তালিকাত হাইড্ৰজেন কোনো বিশেষ স্থান দিব পৰা নাছিল।আনহাতে আধুনিক পৰ্যাবৃক্ত তালিকাত হাইড্ৰজেন বিশেষ স্থান আছিল।

iii) মেণ্ডেলিভৰ পৰ্যাবৃক্ত তালিকাত সমস্থানিকৰ বাবে কোনো স্থান নাছিল।আনহাতে আধুনিক পৰ্যাবৃক্ত তালিকাত সমস্থানিকৰ বাবে বিশেষ স্থান আছিল।

2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?

উত্তৰ: মেগনেচিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুওৱা দুটা মৌলৰ নাম হল – বেৰেলিয়াম(Be) আৰু কেলেচিয়াম (Ca).

কাৰণ মেগনেচিয়ামৰ দৰে বেৰেলিয়াম আৰু কেলেচিয়ামৰ বহিঃ তম কক্ষত দুটা ইলেক্ট্ৰন আছে।

3. নাম লিখা।

(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ।

উত্তৰ: বাহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম – লিথিয়াম(Li),ছডিয়াম(Na), পটাছিয়াম(K)

(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌল।

উত্তৰ: বাহিৰত কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌলৰ নাম – মেগনেছিয়াম (Mg), কেলেচিয়াম (Ca)

(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌল।

উত্তৰ: পৰিপূৰ্ণ বাহিৰত কক্ষ থকা তিনিটা মৌলৰ নাম – নিয়ন(Ne), আৰ্গন(Ar),কৃপ্তন (Kr)

4. (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম 一 এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে? 

উত্তৰ: a)এই মৌল কেইটাৰ পৰমাণুৰ সাদৃশ্য আছে ।কাৰণ ইহঁতৰ প্ৰত্যেকৰে বহিঃ তম কক্ষত এটাকৈ ইলেক্ট্ৰন আছে।

(b) হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো নিষ্ক্ৰিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?

উত্তৰ: হিলিয়াম আৰু নিয়নৰ মাজত বহিঃতম কক্ষ 6 ৰে পূৰ হৈ আছে।হিলিয়াম আৰু নিয়নৰ পৰমাণুৰ মাজত এইটোএ সাদৃশ্য দেখা যায়।

5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?

উত্তৰ: আধুনিক পৰ্যাবৃক্ত তালিকাত থকা প্ৰথম দহোতা মৌলৰ ভিতৰত লিথিয়াম(Li) আৰু বেৰেলিয়াম (Be) ধাতু।

6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা? 

Ga, Ge, As, Se, Be

উত্তৰ:বেৰেলিয়াম আটাইতকৈ বেছি ধাতৱধৰ্মী হব।

প্ৰশ্নাৱলীঃ

1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়?

(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।

(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে।

(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায়।

(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

উত্তৰ: (a) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱাই।

2. মৌল X যে XCl₂ সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বর্গতে থকাৰ সম্ভৱনা সবাতোকৈ বেছি।

(a) Na

(b) Mg

(c) Al

(d) Si

উত্তৰঃ (b) Mg

3. কোনটো মৌলৰ আছে

(a) ইলেকট্ৰনপূৰ্ণ দুটা কক্ষ?

উত্তৰঃ a) ইলেক্ট্ৰনপূৰ্ণ দুটা কক্ষ নিয়নৰ(Ne) আছে।

(b) 2, 8, 2 ইলেকট্ৰনীয় বিন্যাস?

উত্তৰঃ 2,8,2 ইলেকট্ৰনিয় বিন্যাস মেগনেচিয়ামৰ(Mg)

(c) যোজক কক্ষত চাৰিটা ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ?

উত্তৰঃ যোজক কক্ষত চাৰিটা ইলেক্ট্ৰনৰ সৈতে মুঠ তিনিটা কক্ষ চিলিকনৰ(Si) আছে।

(d) যোজক কক্ষত তিনিটা ইলেকট্ৰনৰে সৈতে মুঠ দুটা কক্ষ?

উত্তৰঃ যোজক কক্ষত তিনিটা ইলেক্ট্ৰনৰ সৈতে মুঠ দুটা কক্ষ বৰণৰ (B) আছে।

(e) দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্ৰন?

উত্তৰঃ দ্বিতীয় কক্ষত প্ৰথম কক্ষত দুগুণ ইলেক্ট্ৰন কাৰ্বনৰ(C) আছে।

4. a. পৰ্যাবৃত্ত তলিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?

উত্তৰ: পৰ্যাবৃক্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভত থকা সকলোবোৰ মৌলৰ বহিঃতম কক্ষত তিনিটাকৈ ইলেক্ট্ৰন থাকিব।অৰ্থাৎ ইহঁতৰ যোজ্যতা 3।

(b) পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?

উত্তৰ: পৰ্যাবৃক্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভত থকা মৌলবোৰৰ বহিঃতম কক্ষত 7 তাকৈ ইলেক্ট্ৰন থাকিব।অৰ্থাৎ ইহঁতৰ যোজ্যতা 1.

5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7 

a. এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি? 

উত্তৰ: a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা 17.

b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)

N(7)  F(9)  P(15)  Ar(18)

উত্তৰ: উক্ত মৌলবোৰ ফ্লৰিনৰ (F) সৈতে প্ৰদক্ত মৌলতোৰ ৰাসায়নিক সাদৃশ্য থাকিব।

6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।

16 বৰ্গ         17 বৰ্গ

 –                      –

 –                     A

–                       –

B                     C

(a) মৌল A  ধাতুনে অধাতু?

উত্তৰ: a) মৌল A অধাতু।

(b) C মৌলটো A তকৈ বেছি সক্ৰিয়নে কম সক্ৰিয়?

উত্তৰ: C মৌলটো A তকৈ কম সক্ৰিয়।

(C) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু? 

উত্তৰ: C মৌলটো আকাৰত B তকৈ সৰু।

(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?

উত্তৰ: মৌল A য়ে অনায়ন গঠন কৰে।

7. নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ’ব আৰু কিয়?

উত্তৰ: নাইট্ৰজেন ইলেক্ট্ৰন বিন্যাস – 2,5

ফছফৰাছৰ ইলেক্ট্ৰন বিন্যাস – 2,8,5

নাইট্ৰজেন বেছি বিদ্যুৎ ঋণাত্মক হব ।কাৰণ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গলে কক্ষপথৰ সংখ্যা বৃদ্ধি পায়।সেয়েহে যোজক ইলেক্ট্ৰন নিউক্লিয়াচৰ পৰা আঁতৰি যায় ।ফলত নিউক্লীয় আধানৰ মান কমে ফলত মৌলৰ ইলেক্ট্ৰন গ্ৰহণৰ প্ৰবণতা কমি যায় আৰু বিদ্যুৎ ঋণাত্মকতা কমি যায়।

8. পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ আছে?

উত্তৰ: পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাসৰ সহায়ত আধুনিক পৰ্যাবৃক্ত তালিকাত স্থান নিৰুপন কৰিব পাৰি আৰু পৰমাণু এটাৰ কক্ষপথৰ সংখ্যাই পৰমানুটোৰ পৰ্যায়ৰ সংখ্যা দিয়ে আৰু যোজন ইলেক্ট্ৰনৰ সহায়ত মৌল এটাৰ বৰ্গ নিৰ্নয় কৰিব পাৰি।

9. আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে?

উত্তৰ: কেলেচিয়াঁমৰ ইলেক্ট্ৰনীয় বিন্যাস – 2,8,8,2

পাৰমাণবিক সংখ্যা 12 বিশিষ্ট মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাস – 2,8,2

পাৰমাণৱিক সংখ্যা 19 বিশিষ্ট মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাস – 2,8,8,1

পাৰমাণবিক সংখ্য 21 বিশিষ্ট মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাস -2,8,8,3

পাৰমাণবিক সংখ্য 38 বিশিষ্ট মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাস -2,8,18,8,2

এতেকে, পাৰমাণবিক সংখ্যা 12 আৰু 38 বিশিষ্ট মৌলকেইটাৰ লগত কেলেচিয়ামিৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ মিলে।

10. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা।

উত্তৰ: মেণ্ডেলিভিৰ পৰ্যাবৃক্ত তালিকা আৰু আধুনিক পৰ্যাবৃক্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা সমূহ তলত দিয়া হল :-

i)মেণ্ডেলিভিৰ পৰ্যাবৃক্ত তালিকাৰ ভিত্তি আছিল পাৰমাণৱিক ভৰ।

আনহাতে,আধুনিক পৰ্যাবৃক্ত তালিকাৰ ভিত্তি আছিল পাৰমাণৱিক সংখ্যা।

ii)মেণ্ডেলিভিৰ পৰ্যাবৃক্ত তালিকাত 6 ত পৰ্যায় আৰু 8 টা বৰ্গ আছিল।

আনহাতে,আধুনিক পৰ্যাবৃক্ত তালিকাত 7 ত পৰ্যায় আৰু 18 টা বৰ্গ আছিল।

iii)মেণ্ডেলিভিৰ পৰ্যাবৃক্ত তালিকাত হাইড্ৰজেনৰ বাবে কোনো বিশেষ স্থান নাছিল।

আনহাতে,আধুনিক পৰ্যাবৃক্ত তালিকাত হাইড্ৰজেনৰ বাবে বিশেষ স্থান আছিল।

iv) মেণ্ডেলিভৰ পৰ্যাবৃক্ত তালিকাত সমস্থানিকৰ কোনো বিশেষ স্থান নাছিল।

আনহাতে, আধুনিক পৰ্যাবৃক্ত তালিকাত সমস্থনিকৰ বিশেষ স্থান আছে।

Scroll to Top