ধাতু আৰু অধাতু
প্ৰশ্নাৱলী-
1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
উত্তৰঃ পাৰা।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
উত্তৰঃ লিথিয়াম।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
উত্তৰঃ কপাৰ।
(iv) তাপৰ কম পৰিবাহী।
উত্তৰঃ সীহ।
2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।
উত্তৰঃ ধাতুৰ ঘাত সহনীয়তাঃ কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি । এই ধৰ্মক ধাতুৰ ঘাত সহনীয়তা বোলে । যেনে- সোণ, ৰূপ, প্লেটিনাম আদি
ধাতুৰ নমনীয়তাঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে। যেনে- সোণ, ৰূপ, এলুমিনিয়াম আদি ।
প্ৰশ্নাৱলী-
1. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়?
উত্তৰঃ ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু ৷ ইয়াক মুক্ত অৱস্থাত ৰাখিলে বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া সংঘতিত কৰি অক্সাইড গঠন কৰে আৰু জুই জ্বলি উঠে ৷ সেয়েহে আকস্মিক জুই আৰু দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা হয় ৷
2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা 一
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।
উত্তৰ: লোহিত তপ্ত আইৰণৰ ওপৰেদি জলীয় বাষ্প যাবলৈ দিলে ফেৰছ ফেৰিক অক্সাইড প্ৰস্তুত হয় আৰু H2 গেছ উৎপন্ন হয়।
3Fe(s) + 4H2O(g)—–Fe3O4(s)+4H2(g)
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
উত্তৰ: কেলেচিয়াম পানীৰ লগত বিক্ৰিয়া কৰিলে কেলচিয়াম আৰু হাইড্ৰজেন গেছ প্ৰস্তুত কৰে
Ca(s)+2H2O—–Ca(OH)+H2
আকৌ,পটাছিয়াম পানীৰ লগত বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰঅক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।
K(s)+2H2O—–2KOH +H2
Q. 3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
ধাতু |
আইৰন (II) ছালফেট |
কপাৰ (III) ছালফেট |
যিংক ছালফেট |
ছিলভাৰ নাইট্রেট |
A |
বিক্রিয়া নহয় |
প্রতিস্থাপন |
||
B |
প্রতিষ্ঠাপন |
বিক্রিয়া নহয় |
||
C |
বিক্রিয়া নহয় |
বিক্রিয়া নহয় |
বিক্রিয়া নহয় |
প্রতিস্থাপন |
D |
বিক্রিয়া নহয় |
বিক্রিয়া নহয় |
বিক্রিয়া নহয় |
বিক্রিয়া নহয় |
ওপৰৰ তালিকা ব্যৱহাৰ কৰি ABCD ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।
(i)আটাইতকৈ সক্রিয় ধাতু কোনটো?
উত্তৰ: আটাইতকৈ সক্ৰিয় ধাতু হল B
(ii) কপাৰ (II) ছালয়েট লৱণত B ধাতু দিলে কি হল?
উত্তৰ: CuSo4 নিলাবৰন অদৃশ্য হৈ যায় আৰু ৰক্তাভ মুগা বৰণীয়া কপাৰ সৃষ্টি হব।
(ii) ABCD ধাতুক সক্ৰিয়তাৰ নিম্নক্রমত সজোৱা।
উত্তৰ: B>A>C>D
4. লঘু হাইড্ৰ’ক্লৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H₂SO₄ ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ: যেতিয়া এটা সক্ৰিয় ধাতু লঘূ হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন কৰে।
আইৰনে লঘূ H2So4ৰ লগত কৰা বিক্ৰিয়াটো সমীকৰণটো হল –
Fe+ H2So4——-FeSo4+H2
5. আইন (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্রিয়াটো লিখা।
উত্তৰ: জিংক আইৰনতকৈ বেছি সক্ৰিয় সেইবাবে জিংক যেতিয়া আইৰন ছালফেত বা ফেৰাছ চালফেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া জিংক আইৰণক স্থানান্তৰ কৰে আৰু বৰণহীন জিংক ছালফেত উৎপন্ন কৰে ।
বিক্ৰিয়াটো হল –
Zn(s) + FeSo4(aq)——-ZnSo4(aq)+Fe(s)
পাঠভিত্তিক প্ৰশ্নাৱলী:
1. (i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা
উত্তৰ: Mg ইলেক্ট্রন বিন্দু চিত্ৰঃ
Na ————>Na
(2.8.1)
Mg ইলেক্ট্রন বিন্দু চিত্ৰঃ
Mg —————-> Mg:
(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na₂O আৰু MgO ৰ গঠন লিখা।
উত্তৰ:
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
উত্তৰ: Na₂O ত থকা আয়নসমূহ হ’ল- Na+ আৰু O–2MgO ত থকা আয়নবোৰ হ’ল Mg2+ আৰু O2-
2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?
.উত্তৰ: আয়নীয় যৌগবোৰৰ কেটায়ন আৰু এনায়নবোৰৰ মাজত বিদ্যুৎস্তিতিয় আকৰ্ষণ বল অতি প্ৰবল।সেই কাৰণে আয়নবোৰ পৃথক কৰিবৰ বাবে যথেষ্ট তাপৰ প্ৰয়োজন হয় ।এইবোৰ কাৰণেই আয়নীয় যৌগবোৰৰ গলনাংক অতি বেছি।
পাঠভিত্তিক প্ৰশ্নাৱলীঃ
1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (mineral)
উত্তৰ:পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌগবোৰত থকা প্ৰাকৃতিক গোটা পদাৰ্থ বোৰক মনিক বোলা হয়।উদাহৰণ স্বৰূপে – ছডিয়াম ক্লৰাইড,Fe2 আৰু S3 ইত্যাদি।
(ii) আকৰ (ore)
উত্তৰ: আকৰ: যিবোৰ মনিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা লাভজনকভাৱে ধাতুবিধ আহৰণ কৰিব পাৰি তাকে আকৰ বোলে।
(iii) খনিজ মল (gangue)
উত্তৰ: খনিজ মল: খনিৰ পৰা আহৰণৰ সময়ত আকৰৰ লগত কিছুমান অশুদ্ধি মিহলি হৈ থাকে ।এই অশুদ্ধিবোৰক খনিজ মল বোলে।
2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
উত্তৰ: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হল – গল্ড আৰু প্লেটিনাম।
3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয়?
উত্তৰ: অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।
প্ৰশ্নাৱলীঃ
1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।
ধাতু | জিংক | মেগনেসিয়াম | কপাৰ |
যিংক অক্সাইড | |||
মেগনেছিয়াম অক্সাইড | |||
কপাৰ অক্সাইড |
কোনবিলাক ক্ষেত্রত প্রতিস্থাপন বিক্রিয়া ঘটিব?
3. কোনবোৰ ধাতু সহজে ক্ষয় নহয়?
উত্তৰ: যিবোৰ ধাতুৰ ওপৰত অক্সাইডৰ স্তৰ গঠন হয় সেইবোৰ ধাতু অতি কম প্ৰতিক্ৰিয়াশীল। এনে ধৰণৰ ধাতুবোৰ সহজে ক্ষয় নহয়।Ex – গল্ড, প্লেতিনাম,ৰুপ আদি।
3. সংকৰ ধাতু কি?
উত্তৰ: সংকৰ ধাতু হল দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা ধাতুৰ সমসত্ব মিশ্ৰণ।
অনুশীলনীঃ
Q. 1. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব?
(a) NaCI- দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCl2 -ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4 দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
উত্তৰ: d)AgNo3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু
2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?
(a) গ্ৰীজ ব্যৱহাৰ কৰি।
(b) ৰং ব্যৱহাৰ কৰি।
(c) যিংকৰ প্ৰলেপ দি।
(d) ওপৰৰ সকলোবোৰ।
.উত্তৰ: d) ওপৰৰ সকলো।
3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো-
(a) কেলছিয়াম।
(b) কাৰ্বন।
(c) চিলিকন।
(d) লোহা।
উত্তৰ: d) আইৰণ
4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; জিংকৰ নহয়। কিয়নো-
(a) টিন ব্যয়বহুল।
(b) জিংকৰ গলনাংক টিনতকৈ বেছি।
(c) জিংক টিনতকৈ অধিক সক্রিয়।
(ঘ) জিংক কিছু কম সক্ৰিয় হয়।
উত্তৰ: c) যিংক টিনতকৈ অধিক সক্ৰিয়।
5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?
উত্তৰ: ধাতুৰ হাতুৰীৰে কোবাই মিহি পাত প্ৰস্তুত কৰিব পাৰি।আনহাতে অধাতুটোক কুবালে গুৰি হৈ যাব।এটা বৈদ্যুতিক বৰ্তনী ধাতুৰ তাঁৰেৰে তৈয়াৰ কৰা হল ।যদি বৰ্তনীৰ চুইচ on কৰাৰ লগে লগে বিদ্যুৎ প্ৰবাহ চালিত হয় ,তেন্তে বস্তুটো ধাতু হব আৰু যদি বিদ্যুৎ চালিত নহয় তেন্তে অধাটো হব।
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাংকন কৰা।
উত্তৰঃ হাতুৰীৰ দ্বাৰা আঘাত কৰা পদ্ধতিৰে ধাতু আৰু অধাতুৰ পাৰ্থক্য ধৰিব পাৰি। কিন্তু গ্ৰেফাইট এটা সুকীয়া অধাতু যিটো বিদ্যুৎ পৰিবাহী।অৰ্থাৎ কিছু কিছু ক্ষেত্ৰত হাতুৰীৰে কোবাই ধাতু আৰু অধাটোৰ পাৰ্থক্য নিৰ্নয় কৰিব নোৱাৰি।
6. উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।
উত্তৰ: যিবিলাক অক্সাইড আম্লিক আৰু ক্ষাৰকিয় উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰক উভধৰ্মী অক্সাইড বোলে।উদাহৰণ – ZnO,Al2O3
7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ’ জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
.উত্তৰ: Fe আৰু Mg হাইড্ৰজেন অপসাৰণ কৰে আনহাতে Cu আৰু Ag হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে।
8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি লব লাগিব?
উত্তৰ: M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড হিচাপে M ধাতুৰ দণ্ড কেথড হিচাপে বিশুদ্ধ M ধাতুটোৰ দণ্ড আৰু বিদ্যুৎ বিশ্লেষ্য হিচাপে ধাতবীয় ছালফেত দ্ৰৱ লব লাগিব।
9. প্রত্যুষে সক চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওলোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
.উত্তৰ: i) শুল্ক লিটমাছ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে।
ii) শিক্ত লিতামছ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কৰিলে বৰণ ৰঙা হয়।
iii) সন্তুলিত সমীকৰণটো হল – So2 + H2O——H2So3
10. লোভ মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা।
উত্তৰ: লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় হল –
i) ৰং কৰা আৰু ii) তেল শনা
11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?
উত্তৰ: অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে।
12. কাৰণ দর্শোৱা-
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(d) ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰ: a)প্লেটিনাম, গল্ড আৰু ছিলভাৰৰ চিকমিকণি, কঠিন, ঘাটসহনীয়তা, নমনীয়তা আদি ভৌতিক ধৰ্ম থকাৰ বাবে ইহঁতক গহনাপাতি তৈয়াৰ কৰা বাবে ব্যবহাৰ কৰা হয়।
b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম এই ধাতু কেইটা অধিক সক্ৰিয় স্বাভাৱিক উষ্ণতাত এই ধাতু কেইটা বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু আদ্ৰ বায়ুত জ্বলি উঠে সেই বাবে ইহঁতক তেলত ডুবাই ৰখা হয়।
c)এলুমিনিয়াম অধিক সক্ৰিয় ।তথাপি এই ধাতুৰ দ্বাৰা ৰন্ধনৰ বৰ্তনবোৰ তৈয়াৰ কৰা হয়। কাৰণ বৰ্তনবোৰৰ পৃষ্টতলত এলুমিনিয়াম অক্সাইডৰ এটা অন্তৰণ পৰে , যি বৰ্তনবোৰক ক্ষয় সাধনৰ পৰা ৰক্ষা কৰে।
d) ধাতু নিষ্কাশনৰ সময়ত ধাতুৰ অক্ষাইদক বিজৰিত কৰা হয়।কাৰণ এই পদ্ধতিৰ খৰচ কম আৰু কৰাটো অতি সহজ।সেইকাৰণে প্ৰথমতে কাৰ্বনেট ছালফাইড আকৰিকক ধাতুৰ অক্সাইডৰ ৰূপান্তৰ কৰা হয়, ইয়াৰ পিছত আকৌ ধাতুলৈ বিজাৰিত কৰা হয়।
13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?
উত্তৰ: কপাৰৰ পাত্ৰত আদ্ৰবায়ুৰ প্ৰভাৱত কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া অস্তৰণ পৰে,ইয়াক চেকা ধৰা বুলি কোৱা হয় আৰু এই আস্তৰন পা ক্ষয় সাধন কৰে।এই আস্তৰণ আঁতৰ কৰাৰ বাবে আমি নেমূতেঙা বা তেতেলিৰ ৰস ব্যৱহাৰ কৰোঁ।এই ৰসত থকা এছিড কপাৰ কাৰ্বনেটৰ আস্তৰণ দ্ৰৱীভূত কৰি কপাৰৰ পাত্ৰটোক পৰিষ্কাৰ কৰে।
14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা?
উত্তৰ: ৰাসায়নিক ধৰ্ম ভিত্তিত ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্য সমূহ হল –
i) ধতুবোৰ বিদ্যুৎ ধনাত্মক মৌল।
আনহাতে, অধাতুবোৰ বিদ্যুৎ ঋণাত্মক মৌল।
ii)ধাতুবোৰ ক্ষাৰকীয় অক্সাইড গঠন কৰে।
আনহাতে , অধাতুবোৰ আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে।
iii)ধাতু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰে।
আনহাতে, অধাতু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে।
Q. 15. এজন ভণ্ড মানুহ স্বৰ্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ স্নাৱকত ডুবাই ধৰিছিল। খাকযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল৷ পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অগ্ৰস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা প্ৰাৱকটো কি আছিলে অনুমান কৰি কৰ পাৰিবা নে?
.উত্তৰ: মানুহজনে ব্যবহাৰ কৰা দ্রাবকটো আছিল স্বাৰ্ণকাৰ আকুৱাৰিজিয়াৰ । এই দ্ৰৱত এক ভাগ HNO3 আৰু তিনি ভাগ গাঢ় HCL থাকে।
16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়?
উত্তৰ: ষ্টিলতকৈ কপাৰ তাপৰ বেছি সুপৰিবাহী।কপাৰ গৰম পানীৰ লগত বিক্ৰিয়া নকৰে।কিন্তু লোৰে নিৰ্মিত ষ্টিল চেঁচা পানী লগত বিক্ৰিয়া নকৰিলেও গৰম পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।সেইবাবে গৰম পানীৰ জলাধাৰ কপাৰেৰে বনোৱা হয়।