ৰাসয়নিক বিক্ৰিয়া আৰু সমীকৰণ

অনুশীলনী-

1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

উত্তৰঃ মেগনেছিয়াম ফিতা জ্বলোৱাৰ আগতে পৰিষ্কাৰ কৰি ইয়াৰ পৃষ্ঠত থকা যিকোনো অশুদ্ধি (যেনে অক্সাইড) আঁতৰাই পেলোৱা হয়, আৰু ইয়াক বিশুদ্ধ মেগনেছিয়াম কৰা হয়।

2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

(i) হাইড্র’জেন + ক্ল’ৰিন → হাইড্র’জেন ক্ল’ৰাইড।

উত্তৰঃ H2+Cl2 → 2HCl

(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰঃ 3 BaCl2 + Al2(SO4)3 → BaSO4 + 2 AlCl3

(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্র’ক্সাইড + হাইড্র’জেন।

উত্তৰঃ 2Na + 2H2O → 2NaOH + H2

3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্রস্তুত হয়।

উত্তৰঃ BaCl₂ + Na₂ SO₄ → BaSO₄ + 2NaCl

(ii) ছ’ডিয়াম হাইড্রটক্সইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্ল’ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ NaOH + HCI → NaCl + H₂O

অনুশীলনী-

1. এটা পদাৰ্থ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ  (White Washing) ব্যৱহাৰ কৰা হয়। 

(i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা।

উত্তৰঃ পদাৰ্থ ‘X’ নাম হল পোৰা চূণ।

(ii) পানীৰে সৈতে পদার্থ ‘X’ এ কৰা বিক্রিয়াটো লিখা।

উত্তৰঃ CaO + H₂O → Ca(OH)₂ 

2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্রহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্রহ কৰা গেছৰ পৰিমানৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।

উত্তৰঃ যেতিয়া হাইড্ৰ’জেন আৰু অক্সিজেন 2 : 1 অনুপাতত মিলিত হয় তেতিয়া পানী উৎপন্ন হয়। অর্থাৎ পানীৰ অণুত দুটা হাইড্ৰ’জেন পৰমাণুৰ লগত এটা অক্সিজেন পৰমাণু সংযুক্ত আছে, সেইবাবে পানীৰ সংকেত, H₂O। প্রথম গেছটো হাইড্ৰ’জেন আৰু দ্বিতীয় গেছটো অক্সিজেন।

 

অনুশীলনী-

1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰঃ লো কপাৰতকৈ অধিক সক্ৰিয়।অধিক সক্ৰিয় হোৱা বাবে লোৰ গজাল এটা কপাৰ ছালফেট দ্ৰবত ডুবাই দিলে লোৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে। যাৰ ফলত কপাৰ ছালফেট গাঢ়তা কমি জাই আৰু কপাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেঁতা পৰে আৰু লোৰ গজাল মুগা বৰণৰ হয়।

2. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ AgNo3+Nacl——Agcl +Nano3

3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা। 

(i) 4Na(s) + O₂(g) → 2Na₂O(s)

(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(I) 

উত্তৰ: i)এই বিক্ৰিয়াটো Na জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।
ii)এই বিক্ৰিয়াটো হাইড্ৰজেন জাৰিত হৈছে আৰু CuO বিজাৰিত হৈছে।

অনুশীলনী-

1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

2PbO(s) + C(s) → 2Pb(s) + CO₂(g)

(a) লেড বিজাৰিত হৈছে।

(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।

(c) কার্বন জাৰিত হৈছে।

(d) লেড অক্সাইড বিজাৰিত হৈছে।

(i) (a) আৰু (b)

 (ii) (a) আৰু (c) 

 (iii) (a), (b) আৰু (c)

 (iv) সকলো

উত্তৰঃ (a) আৰু (b)

2.  Fe₂O₃ + 2AI → AI2O3 + 2Fe

ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্রিয়াৰ

(b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ

(c) এটা বিযোজন বিক্রিয়াৰ

(d) এটা অপসৰণ বিক্রিয়াৰ

উত্তৰঃ (d) এটা অপসৰণ বিক্রিয়াৰ ৷

3. কি ঘটে যেতিয়া লঘু হাইড্র’ক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।

(a) হাইড্র’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।

(b) ক্ল’ৰি গেছ আৰু আইৰন হাইড্র’ক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ (a) হাইড্র’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?

উত্তৰঃ যিবোৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ’য়, তেনেবোৰ সমীকৰণকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

ভৰৰ নিত্যতা সুত্ৰ অনুসৰি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিন্যাস হ’ব নোৱাৰে । অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থবোৰৰ মুঠ ভৰ বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰৰ সমান কৰিবলৈ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব লাগে ।

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।

(a) হাইড্র’জেন গেছে নাইট্র’জেনৰে সৈতে লগ হৈ এম’নিয়া প্রস্তুত কৰে।

উত্তৰঃ 3H₂(g) + N₂(g) → 2NH₃(g)

(b) হাইড্র’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

উত্তৰঃ 2H₂S(g) + 30₂(g) → 2H₂O (l) + 2SO₂(g)

(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।

উত্তৰঃ 3BaCl₂ (aq) + Al2(SO₄)₃ (aq) → 2AICI₃ (aq) + 3BaSO₄(S)

পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

উত্তৰঃ 2K (s) + 2H₂O(l) → 2KOH + H₂(g)

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।

(a) HNO3 + Ca (OH)2 → Ca (NO3)2 + H2O

উত্তৰঃ 2HNO₃ (aq) + Ca(OH)₂ (aq) → Ca(NO₃)₂ (aq) + 2H₂ O(l) 

(b) NaOH + H₂SO₄ → Na₂SO₄ + H₂O

উত্তৰঃ  2NaOH (aq) + H₂ SO₄ (aq) → Na₂ SO₄ (aq) + 2H₂O (aq)

(c) NaCl + AgNO₃ → AgCl + NaNO₃

উত্তৰঃ NaCl (aq) + AgNO₃ (aq) → AgCl (S) + NaNO₃ (aq)

(d) BaCl₂ + H₂SO₄ → BaSO₄ + HCI

উত্তৰঃ BaCl₂ (aq) + H₂ SO₄ (aq) → BaSO₄ (S) + 2HCl (aq)

7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন-ডাই-অক্সাইড → কেলছিয়াম কার্বনেট + পানী।

উত্তৰঃ 2Ca(OH)₂ (aq) + 2CO₂ (g) → 2CaCO₃ (s) + 2H₂O (l) 

(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ।

উত্তৰঃ  Zn (s) + 2AgNO₃ (aq) → Zn (NO₃)₂ (aq) + 2Ag (S)

(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।

উত্তৰঃ 2A1 (s) + 3CuCI₂ (aq) → 2AICI₃ (aq) + 3Cu (S)

(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড।

উত্তৰঃ BaCl₂ (aq) + K₂SO₄ (aq) → BaSO₄ (S) + 2KCI (aq)

৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত কৰা।

(a) পটেছিয়াম ব্র’মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটেছিয়াম আয়’ডাইড (aq) + বেৰিয়াম ব্ৰ’মাইড (s)

উত্তৰঃ 2KBr (aq) + Bacl₂ (aq)  → 2KI (aq) + BaBr₂ (S)

ই এটা দ্বি অপসৰণ বিক্ৰিয়া ।

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)

উত্তৰঃ ZnCO₃(s) → ZnO(S) + CO₂(g)

ই এটা দ্বি বিযোজন বিক্ৰিয়া ।

(c) হাইড্র’জেন (g) + ক্ল’ৰিন (g) → হাইড্র’জেন ক্ল’ৰাইড(g)

উত্তৰঃ H₂(g) + Cl₂(g) → 2HCl(g)

ই এটা দ্বি সংযোজন বিক্ৰিয়া ।

(d) মেগনেছিয়াম (s) + হাইড্র’ক্ল’ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্র’জেন (g)

উত্তৰঃ Mg(s) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g)

ই এটা অপসৰণ বিক্ৰিয়া

9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

উত্তৰ: তাপবৰ্জী বিক্ৰিয়া:-যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগত তাপো উৎপন্ন হয় তাকে তপবৰ্জী বিক্ৰিয়া বোলে।উদাহৰণ –
CH4 + 2O2——-Co2 + 2H2O
তাপগ্ৰাহী বিক্ৰিয়া:- যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় তাক তপগ্ৰাহী বিক্ৰিয়া বোলে হয়।উদাহৰণ – 2AgCl ——2Ag+ Cl2.

10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।

উত্তৰ: জীয়াই থাকিবলৈ আমাক শক্তি লাগে। আমি এই শক্তি খাদ্যৰ পৰা পাওঁ। হজম প্রক্রিয়াত খাদ্য বস্তু সৰল পদাৰ্থলৈ ভাগি যায়। উদাহৰণস্বৰূপে চাউল, আলু আৰু ৰুতিত কার্বহাইড্রেট থাকে। এই কার্বহাইড্রেটবোৰ গ্লুক’জলৈ ভাঙি যায়। এই গ্লুক’জ আমাৰ দেহৰ কোষত অক্সিজেনৰে সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে। এই বিক্ৰিয়াৰ বিশেষ নামটোৱেই হ’ল শ্বসন।
CH120g(aq)+602(aq)+6H₂O(l) → 6CO₂(aq)+12H₂O(1)+শক্তি (1.18) (গ্লুক’জ)

11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।

উত্তৰ: বিযোজন বিক্ৰিয়াত সংযোজন বিক্ৰিয়াৰ বিপৰীত প্ৰক্ৰিয়া সংঘটিত হয় ।সেয়েহে বিযোজন বিক্ৰিয়াত সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।
এই সমূহ বিক্ৰিয়াৰ সমীকৰণ সমূহ হল –
বিযোজন বিক্ৰিয়া:- এই বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰীয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায়। উদাহৰণ – 2H2O——- 2H2+O2
সংযোজন বিক্ৰিয়া:- এই বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। উদাহৰণ – 2H2 + O2—— 2H2O

12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰ: তাপ:- CaCo3 – তাপ —CaO+Co2
পোহৰ:- 2Agcl — সূৰ্য্যৰ পোহৰ —- 2Ag+Cl2
বিদ্যুৎ শক্তি:- 2Al2O3—-বিদ্যুৎ শক্তি —4Al + 3O2

13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰ: অপসৰণ আৰু দ্ধিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য হল:-
i)যি বিক্ৰিয়াত এটা সক্ৰিয় মৌলই দ্ৰৱ এটাৰ পৰা কম সক্ৰিয় মৌল এটাক অপসাৰিত কৰে তাকে অপসাৰণ বিক্ৰিয়া বোলে ।
আনহাতে, যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্ধি অপসাৰণ বিক্ৰিয়া বোলে ।
ii) অপসৰণ বিক্ৰিয়াৰ সাধাৰণ ৰুপ:- A+ BC ——AC +B
ইয়াত A মৌলটো B তকৈ সক্ৰিয়।
আনহাতে, দ্ব্বি অপসৰণ বিক্ৰিয়াৰ সাধাৰণ ৰুপ হল:- AB+CD —-AD+CB
iii) অপসৰণ বিক্ৰিয়াৰ উদাহৰণ : Fe+CuSo4—-FeSo4+Cu
আনহাতে, দ্ধী অপসৰণ বিক্ৰিয়াৰ উদাহৰণ: Na2So4+ Bacl2—-2NaCl+ BaSo4

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।

উত্তৰ: 2AgNo3+Cu——Cu(No3)2+2Ag

15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰ: যি বিক্ৰিয়াত অদ্ৰাব্য অধ: ক্ষেপ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াকে অধ: ক্ষেপন বিক্ৰিয়া বোলে।উদাহৰণ :-
Na2So4+BaCl2——-BaSo4+2Nacl
ইয়াত So4²– আৰু So4²+ ৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাৱ্য BaSo4ৰ বগা অধ: ক্ষেপ উৎপন্ন হয়।

16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

 (a) জাৰণ।

(b) বিজাৰণ।

উত্তৰ: a) জাৰণ:- যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে তাকে জাৰন বিক্ৰিয়া বোলে।উদাহৰণ:- 2Cu+ O2——2CuO
ইয়াত ,Cu,CuO লৈ জাৰিট হৈছে।
b)বিজাৰণ:- যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন হেৰুৱাই আৰু হাইড্ৰজেন লাভ কৰে তাকে বিজাৰন বিক্ৰিয়া বোলে ।উদাহৰণ:-
ZnO+C—–Zn+Co
ইয়াত, ZnO,Zn লৈ বিজাৰিত হৈছে।

17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।

উত্তৰ:– মৌল X ৰ নাম হল কপাৰ (Cu).উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম হল কপাৰ অক্সাইড(CuO)

18. লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়?

উত্তৰ: লোৰ বস্তুত মামৰে নধৰিবলৈ ৰঙৰ প্ৰলেপ দিয়া হয়।

19. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়?

উত্তৰ: তেল আৰু চৰ্বী জাতীয় খাদ্য বস্তু জাৰণ নঘটিবলৈ নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয়। জাৰণ ঘটিলে খাদ্য বস্তুৰ গোন্ধ আৰু সোৱাদ সলনি হয়।

20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

উত্তৰ:– a) ক্ষয়ীভৱন:- যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলা হয়।
b)চৰ্বীৰ দুৰ্গন্ধিতা:- যেতিয়া চৰ্বী আৰু তেল জাতীয় খাদ্যবস্তুবোৰ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া ইহঁত জাৰিত হয়।যাৰ ফলত খাদ্যবোৰ দুৰ্গন্ধী আৰু স্বাদ সলনি হয়।এই দূৰ্গন্ধী আঁতৰাবলৈ বা জাৰণ নঘটিবলৈ খাদ্যবস্তুত কিছুমান প্ৰতিজাৰক পদাৰ্থ মিহলোৱা হয়। আৰু খাদ্যবস্তুবোৰ বায়ুৰুদ্ধ পাত্ৰত ৰখা হয়।

Scroll to Top