বতৰ, জলবায়ুৰ আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন

অনুশীলনী-

১। ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা।

উত্তৰঃ ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হ’ল— উষ্ণতা, আদ্রর্তা, বতাহৰ গতি, বৰষুণ আদি।

২। দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়?

উত্তৰঃ দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত আশা কৰা যায়।

৩। খালী ঠাই পূৰ্ণ কৰা-

(ক) সুদীর্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক ____________ বোলে।

উত্তৰঃ জলবায়ু ।

(খ) এখন ঠাই য’ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু  ____________আৰু ______________ |

উত্তৰঃ গৰম , শুকান।

(গ) জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ’ল ___________ আৰু ____________ |

উত্তৰঃ মেৰু অঞ্চল, বিষুৱ অঞ্চল।

৪। তলৰ  অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰৰ আভাস দিয়া-

(ক) জম্মু আৰু কাশ্মীৰ ___________ |

উত্তৰঃ মধ্যমীয়া গৰম আৰু সেমেকা ।

(খ) কেৰালা ____________ ।

উত্তৰঃ গৰম আৰু সেমেকা।

(গ) ৰাজস্থান ____________ ।

উত্তৰঃ গৰম আৰু শুকান ।

(ঘ) উত্তৰ-পূৱ ভাৰত ____________ ।

উত্তৰঃ সেমেকা ।

৫। বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়?

উত্তৰঃ বতৰ সঘনে সলনি হয় ।

৬। তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্য:

(ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।

(খ) বগা নোমযুক্ত ছাল।

(গ) প্ৰব্ৰজন হ’ব বিচাৰে।

(ঘ) ডাঙৰ মাত।

(ঙ) ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।

(চ) ছালৰ তলত চৰ্বীৰ তৰপ।

(ছ) বহল আৰু ডাঙৰ হাতোৰা ।

(জ) উজ্জ্বল ৰং ।

(ঝ) শক্তিশালী নেজ।

(ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।

প্রত্যেকটো বৈশিষ্ট্যৰ বাবে সিহঁতৰ অভিযোজন গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ’ব পাৰে বুলি ভাবানে?

উত্তৰঃ (a) গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

(b) মেৰু অঞ্চলত।

(c) মেৰু অঞ্চলত ।

(d) গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

(e) গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

(f) মেৰু অঞ্চলত।

(g) মেৰু অঞ্চলত ।

(h) গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

৭। গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্রাণী পোৱা যায়। কিয় এনে হয় বাখ্যা কৰা।

উত্তৰঃ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত উদ্ভিদৰ সংখ্যা অতি বেছি। এই অঞ্চল গৰম আৰু বৰষুণৰ পৰিমাণ বেছি। সেয়েহে গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্রাণী পোৱা যায়।

(৪) কিয় আমি নির্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ। উদাহৰণসহ বৰ্ণনা কৰা।

(9) গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে?

১০। শৰীৰত আঁচ থকা মাংসহাৰী প্রাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে। ইয়াক পোৱা যায়

(ক) মেৰু অঞ্চলত।

(খ) মৰুভূমিত।

(গ) সাগৰত।

(ঘ) গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল।

উত্তৰঃ (ঘ) গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল।

১১। বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস‌ কৰিবৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয়?

(ক) বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।
(খ) পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।
(গ) এডাল দীঘল নেজ, তীক্ষ্ণ আকোৰা নখ ,বগা ডাঙৰ হাতোৰা।
(ঘ) বগা শৰীৰ , সাঁতুৰিবলৈ হাতোৰা, উশাহ-নিশাহৰ ফুল।

উত্তৰঃ (ক) বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।

১২। গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?

(ক) গৰম আৰু আৰ্দ্ৰ।
(খ) মধ্যমীয়া উঞ্চতা , প্ৰচুৰ বৃষ্টিপাত ।
(গ) ঠাণ্ডা, আৰু আৰ্দ্ৰ।
(ঘ) গৰম আৰু শুকান।

উত্তৰঃ (ক) গৰম আৰু আৰ্দ্ৰ।

Scroll to Top