ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
১। চমু উত্তৰ দিয়া—
(ক) স্কেল বা মাপনী বুলিলে কি বুজা?
উত্তৰঃ যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বুলি কোৱা হয়।
(খ) ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?
উত্তৰঃ যিটো ব্যৱস্থাই তথ্যসংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্থা বোলে।
২। শুদ্ধ উত্তৰটোত (√) চিন দিয়া —
(ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল—
(১) ইৰাট’স্থেনিচে
(২) ট’লেমিয়ে
(৩) কাৰ্ল ৰিটাৰে
উত্তৰঃ (২) ট’লেমিয়ে
(খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল—
(১) নিৰূপক ভগ্নাংশ
(২) ৰৈখিক স্কেল
(৩) ভাষাৰ স্কেল
উত্তৰঃ (১) নিৰূপক ভগ্নাংশ
(গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে —
(১) মিছৰত
(২) মেছ’প’টেমিয়াত
(৩) চীনত
উত্তৰঃ (২) মেছ’প’টেমিয়াত
৩। বহলাই লিখা—
মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা?
উত্তৰঃ এখন অর্থপূর্ণ মানচিত্র প্রস্তুত কৰি উলিওৱাটো সহজ কাম নহয়। এই ক্ষেত্রত প্রয়োজন হোৱা পদ্ধতি আৰু সামগ্রী সম্পর্কে উপযুক্ত জ্ঞানৰ প্রয়োজন হয়। সভ্যতাব একেবাবে আৰম্ভণিৰ পৰাই মানুহে মানচিত্র প্রস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্রাচীন মানচিত্র উদ্ধাৰ হৈছে মেছোপটেমিয়াত (বৰ্তমানৰ ইৰাক)। এই মানচিত্র টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছবতো এনে ধৰণৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল। তেওঁলোকে নীল নদীব বানাক্রান্ত অঞ্চলব মানচিত্র অংকন কৰিছিল। খ্রীষ্টপূর্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্র অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বত-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট আদি দেখুৱাই মানচিত্র অংকন কৰিছিল। প্রাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে (খ্রীষ্টপূর্ব ৯০-১৬৮) মানচিত্র অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। দ্রাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নির্ণয় কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছত কলম্বাচ,ভাস্কো ডা গামা আদি অভিযাত্রীসকলে পৃথিবীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি পৃথিৱী সম্পর্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপত ছপা যন্ত্রব আবিষ্কাৰে মানচিত্র প্রস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱর্তন আনিলে