অসমৰ নদ – নদী
১। চমু উত্তৰ লিখা-
(ক) ব্রহ্মপুত্র নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ’ল চেমা-য়ুং-দুং।
(খ) ব্রহ্মপুত্র নৈৰ মুঠ দৈর্ঘ্য কিমান?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য ২,৯০৬ কিলোমিটাৰ।
(গ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে?
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে।
(ঘ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা?
উত্তৰঃ উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী U আখৰটোৰ দৰে।
(ঙ) ব্রহ্মহ্মপুত্র নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈ ১) তিব্বত, ২) চীন, ৩) ভাৰত, ৪) বাংলাদেশ ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে।
২। শুদ্ধ উত্তৰটো লিখা-
(ক) গিৰিখাত নিম্নভূমি/মোহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।
উত্তৰঃ উচ্চভূমি
(খ) নৈৰ গুক্ষিত ৰূপ সাধাৰণতে পর্বত/সমভূমি/মালভূমিত দেখা যায়।
উত্তৰঃ সমভূমি
(গ) প্লাবনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/পবিবহণ/অৱক্ষেপণৰ ফলত সৃষ্টি হয়।
উত্তৰঃ অৱক্ষেপণ
(ঘ) বৰাক নৈ অসমব ২/৩/৪খন জিলাৰ মাজেবে বৈ গৈছে।
উত্তৰঃ ৩ খন
৩। সোঁফালৰ লগত বাওঁফাল মিলোৱা।
উত্তৰঃ
|
চাংপো |
তিব্বত |
|
অৰুণাচল প্ৰদেশ |
চিয়াং |
|
সৰ্পিল |
একা-বেঁকা গতি পথ |
|
কলং |
সুঁতি |
|
নদীদ্বীপ |
মাজুলী |
৪। চমু টোকা লিখা-
(ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য
উত্তৰঃ এই অংশত নৈখনে থিয় ঢালেৰে বৈ আহিবলগা হোৱা হেতুকে নদীৰ তলিত খনন অধিক হয়। সেয়েহে এই অংশত নদীৰ গতিপথৰ আকৃতি ইংৰাজী U আখৰটিৰ দৰে হয়। তদুপৰি ঠায়ে ঠায়ে নদীতলৰ গভীৰতা বহু বেছি হৈ গিৰিখাতৰো ৰূপ লয়। পার্বত্য অঞ্চলৰ থিয় ঢালেৰে বৈ অহা সোঁতে গতিপথত থকা শিল, বালি, মাটি আদি খহাই তললৈ কঢ়িয়াই আনে।
(খ) নৈৰ মধ্যগতি অংশৰ কাৰ্য
উত্তৰঃ পার্বত্য অঞ্চলত থিয় ঢালেদি বৈ অহা নৈয়ে সমভূমিৰ মৃদু ঢালৰ সম্মুখীন হয়। কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা হেতুকে এই অংশত নৈৰ গতিবেগ তুলনামূলকভাৱে ধীৰ। গতিকে এই অংশত নৈখনৰ গেদ পৰিবহণ ক্ষমতা কম। ফলস্বৰূপে পার্বত্য অঞ্চলৰপৰা কঢ়িয়াই অনা শিল, বালি, বোকা আদি সমভূমি অঞ্চলত জমা হয়।
(গ) নৈৰ নিম্নগতি অংশৰ কাৰ্য
উত্তৰঃ নিম্নগতি অংশত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্নগতি অংশত নদীৰ গতি অতি ধীৰ হয়। নদীখনৰ শাখা প্রশাখা বেছি হয়। নদীয়ে সোঁতত লৈ যোৱা বালি, মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে।
(ঘ) বৰাক নৈৰ গতিপথ
উত্তৰঃ নগালেণ্ড, মণিপুৰৰ সীমান্তবর্তী মৰাম নামৰ অঞ্চলটিৰপৰা বৰাক নৈ ওলাই আহিছে। উৎসৰপৰা মণিপুৰৰ মাজেৰে (দক্ষিণ-পশ্চিম দিশে) বৈ অহা নৈখনে মণিপুৰ-মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পিছত ই পশ্চিমলৈ ঘূৰি অসমত সোমায়। নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশেৰে বৈ গৈছে। ভাৰত বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয়। তাৰে এভাগে কুশিয়াৰা আৰু আনভাগে সুৰমা নাম লৈ বাংলাদেশত সোমায়। কিছুদূৰ গতি কৰাৰ পিছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। বৰাক নৈখন প্ৰায় ৯০০ কিল’মিটাৰ দীঘল। ই প্ৰায় ৩০ মিটাৰৰপৰা ৩০০ মিটাৰ পৰ্যন্ত বহল। বৰাক নৈৰ অসম অংশত ২৭খন সৰু-বৰ উপনৈ আছে। নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলাহ দেখা যায়। বাংলাদেশত নৈখনে গুস্ফিত ৰূপ লৈছে।
৫। ব্ৰহ্মপুত্ৰ নদীৰ গতি পথৰ অধিকাংশ সৰ্পিল কিয়?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়া সৃষ্টি কৰে। যিটো পাৰত পাৰ্শ্বখনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে। এই পাৰ্শ্বখনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা বেঁকা বা সৰ্পিল।
৬। উৎসৰপৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি কি নামেৰে জনা যায় লিখা।
উত্তৰঃ উৎসৰপৰা মোহনালৈকে ব্ৰহ্মপুত্র নদীক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়, যেনে: তিব্বতত ‘চাংপো’, অৰুণাচল প্ৰদেশত ‘চিয়াং’ বা ‘দিহিং’, অসমত ‘ব্রহ্মপুত্র’ আৰু বাংলাদেশত ‘পদ্মা’ নামেৰে জনা যায়।
৭। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভুচিত্ৰাৱলীৰ সহায় লৈ সিপিঠিত দিয়া অৱয়ৱসমূহ বহুওৱা।
১। অৰুণাচল হিমালয় ২। বৰাইল পাহাৰ ৩। কাৰ্বি মালভূমি ৪। খাছীয়া-জয়ন্তীয়া পাহাৰ ৫। নগা পাহাৰ ৬। মণিপুৰ ৭। মিজোৰাম ৮। গাৰোপাহাৰ ৯। ব্ৰহ্মপুত্ৰ ১০। সোৱণশিৰি | ১১। দিবং ১২। লোহিত ১৩। পাগলদিয়া ১৪। মানাহ ১৫। দিখৌ ১৬। ধনশিৰি ১৭। বৰাক ১৮। জাতিংগা উপনৈ ১৯। ধলেশ্বৰী ২০। সোণাই |
৮। নৈ বা উপনৈৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা।
৯। বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা।
১০। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা। প্ৰয়োজনবোধে শিক্ষক আৰু ভুচিত্ৰাৱলীৰ সহায় ল’বা।