দহন আৰু শিখা
১) দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় চৰ্ত বোৰৰ তালিকা প্ৰস্তুত কৰা ।
উত্তৰঃ দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় চৰ্ত বোৰ হল –
(ক) দাহ্য পদাৰ্থ
(খ) অক্সিজেন
(গ) জ্বলনাংক
২) খালী ঠাই পূৰ কৰা –
ক) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ……………. ঘটায় ।
উত্তৰঃ কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায় ।
খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হল …………. ।
উত্তৰঃ ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হল কেৰাচিন ।
গ) দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ……………… ……………….. লৈ নিশ্চয়কৈ তপতাব লাগে ।
উত্তৰঃ দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন উষ্ণতা লৈ নিশ্চয়কৈ তপতাব লাগে ।
ঘ) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ……………… ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱৰি ।
উত্তৰঃ তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱৰি ।
৩) যান – বাহণত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰ বোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা ।
উত্তৰঃ যান-বাহনত ব্যৱহাৰ কৰা ডিজেল আৰু পেট্ৰ’লৰ সলনি সংকুচিত প্রাকৃতিক গেছ (CNG) ব্যৱহাৰ আবম্ভকৰা হৈছে। কিয়নো চি. এন. জিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্রব্য উৎপন্ন হয়। চি. এন. জি এটা আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন।
৪) ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা ।
৫) কাৰণ দৰ্শোৱা –
ক) বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় ।
খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল ।
গ) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে ।
৬) মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিনহিত কৰা ।
৭) ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা একক টোৰ নাম লিখা ।
৮) কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা ।
৯) কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে । ব্যাখ্যা কৰা ।
১০) সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ? ব্যাখ্যা কৰা ।
১১) কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ ৪.৫ কেজি পৰিমাণক সম্পূৰ্ণ ভাৱে পোৰা হল ।
উৎপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ কেজি পোৱা গল । ইন্ধনটোৰ কেল’ৰি মান গণনা কৰা ।
১২) মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব পাৰি নে ? আলোচনা কৰা ।
১৩) আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে যত বিকাৰত পানী তপতাব লাগে । আবেদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে । ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে । কাৰ পানীখিনি সোনকালে তপত হব ।