উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
১) খালী ঠাই পূৰ কৰাঃ
ক) প্ৰাণী সমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে __________ বুলি কোৱা হয় ।
উত্তৰঃ চিৰিয়াখনা ।
খ) এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক __________ বুলি জনা যায় ।
উত্তৰঃ থলুৱা প্ৰজাতি ।
গ) ___________ ৰ পৰিবৰ্তনৰ বাবে পৰিভ্ৰমী চৰাই বোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায় ।
উত্তৰঃ জলবায়ু ।
২) এটাৰ পৰা আনটোক পৃথক কৰা-
(ক) বন্যপ্রাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল।
উত্তৰঃ বন্যপ্রাণী অভয়াৰণ্য : প্রাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল।
জীৱমণ্ডল সংৰক্ষিত অঞ্চল: বন্য প্রাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱন শৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ-অঞ্চল।
(খ) চিৰিয়াখানা আৰু অভয়াৰণ্য।
উত্তৰঃ চিৰিয়াখানা: চিৰিয়াখানা হ’ল এনে এক অঞ্চল য’ত প্ৰাণী সমূহক কৃত্ৰিমভাৱে নিৰ্মিত আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা হয় ।
অভয়াৰণ্য: প্রাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল।
(গ) বিপন্ন আৰু বিলুপ্ত প্রজাতি।
উত্তৰঃ বিপন্ন প্রজাতি: যিবোৰ প্ৰাণীৰ সংখ্যা এটা নির্দিষ্ট পর্যায়লৈ হ্রাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক বিপন্ন প্রজাতি বোলে।
বিলুপ্ত প্রজাতিঃ যিবোৰ প্রাণী পৃথিবীৰ পৰা বহু বছৰ আগতেই নোহোৱা হৈ গৈছে, সেইবোৰক বিলুপ্ত প্রাণী বোলে।
(ঘ) উদ্ভিদকুল আৰু প্রাণীকূল।
উত্তৰঃ উদ্ভিদ কুল : কোনো এক বিশেষ অঞ্চলত পোৱা উদ্ভিদক উদ্ভিদ কুল বোলে ।
প্ৰাণী কুল : কোনো বিশেষ অঞ্চলত থকা প্ৰাণী সমূহক প্ৰাণী কুল বোলে ।
৩) বনাঞ্চল ধ্বংসৰ প্রভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা-
(ক) বনৰীয়া প্ৰাণী
উত্তৰঃ বনাঞ্চলসমূহ ধ্বংসৰ ফলত বন্য প্রাণীৰ খাদ্য আৰু বাসস্থান কমি যায়। জলবায়ুৰ পৰিৱৰ্তন ঘটে। ফলত লাহে লাহে বিপন্ন হৈ অৱশেষত বিলুপ্তি ঘটে।
(খ) পৰিৱেশ
উত্তৰঃ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, বৰষুণ কম বা অনিয়মিত হব, ভূমিস্খলন হব।, গোলকীয় উষ্ণতা বৃদ্ধি হব, বতৰৰ পৰিৱৰ্তন হব আৰু পৃথিৱীৰ উত্তাপ বাঢ়িব।
(গ) গাঁও (গ্রাম্য অঞ্চল)
উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত গাওঁ অঞ্চলতো বহুত প্রভাৱ পৰিব। বৰষুণৰ পৰিমান কমি যাব। মাটিৰ উৰ্বৰতা কমি যাব। বতৰৰ পৰিবৰ্তনৰ ফলত বানপানীৰ সমস্যা দেখা দিব ।
(ঘ) নগৰ (নগৰীয়া অঞ্চল)
উত্তৰঃ বতৰৰ পৰিৱৰ্তণৰ কাৰণে অনিয়মীত বৰষুণ হব, ফলত নগৰ অঞ্চলত কৃত্ৰিম বৰষুণ হ’ব। বায়ু প্ৰদূষণ যথেষ্ঠ হ’ব ফলত প্ৰাণীবোৰে বিশুদ্ধ বায়ু নাপাব।
(ঙ) পৃথিৱী
উত্তৰঃ বায়ুমণ্ডলত কার্বণ-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব যাৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হ’ব।। নামনি অঞ্চলত মহা প্ৰলয়ৰ সৃষ্টি হব পাৰে । মাটিৰ উৰ্বৰতা কমি যাব । সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়িব ।
(চ) উত্তৰ প্ৰজন্ম
উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিৰ কুফল উত্তৰ প্ৰজন্মৰ ওপৰত পৰিব। বানপানী, মাটিৰ খহনীয়াৰ দৰে দুৰ্যোগবোৰে উত্তৰ প্ৰজন্মক ক্ষতি কৰিব। জৈৱ বৈচিত্ৰতা ধ্বংশৰ লগতে পৰিৱেশতন্ত্ৰত পৰা প্ৰভাৱ উত্তৰ প্ৰজন্মই ভোগ কৰিব।
৪) কি হব যদি-
(ক) আমি গছ কাটি গৈ থাকোঁ,
(খ) প্রাণীৰ আৱাসস্থলী বিঘ্নিত হয়,
(গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে।
৫) চমুকৈ উত্তৰ দিয়া-
(ক) জীৱ বৈচিত্র্যক আমি কিয় সংবক্ষণ কৰিব লাগে?
(খ) সংৰক্ষিত বনাঞ্চল বন্যপ্রাণীৰ বাবে সম্পূর্ণভারে সুবক্ষিত নহয়, কিয়?
(গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভবশীল, কেনেকৈ?
(ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি?
(ঙ) ৰেড ডাটা বুক কি?
(চ) পৰিভ্রমণ বুলিলে কি বুজা?
৬) কাৰখানাৰ নিতৌ বর্ধিত চাহিদা পূৰাবলৈ আৰু আরাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিতনে? আলোচনা কৰা আৰু এটি চমুটোকা প্রস্তুত কৰা।
৭) নিজৰ অঞ্চলৰ সেউজ সম্পদক প্রতিপালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা? তোমালোকে গ্রহণ কৰা কাৰ্যৰ এখন তালিকা প্রস্তুত কৰা।
৮) বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্রাস কৰে, বুজাই লিখা।
৯) তোমাৰ ৰাজ্যত থকা বাষ্ট্রীয় উদ্যানবোৰ বিচাৰি উলিওৱা। ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা।
১০) কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্রস্তুত কৰা।
Updated on: 24/12/2025