উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

১) খালী ঠাই পূৰ কৰা

ক) প্ৰাণী সমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে ………………….. বুলি কোৱা হয় ।

খ) এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ………………….. বুলি জনা যায় ।

গ) …………………… ৰ পৰিবৰ্তনৰ বাবে পৰিভ্ৰমী চৰাই বোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায় ।

২) এটাৰ পৰা আনটোক পৃথক কৰা।

(ক) বন্যপ্রাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল।

(খ) চিবিয়াখানা আৰু অভয়াৰণ্য।

(গ) বিপন্ন আৰু বিলুপ্ত প্রজাতি।

(ঘ) উদ্ভিদকুল আৰু প্রাণীকূল।

৩) বনাঞ্চল ধ্বংসৰ প্রভার তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা।

(ক) বনৰীয়া প্ৰাণী

(খ) পৰিৱেশ

(গ) গাঁও (গ্রাম্য অঞ্চল)

(ঘ) নগৰ (নগৰীয়া অঞ্চল)

(ঙ) পৃথিৱী

(চ) উত্তৰ প্ৰজন্ম

৪) কি হব যদি-

(ক) আমি গছ কাটি গৈ থাকোঁ,

(খ) প্রাণীৰ আৱাসস্থলী বিঘ্নিত হয়,

(গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে।

৫) চমুকৈ উত্তৰ দিয়া

(ক) জীৱ বৈচিত্র্যক আমি কিয় সংবক্ষণ কৰিব লাগে?

(খ) সংৰক্ষিত বনাঞ্চল বন্যপ্রাণীৰ বাবে সম্পূর্ণভারে সুবক্ষিত নহয়, কিয়?

(গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভবশীল, কেনেকৈ?

(ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি?

(ঙ) ৰেড ডাটা বুক কি?

(চ) পৰিভ্রমণ বুলিলে কি বুজা?

৬) কাৰখানাৰ নিতৌ বর্ধিত চাহিদা পূৰাবলৈ আৰু আরাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিতনে? আলোচনা কৰা আৰু এটি চমুটোকা প্রস্তুত কৰা।

৭) নিজৰ অঞ্চলৰ সেউজ সম্পদক প্রতিপালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা? তোমালোকে গ্রহণ কৰা কাৰ্যৰ এখন তালিকা প্রস্তুত কৰা।

৮) বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্রাস কৰে, বুজাই লিখা।

৯) তোমাৰ ৰাজ্যত থকা বাষ্ট্রীয় উদ্যানবোৰ বিচাৰি উলিওৱা। ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা।

১০) কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্রস্তুত কৰা।

Scroll to Top