প্ৰাণীৰ পৰিপুষ্টি
১) খালী ঠাই পূৰ কৰা –
(ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ’ল – আহাৰ গ্ৰহণ , পাচন , শোষণ , আত্মীকৰণ আৰু নির্গমণ।
(খ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থটো হ’ল যকৃৎ ।
(গ) পাকস্থলীয়ে হাইড্ৰক্লৰিক এছিড আৰু পাচক ৰস উলিয়ায়, যিয়ে খাদ্য়ৰ ওপৰত ক্ৰিয়া কৰে।
(ঘ) ক্ষুদ্ৰান্তৰ বেৰৰ পৰা ওলােৱা আঙুলিৰ দৰে প্ৰবৰ্দ্ধবােৰক ভিলি বােলা হয় ।
(ঙ) এমিবাৰ খাদ্য খাদ্যৰিক্তিকা ত হজম হয় ।
২) যদি বাক্যবোৰ সঁচা হয় শু চিন দিবা আৰু মিছা হ’লে অ চিন দিবা।
(ক) শ্ৱেতসাৰ পাচন পাকস্থলীত আৰম্ভ হয় ।
উত্তৰঃ অশুদ্ধ।
(খ) জিভাই লালটিৰ লগত খাদ্য় মিহলোৱাত সহায় কৰে ।
উত্তৰঃ শুদ্ধ।
(গ) পিত্তাসয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে ।
উত্তৰঃ শুদ্ধ।
(ঘ) ৰোমন্থকে গিলি খোৱা ঘাঁহ বোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে ।
উত্তৰঃ শুদ্ধ।
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা—
ক) স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় ।
১) পাকস্থলী ২) মুখত ৩) ক্ষুদ্ৰান্ত্ৰত ৪) বৃহদন্ত্ৰত ।
উত্তৰঃ ৩) ক্ষুদ্ৰান্ত্ৰত ।
খ)পাচন নোহোৱা আহাৰৰ পানীৰ প্ৰধানকৈ শোষণ হয় ।
১) পাকস্থলীত ২) খাদ্য়নলী ৩) ক্ষুদ্ৰান্ত্ৰত ৪) বৃহদন্ত্ৰত
উত্তৰঃ ৪) বৃহদন্ত্ৰত ।
৪) স্তম্ভ ১ত দিয়াবোৰ স্তম্ভ ২ৰ লগত মিলোৱা ।
স্তম্ভ ১ | স্তম্ভ ২ |
খাদ্য়ৰ উপাদান | পাচনৰ ফলাফল |
কাৰ্ব’হাইড্ৰেট | ফেটি এছিড বা গ্লিছাৰল |
প্ৰটিন | চেনি |
স্নেহ পদাৰ্থ | এমিন’এছিড |
উত্তৰঃ
স্তম্ভ ১ | স্তম্ভ ২ |
খাদ্য়ৰ উপাদান | পাচনৰ ফলাফল |
কাৰ্ব’হাইড্ৰেট | চেনি |
প্ৰটিন | এমিন’এছিড |
স্নেহ পদাৰ্থ | ফেটি এছিড বা গ্লিছাৰল |
৫) ভিলাই কি ? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি ?
উত্তৰঃ ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেবত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ‘ভিলাই’ (villi) বুলি কোৱা হয়।
অৱস্থিতি: ভিলাইবোৰক ক্ষুদ্রান্ত্রৰ বেৰৰ অন্তভাগত পােৱা যায় ।
কাৰ্য: ভিলাইয়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে লগতে ইয়াৰ পৃষ্ঠ ভাগে পাচন হোৱা খাদ্য বস্তুবোৰ শোষণ কৰে।
৬) পিত্তৰস ক’ত উৎপন্ন হয় । খাদ্য়ৰ কোনটো উপাদানক ই হজম কৰায়।
উত্তৰ: পিত্তৰস যকৃতত উৎপন্ন হয় । ই খাদ্য়ৰ চৰ্বী বা স্নেহপদাৰ্থ হজম কৰায় ।
৭) ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব- হাইড্ৰেটটোৰ নাম লিখা। ইয়াৰ কাৰণ কি লিখা।
উত্তৰ: ছেলুলজ।
৮) আমি কিয় গ্লুকজৰ পৰা ততালিকে শক্তি পাওঁ ?
৯) তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত-
ক) খাদ্য়ৰ শোষণত ক্ষুদ্ৰান্ত্ৰ ।
খ) খাদ্য চোবোৱাত মুখ গহ্বৰ ।
গ) বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলী ।
ঘ) খাদ সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত্ৰ ।
ঙ) মল সৃষ্টি হোৱাত বৃহদ্ৰন্ত্ৰ ।
১০) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য় আৰু পাৰ্থক্য লিখা।
১১) স্তম্ভ ১ৰ বিষয়বোৰৰ লগত স্তম্ভ ২ৰ উপযুক্ত বিষয়বোৰ মিলোৱা ।
স্তম্ভ- ১ | স্তম্ভ- ২ |
( ক ) লালটি গ্রন্থি | ( ক ) পিত্ত ৰস নিঃসৰণ |
( খ ) পাকস্থলী | ( খ ) হজম নােহােৱা খাদ্যৰ ভৰাল |
( গ ) যকৃত | ( গ ) লালটি নিঃসৰণ |
( ঘ ) ৰেক্টাম ( মলভাণ্ড ) | ( ঘ ) এছিড নিঃসৰণ |
(ঙ ) ক্ষুদ্রান্ত্র | ( ঙ ) পাচন সম্পূর্ণ হয় । |
( চ ) বৃহদান্ত্র | ( চ ) পানীৰ শোষণ |
(ছ) বিষ্ঠা নির্গমণ । |
উত্তৰ:
স্তম্ভ- ১ | স্তম্ভ- ২ |
( ক ) লালটি গ্রন্থি | গ) লালটি নিঃসৰণ কৰে |
( খ ) পাকস্থলী | ঘ) এছিড বাহিৰ কৰে |
( গ ) যকৃত | ক) পিত্তৰস নিঃসৰণ হয় |
( ঘ ) ৰেক্টাম ( মলভাণ্ড ) | ছ) মল ত্য়াগ কৰে |
(ঙ ) ক্ষুদ্রান্ত্র | ঙ) পাচন সম্পূৰ্ণ হয় |
( চ ) বৃহদান্ত্র | চ) পানীৰ শোষণ |