উদ্ভিদৰ পৰিপুষ্টি
অনুশীলনী-
(১) জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন?
উত্তৰঃ জীৱই জীয়াই থাকিবলৈ আৰু জীৱন প্ৰক্ৰিয়াসমূহ চলাই ৰাখিবলৈ খাদ্য গ্ৰহণ কৰা প্ৰয়োজন।
( ২) পাৰ্থক্য লিখা -পৰজীৱী আৰু মৃতজীৱী ।
উত্তৰঃ পৰজীৱী হল এনেধৰণৰ জীৱ, যিয়ে জীৱিত উদ্ভিদ বা প্ৰাণীৰ পৰা পুষ্টি আহৰণ কৰে ।
মৃতজীৱী হৈছে এনেধৰণৰ জীৱ, যিয়ে মৰা উদ্ভিদ, প্ৰাণী, বা গলনশীল পদাৰ্থৰ পৰা খাদ্য লাভ কৰে।
(৩) পাতত শ্বেতসাৰ (Starch) ৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?
(৪) সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা কৰা?
উত্তৰঃ সেউজীয়া উদ্ভিদৰ পাতত ক্ল’ৰ’ফিল থাকে। সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতে CO2 আৰু পানী সহায়ত খাদ্য তৈয়াৰ কৰে।
6CO2+6H2O+সূৰ্যৰপোহৰ→C6H12O6+6O2
(৬) খালী ঠাই পূৰ কৰা –
(ক) সেউজীয়া উদ্ভিদক স্ৱপোষী জীৱ বোলা হয় , যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।
(খ) উদ্ভিদৰ দ্ৱাৰা সংশ্লেষিত খাদ্য় সমূহ কাৰ্বহাইড্ৰেট হিচাপে সঞ্চিত হৈ থাকে।
(গ) সালোক সংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক পত্ৰহৰিৎ বোলা হয়।
(ঘ) সালোক-সংশ্লেষণৰ সময়ত উদ্ভিদে কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে।
৭) তলত দিয়া সমূহৰ নাম লিখা ।
(ক) এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া , মিহি আৰু নলীকাসদৃশ ।
উত্তৰঃ স্বর্ণলতা ।
(খ) এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰপুষ্টি গ্ৰহণ কৰে ।
উত্তৰঃ কলচী উদ্ভিদ।
(গ) পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে ।
উত্তৰঃ পত্ৰৰন্ধ্ৰ ।
৮) শুদ্ধ উত্তৰত চিন দিয়া।
ক) অমৰলতা
(i) স্বপোষী (ii) পৰজীৱী (iii) মৃতজীৱী (iv) পোষকৰ উদাহৰণ
উত্তৰঃ (ii) পৰজীৱী।
(খ) এবিধ উদ্ভিদ যি পোক- পতংগ খাদ্য় হিচাপে গ্ৰহণ কৰে ।
(i) অমৰলতা (ii) জৱাফুল (iii) কলচী উদ্ভিদ (iv) গোলাপ
উত্তৰঃ (iii) কলচী উদ্ভিদ ।
৯) ১নং স্তম্ভৰ লগত ২নং স্তম্ভ মিলোৱা ।
উত্তৰঃ
১ নং স্তম্ভ | ২ নং স্তম্ভ |
পত্ৰহৰিৎ | পাত |
নাইট্ৰজেন | বেক্টেৰিয়া |
অমৰলতা | পৰজীৱী |
প্ৰাণী | পৰপুষ্ট জীৱ |
পোক-পতংগ | কলচী উদ্ভিদ |
১০) শুদ্ধ বাক্য়ত (শু) আৰু অশুদ্ধ বাক্য়ত (অ) লিখা ।
(i) সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন- ডাই- অক্সাইড নিগত হয়।
উত্তৰঃ (অ)
(ii) যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়।
উত্তৰঃ (অ)
(iii) সালোক-সংশ্লেষণত প্ৰটিন উৎপন্ন নহয় ।
উত্তৰঃ (শু)
(iv) সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰসক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তিত হয় ।
উত্তৰঃ (শু)
(১১) তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা।
সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন- ডাই- অক্সাইড গ্ৰহণ কৰে?
(i) মুলৰোম (ii) পত্ৰৰন্ধ্ৰ (iii) পাতৰ সিৰা (iv) বৃতি
উত্তৰঃ (ii) পত্ৰৰন্ধ্ৰ
(১২) তলত দিয়াসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা।
উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড তলৰ কোনটো অংশৰ জৰিয়তে গ্ৰহণ কৰে?
(i) শিপা (ii) কাণ্ড (iii) ফুল (iv) পাত
উত্তৰঃ (iv) পাত