অনুশীলনী
প্ৰশ্ন ১আৰু ২ৰ অতি উপযোগী উত্তৰত চিন দিয়া
১) শিলৰ টুকুৰাৰ উপৰি, মাটিত থাকে
ক) বায়ু আৰু পানী ।
খ) পানী আৰু উদ্ভিদ ।
গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী ।
ঘ) পানী বায়ু আৰু উদ্ভিদ ।
উত্তৰঃ গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী ।
২) পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ’ল
ক) বালিচহীয়া মাটিৰ ।
খ) আলতীয়া মাটিৰ ।
গ) দোমোজা মাটিৰ ।
ঘ) বালি আৰু জৈৱিক সাৰ থকা মাটিৰ।
উত্তৰঃ খ) আলতীয়া মাটিৰ ।
৩) স্তৰ ১ ৰ লগত স্তৰ ২ মিলোৱা
স্তৰ-১ স্তৰ-2
ক) জীৱৰ বাসস্থান হ’ল ক) ডাঙৰ কণিকা
খ) মাটিৰ উপৰিভাগ খ) সকলো প্ৰকাৰৰ মাটি
গ) বালিচহীয়া মাটি গ) ডাঠ ৰঙৰ
ঘ) মাটিৰ মধ্য তৰপ ঘ) সৰু কণিকা আৰু টানকৈ বন্ধা
ঙ) আলতীয়া মাটি ঙ) কম পৰিমাণৰ হিউমাছ
উত্তৰঃ
ক) জীৱৰ বাসস্থান হ’ল খ) সকলো প্ৰকাৰৰ মাটি
খ) মাটিৰ উপৰিভাগ গ) ডাঠ ৰঙৰ
গ) বালিচহীয়া মাটি ক) ডাঙৰ কণিকা
ঘ) মাটিৰ মধ্য তৰপ ঙ) কম পৰিমাণৰ হিউমাছ
ঙ) আলতীয়া মাটি ঘ) সৰু কণিকা আৰু টানকৈ বন্ধা
৪) মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰা ।
উত্তৰঃ শিলৰ বিভাজনৰ ফলত মাটিৰ সৃষ্টি হয়। যেতিয়া শিলবোৰ বৰষুণ, বতাহ, উষ্ণতা আদি প্ৰাকৃতিক উপাদানৰ সংস্পৰ্শলৈ আহে তেতিয়া এই শিলবোৰ লাহে লাহে ভাঙি সৰু সৰু কণালৈ পৰিণত হয়। জৈৱিক পদাৰ্থ আৰু জীৱৰ অৱশিষ্টৰ লগতে এই কণাবোৰ একত্ৰিত হৈ মাটিৰ গঠন হয়।
৫) আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী ?
৬) আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা।
৭) মাটিৰ পাৰ্শ্ব-চিত্ৰ আকাঁ আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা।
৮) ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল । তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে ২০০ মি.লি .পানী অন্তঃস্ৰৱণ হ’বলৈ ৪০ মিনিট সময় লাগিছিল । পানীৰ অন্তস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা ।
৯) মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা ।