সম্পদ

অনুশীলনী-

১। সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা।

উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন সামগ্রী বা দ্রব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্রয়োজন পূৰাবলৈ কোনো উৎসৰপৰা আহৰণ কৰিব পৰা দ্রব্য বা সামগ্ৰীসমূহেই হ’ল সম্পদ।

সম্পদ তিনি প্ৰকাৰৰ আৰু এইবোৰ হ’লㅡ

(ক) প্ৰাকৃতিক সম্পদ

(খ) মানৱ সম্পদ আৰু

(গ) মানৱসৃষ্ট সম্পদ

২। ‘মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ।’ যুক্তি দৰ্শাই লিখা (এশমান শব্দৰ ভিতৰত)।

উত্তৰঃ মানুহ হৈছে শ্রেষ্ঠতম জৈৱিক সম্পদ। ব্যক্তিৰ বুদ্ধিমত্তা, কর্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়ে মানুহে নিজে দেশৰ সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এইক্ষেত্ৰত ভাৰতবৰ্ষত দেখা দিয়া মেধাৰ বহির্গমন (Brain drain) সমস্যাটো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতো কার্য ব্যবস্থা হাতত লৈছে।

৩। তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।

৪। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা।

উত্তৰঃ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বর্তমান আৰু ভবিষ্যত উভয়তে পূৰাব পৰা ব্যৱস্থাই সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন।

মানুহৰ প্রগতি আৰু অর্থনৈতিক বিকাশৰ বাবে প্রকৃতিত থকা সম্পদৰাজিৰ সদ্ব্যবহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ দিশ। ভবিষ্যতেও যাতে এনে সম্পদৰাজিৰ ব্যৱহাৰ কৰিব পৰাটো সম্ভব হৈ থাকে, সেইক্ষেত্রত সচেতনতাৰ মনোভাব গঢ়ি উঠা প্রয়োজন। বাঁহ, কাঠ আদিকে ধবি বহুকেইবিধ সম্পদ মানুহৰ অত্যধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাব সৃষ্টি হৈছে। হয়তো এনেবোৰ সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ’ব। সেয়েহে এনে সম্পদৰাজিব ভবিষ্যৎ ব্যৱহাৰ আৰু দীর্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূর্ণ ।

৫। পাৰ্থক্য লিখি উলিওৱা-

(ক) নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ

(খ) সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ

(গ) প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ

৬। শুদ্ধ উওৰটো বাছি উলিওৱা-

(ক) সম্পদ হ’বলৈ হ’লে তলৰ কোনটো প্ৰাসংগিক নহয়?

(i) পৰিমাণ (ii) প্ৰয়োজন পূৰাব পৰা সামগ্ৰী (iii) ব্যৱহাৰৰ বাবে উপযোগী

উত্তৰঃ (i) পৰিমাণ।

(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়?

(i) পৰ্বত-পাহাৰ (ii) থকা ঘৰ (iii) জলবিদ্যুৎ

উত্তৰঃ (i) পৰ্বত-পাহাৰ।

৮। তলৰ তালিকাখনৰ আলমত স্থানীয় সম্পদসমূহৰ সংৰক্ষণৰ পৰিকল্পনা কৰোঁ আহা।

সম্পদৰ উপাদান সমূহ

কেনেকৈ সংৰক্ষণ কৰিব?

কাৰ সহায়ত বা সহযোগ লৈ কৰিব?

কি কামত আহিব?

ৰাজহুৱা পুখুৰী, বিল, জলাশয় ইত্যাদি

   

ঐতিহ্যমূলক সমল (নাম উল্লেখ কৰিব)

   

ওচৰৰ পাহাৰ, নৈ

   

স্থানীয় সাংস্কৃতিক সমল

   

সৃষ্টিশীল কাম-কাজ (কামৰ উল্লেখ কৰিব)

   
Scroll to Top