সৌৰজগতত আমাৰ পৃথিৱী

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা –

(ক) সৌৰজগত বুলিলে কি বুজা?

উত্তৰ: সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা, আৰু গ্ৰহনুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোক  সৌৰজগত বোলা হয়।

(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা।

উত্তৰ: বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।

(গ) সূৰ্য কি ? সূৰ্যৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰ: সূৰ্য হৈছে আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্বল উতপ্ত নক্ষত্ৰ। সূৰ্য হৈছে সকলো শক্তিৰ উৎস।

(২) উত্তৰ দিয়া –

(ক) নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়? 

উত্তৰ: নক্ষত্ৰ।

(খ) ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে? 

উত্তৰ: সূৰ্যয়ে।

(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি? 

উত্তৰ: সূৰ্য।

(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা পিণ্ডবোৰক কি বুলি জনা যায়?

উত্তৰ: উল্কাপিণ্ড।

(৩) পাঠৰ চিত্ৰ- ১.৩ ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা —

(ক) সূৰ্যৰপৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?

উত্তৰ: নেপচুন।

(খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?

উত্তৰ: শনি আৰু নেপচুন।

(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?

উত্তৰ: তৃতীয়।

(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? 

উত্তৰ: বৃহস্পতি।

(ঙ) গ্ৰহানুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? 

উত্তৰ: মঙ্গল আৰু বৃহস্পতিৰ মাজত।

(৪) শুদ্ধ উত্তৰটো লিখা —

(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? 

(১) বুধ  (২) শুক্ৰ  (৩) মঙ্গল  (৪) শনি

উত্তৰ: (২) শুক্ৰ।

(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্বল পদাৰ্থ পিণ্ডবোৰ হ’ল —

 (১) ধূমকেতু (২) গ্ৰহানুপুঞ্জ (৩) উপগ্ৰহ (৪) নক্ষত্ৰ

উত্তৰ: (১) ধূমকেতু।

Scroll to Top