মানুহৰ জীৱন প্ৰণালীত বিকাশ

অনুশীলনী – ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্রহণ কৰিছিল?

উত্তৰ: আদিম মানুহে গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি সংগ্ৰহ কৰি কেচাই খাইছিল।

(খ) আদিম মানুহৰ আশ্রয়স্থলবোৰ কেনে আছিল?

উত্তৰ: আদিম মানুহৰ আশ্ৰয়স্থল আছিল শিলৰ গুহা আৰু গছৰ খোৰোং

(গ) আদিম যুগৰ সজুঁলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল?

ত্তৰ: আদিম যুগৰ সঁজুলিবোৰ আছিল শিল, গছৰ ডাল, জীৱ-জন্তুৰ হাড় আদি। সঁজুলিবোৰ শিলেৰে মিহি আৰু জোঙা কৰিছিল।

(ঘ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?

উত্তৰ: আদিম মানুহে আহাৰ বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰোঁতে দুটা শিল ঘঁহি ফিৰিঙতিৰ সৃষ্টি কৰিছিল। সেই ফিৰিঙতিয়ে শুকান পাতত পৰি জুই জ্বলি উঠিছিল। এনেদৰে জুইৰ উৎপত্তি হৈছিল।

২. চমুটোকা লিখা-

(ক) আদিম মানুহৰ খাদ্যাভ্যাস

উত্তৰ: আদিম মানুহে ভৌগোলিক অৱস্থান, জলবায়ু আৰু ঋতুৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে জীৱ জন্তু চিকাৰ কৰি, ফল-মূল, শাক-পাচলি  আদি খাইছিল।

(খ) আদিম মানুহৰ আশ্রয়স্থল

ত্তৰ: আদিম মানুহে গুহা, গছৰ ডাল-পাতৰ তলত, শিলৰ গুহা আদিত বাস কৰিছিল। কেতিয়াবা তেওঁলোকে মুকলি আকাশৰ তলতো থাকিবলগীয়া হৈছিল।

৩. জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা।

উত্তৰ: জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ নিৰাপত্তা, খাদ্য, বাসস্থান, পোহৰ আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিছিল। ইয়াৰ ফলত আদিম মানুহৰ জীৱনযাপনৰ মান উন্নত হৈছিল।

অনুশীলনী – ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মানুহে পোহা প্রথম জন্তুবিধ কি আছিল?

উত্তৰ: মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ।

(খ) পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল?

উত্তৰ: মানুহে যেনেকৈ বহু বছৰ নিৰীক্ষণ কৰি খেতি কৰা কামটো শিকিছিল, ঠিক তেনেকৈ জীৱ-জন্তুৰ পোহপাল কৰাটোও বহু বছৰ ধৰি নিৰীক্ষণ কৰিয়েই শিকিছিল।

২. কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল?

উত্তৰ: মানুহে যাযাবৰী জীৱন কটাই থকা কালত পুৰুষসকলে চিকাৰ কৰিছিল আৰু মহিলাসকলে ফল-মূল, শিপা, ঘাঁহ আদি গোটাইছিল। তেওঁলোকে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য’ত পেলাই দিয়া হয় তাতেই পুনৰ একেই গছ গজে আৰু ফলো ধৰে। খাদ্য বিচাৰি এঠাইৰপৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল। গুটিৰপৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল। এনেদৰে কৃষিৰ আৰম্ভণি আৰু বিকাশ হৈছিল।

অনুশীলনী – ৩

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) আদিম মানুহে কেতিয়াৰপৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে?

উত্তৰ:আদিম লোকসকলে জীৱ-জন্তুৰপৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল।

(খ) বর্তমান সময়তো খাদ্য-সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন-নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা।

উত্তৰ: জাৰোৱা জনগোষ্ঠী।

(গ) গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল?

উত্তৰ: জীৱ-জন্তুৰ লগতে শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য। তেতিয়া আজিৰ দৰে পানী কঢ়িওৱাৰ সুবিধাও নাছিল। সেয়েহে, সকলোৱে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল। এইদৰে নৈ-নিজৰা আদিৰ সমীপতে গাঁওবোৰ গঢ়ি উঠিছিল।

(ঘ) মানুহে প্রথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?

উত্তৰ: মানুহে প্রথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। 

(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল?

উত্তৰ:চকাৰ আৱিষ্কাৰৰ পাছৰেপৰা মানুহে বস্তুৰ আদান-প্রদান আৰু পাছলৈ যাতায়াতৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ফলত বস্তু-বাহানিৰ আদান-প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ’বলৈ ধৰে।

অনুশীলনী – ৪

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

১. আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল?

উত্তৰ: দিন যোৱাৰ লগে লগে মানুহে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ ধৰে। বহু লোক খেতিৰ উপৰি বিভিন্ন পাত্ৰ তৈয়াৰ কৰা, পশুপালন কৰা আদি কামতো নিয়োজিত হয়। লাহে লাহে গাঁওৰ মানুহৰ মাজতো বিভিন্ন সামগ্ৰীৰ আদান-প্রদান, অহা-যোৱা চলিবলৈ ধৰে।

২. অতীতত প্রথম বাণিজ্যকেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল?

উত্তৰ:সামগ্ৰী বিনিময়ৰ কাৰণে লাহে লাহে কেতবোৰ সুচল ঠাই বাছি লয়। সেই ঠাইবোৰেই পাছলৈ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠে।

৩. আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰ: ভাৰতত আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান ঠাই হৈছে –ভীমবেটকা (মধ্য প্রদেশ), বেলান উপত্যকা (উত্তৰ প্ৰদেশ), মির্জাপুৰ (উত্তৰ প্ৰদেশ), বাগোৰ (ৰাজস্থান), বুৰ্জহোম (কাশ্মীৰ)।

Scroll to Top