আমাৰ পৃথিৱী
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সূৰ্যৰ পৰিয়ালটোৰ নাম কি?
উত্তৰঃ সূৰ্যৰ পৰিয়ালটোৰ নাম হ’ল- সৌৰজগত ।
(খ) পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা।
উত্তৰঃ পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ’ল- চন্দ্ৰ।
২। সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্রমে লিখা।
উত্তৰঃ (১) বুধ (২) শুক্র (৩) পৃথিৱী, (৪) মংগল (৫) বৃহস্পতি (৬) শনি (৭) ইউৰেনাচ আৰু (৮) নেপচুন।
৩। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ’লেও পৃথিৱীৰপৰা দুয়োটাকে কিয় সমান দেখি?
উত্তৰঃ চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্র উপগ্রহ। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰপৰা চন্দ্ৰ আৰু সূর্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি।
অনুশীলনী – ২
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আর্হিটো কি?
উত্তৰঃ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আর্হিটো হ’ল- ‘গোলক’।
(খ) পৃথিৱীৰ পৰিধি কিমান?
উত্তৰঃ পৃথিৱীৰ পৰিধি প্ৰায় ৪০,০০০ কিলোমিটাৰ।
(গ) পৃথিৱীয়ে কোন দিশৰপৰা কোন দিশলৈ ঘূৰে?
উত্তৰঃ পৃথিৱীয়ে পশ্চিম দিশৰপৰা পূব দিশলৈ ঘূৰে।
(ঘ) পৃথিৱীৰ মেৰুদণ্ড কাক বোলে?
উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।
২। পৃথিৱীৰ দুই মেৰু আৰু বিষুৱৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা।
অনুশীলনী – 3
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) অক্ষৰেখা কাক বোলে?
উত্তৰঃ বিষুৱৰেখাৰ সমান্তৰালকৈ ক্রমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা দেখা যায়। এই ৰেখাবোৰকে অক্ষৰেখা বোলে।
(খ) বিষুৱৰেখাৰ কৌণিক মান কিমান?
উত্তৰঃ বিষুৱৰেখাৰ কৌণিক মান 0°।
(গ) সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান?
উত্তৰঃ সুমেৰুৰ কৌণিক মান ৯০° উত্তৰ আৰু কুমেৰুৰ কৌণিক মান ৯০° দক্ষিণ।
২। বিষুৱৰেখাৰ বিষয়ে বর্ণনা কৰা।
৩। এটা গোলকৰ ছবি আঁকি তাত প্রধান অক্ষৰেখা কেইডাল দেখুওৱা।