ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
(১) তলৰ প্রশ্নবোৰৰ চমু উত্তৰ দিয়া-
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰঃ মানচিত্ৰৰ উপাদান তিনি বিধ হ’ল – দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন।
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰঃ পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণ।
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰঃ ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰাকৃতিক দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্বৰ অনুপাতে হ’ল সেই মানচিত্ৰৰ মাপনী।
(ঘ) কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্র কিদৰে বেছি সুবিধাজনক?
উত্তৰঃ গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্রতহে গোলকটো উপযুক্তভাবে ব্যৱহাৰ কৰিব পাৰি। আমি যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অর্থাৎ কোনো দেশ, বাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ; তেতিয়া আমি গোলকৰ সলনি মানচিত্রৰ বেছি সুবিধাজনক হয়।
(ঙ) মানচিত্র আৰু নক্সাৰ মাজত পার্থক্য কি?
(চ) মানচিত্র অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কি দৰে সহায় কৰে?
(২) শুদ্ধ উত্তৰটোত (✓) চিহ্ন দিয়া —
(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্র বিধ হ’ল—
(১) বতৰৰ মানচিত্ৰ
(২) বিষয় ভিত্তিক মানচিত্ৰ
(৩) ৰাজনৈতিক মানচিত্ৰ
উত্তৰঃ (২) বিষয় ভিত্তিক মানচিত্ৰ।
(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্রত নীলা ৰং ব্যৱহাৰ কৰা হয়
(১) পানী ভাগ
(২) পৰ্বত
(৩) সমভূমি
উত্তৰঃ (১) পানী ভাগ।
(গ) কম্পাছ ব্যৱহাৰ কৰা হয়—
(১) সাংকেতিক চিহ্ন দেখুৱাবলৈ
(২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ
(৩) দূৰত্ব জুখিবলৈ
উত্তৰঃ (২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ।
(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্রয়োজন?
(১) মানচিত্ৰ অংকন
(২) আৰ্হি চিত্ৰ
(৩) চিহ্ন
উত্তৰঃ (১) মানচিত্ৰ অংকন।