সময়মণ্ডল আৰু মানচিত্ৰ
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান?
উত্তৰঃ দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান ১ ঘণ্টা।
(খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?
উত্তৰঃ পৃথিবীখনক ২৪ টা সময় মণ্ডলত ভাগ কৰা হৈছে।
(গ) ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে?
উত্তৰঃ ভাৰতৰ মাজেৰে যোৱা ৮২°৩০′ পূব দ্রাঘিমাৰেখাৰ সময়ক ভাৰতৰ মান সময় হিচাপে গণ্য কৰা হৈছে।
২. সময় মণ্ডল কেনেকৈ গণনা কৰা হয়?
উত্তৰঃ মুখ্য দ্রাঘিমাৰেখাৰ (00) সময়ৰ লগত প্রতি ১৫° দ্রাঘিমাংশৰ মূৰে মূৰে এক ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়।
অনুশীলনী – 2
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰঃ মানচিত্র এখনৰ উপাদানকেইটা হ’ল- দিশ, দূৰত্ব, অবস্থান আৰু সাংকেতিক চিহ্ন।
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰঃ প্ৰধান দিশ চাৰিটা-
(i) উত্তৰ
(ii) দক্ষিণ
(iii) পূৱ
(iii) পশ্চিম
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰঃ ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্রাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনী (Scale) বোলে।
২. কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্র কিয় বেছি সুবিধাজনক?
উত্তৰঃ গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। আমি যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ; তেতিয়া আমি গোলকৰ সলনি মানচিত্ৰৰ সহায় ল’বলগীয়া হয়।
৩. মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ গোটেই পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কাগজ বা তেনে কোনো সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্রই হ’ল মানচিত্র। আনহাতে নক্সা হ’ল ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ।
৪. মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহয় কৰে?
উত্তৰঃ মানচিত্রত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, বাস্তা-ঘাট, দলং, গছ-গছনি, বে’লপথ, পুখুৰী, কুঁৱা, খেতি-পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নির্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পর্কে আমাক জনাব পাৰে। মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে একে। পৃথিবীৰ যিকোনো ঠাইৰ মানচিত্রৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰোঁ।