জীৱ আৰু জৈৱ বৈচিত্র্য
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-
(i) উদ্ভিদৰ তলৰ কোনটো প্রক্রিয়াত পখিলাই উদ্ভিদক সহায় কৰে?
(a) অভিযোজন
(b) খাদ্য প্রস্তুতকৰণ
(c) প্রজনন
(d) শ্বাস-প্রশ্বাস
উত্তৰঃ (c) প্রজনন
(ii) ডালিম গছ এবিধ-
(a) বৃক্ষ
(b) গুল্ম
(c) তৃণ
(d) আৰোহী লতা
উত্তৰঃ (b) গুল্ম
(iii) তলৰ কোনবিধ জলজ উদ্ভিদ নহয়?
(a) পদুম
(b) খৰিকাজাঁই
(c) পুনি
(d) ভেঁট
উত্তৰঃ (b) খৰিকাজাঁই
(iv) চৰাইৰ ডেউকা হ’ল-
(a) পাখিৰ ৰূপান্তৰ
(b) আগঠেঙৰ ৰূপান্তৰ
(c) পিছঠেঙৰ ৰূপান্তৰ
(d) (a) আৰু (b) দুয়োটাই
উত্তৰঃ (b) আগঠেঙৰ ৰূপান্তৰ
(v) ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি?
(a) ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে
(b) ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে
(c) ই দেহক শীতৰ প্রকোপৰ পৰা সুৰক্ষা দিয়ে
(d) ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে
উত্তৰঃ (c) ই দেহক শীতৰ প্রকোপৰ পৰা সুৰক্ষা দিয়ে
2. খালী ঠাই পূৰ কৰা।
(i) বীজপত্র _________ৰ ভিতৰত থাকে।
উত্তৰঃ বীজপত্র বীজৰ ভিতৰত থাকে।
(ii) জালৰ দৰে সিৰাবিন্যাস _________ উদ্ভিদৰ চৰিত্ৰ।
উত্তৰঃ জালৰ দৰে সিৰাবিন্যাস দ্বিবীজপত্রী উদ্ভিদৰ চৰিত্ৰ।
(iii) উটৰ কুঁজটোত _________ জমা হৈ থাকে।
উত্তৰঃ উটৰ কুঁজটোত চর্বি জমা হৈ থাকে।
(iv) পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি ________ ৰ দৰে।
উত্তৰঃ পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে।
(v) ফোপোলা হাড় _________ৰ এক চৰিত্ৰ।
উত্তৰঃ ফোপোলা হাড় চৰাইৰ এক চৰিত্ৰ।
3. চমু উত্তৰ লিখা।
(i) আৱাসস্থল কাক বোলে?
উত্তৰঃ জীৱই যি ঠাইত বাস কৰে তাকে জীৱৰ আৱাসস্থলী বোলে।
(ii) জৈৱ বৈচিত্র্য মানে কি বুজা?
উত্তৰঃ আমাৰ পৰিৱেশত অনেক প্ৰকাৰৰ জীৱ আছে। পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে। ইয়াকে আমি জৈৱ বৈচিত্র্য বুলি কওঁ।
(iii) কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কি দৰে অভিযোজন কৰে?
উত্তৰঃ কেকটাছবোৰ কাঁইটীয়া। দৰাচলতে কাঁইটবোৰ পাতৰ ৰূপান্তৰ। উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয়। কেক্টাছৰ গা-গছ সেউজীয়া। সেইবাবে খাদ্য তৈয়াৰ কৰিব পাৰে। কেক্টাছৰ কাণ্ড মঙহাল, ইয়াত পানী জমা হৈ থাকে।
(iv) জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা।
(v) সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া।
(vi) জৈৱ বৈচিত্র্যব গুৰুত্ব লিখা।
(vii) ‘চৰাই জৈৱ বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ’ -ব্যাখ্যা কৰা।
4. শুদ্ধ নে অশুদ্ধ লিখা।
(i) সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী।
উত্তৰঃ অশুদ্ধ
(ii) চৰায়ে অৰণ্য বিস্তাৰণত সহায় কৰে।
উত্তৰঃ শুদ্ধ
(iii) পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই।
উত্তৰঃ অশুদ্ধ
(iv) জৈৱ বৈচিত্র্যৰ অৱক্ষয়ে পৰিৱেশত প্রভাৱ পেলায়।
উত্তৰঃ শুদ্ধ
(v) অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।
উত্তৰঃ অশুদ্ধ