বিজ্ঞানৰ বিচিত্র জগতখন
1. খালী ঠাই পূৰ কৰা-
(a) বিজ্ঞান হ’ল __________ আৰু ____________ ৰ জৰিয়তে লাভ কৰা জ্ঞান।
উত্তৰঃ বিজ্ঞান হ’ল পর্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান।
(b) পর্যৱেক্ষণ, __________ আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।
উত্তৰঃ পর্যৱেক্ষণ,আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।
(c) _________ ৰ বাবে আমি খাদ্য খাওঁ।
উত্তৰঃ জীৱন ধাৰণৰ বাবে আমি খাদ্য খাওঁ।
(d) পঞ্জাবত মানুহে প্রধানকৈ _________ খায়।
উত্তৰঃ পঞ্জাবত মানুহে প্রধানকৈ ৰুটি খায়।
(e) কম্পাছত _________ থাকে।
উত্তৰঃ কম্পাছত চুম্বক থাকে।
2. শুদ্ধ উক্তিটোত (✔) চিন দিয়া-
(a) আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে
উত্তৰঃ শুদ্ধ।
(b) পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো।
উত্তৰঃ অশুদ্ধ।
(c) বৰষুণ হিচাপে পানী আকাশৰপৰা মাটিত পৰে।
উত্তৰঃ শুদ্ধ।
(d) ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা-পশ্চিমা হৈ থাকে।
উত্তৰঃ অশুদ্ধ।
(e) হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে।
উত্তৰঃ শুদ্ধ।
3. চমু উত্তৰ দিয়া-
(a) মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে?
উত্তৰঃ মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা আৰু সেউজীয়া বলৰ নিচিনা দেখে।
(b) কম্পাছৰ মূলবস্তু কি?
উত্তৰঃ কম্পাছৰ মূলবস্তু হ’ল- চুম্বক।
(c) ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে?
উত্তৰঃ ওলোমাই ৰখা চুম্বক এডাল উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।
(d) নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নির্ণয় কৰে?
উত্তৰঃ নাৱিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নির্ণয় কৰে।