বুধিয়ক বীৰবল

১) তলৰ ছবি দুখনে সাধুটোৰ কোন কোন অংশ প্রকাশ কৰিছে কোৱা।

Screenshot 2025 05 02 221307

২) ‘বুধিয়ক বীব্বল’ কাহিনীটো নিজৰ কথাৰে কোৱা।

৩) কোৱা আৰু লিখা-

(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল?

উত্তৰঃ অৰণ্যত চিকাৰ কৰি সম্ৰাট আকবৰে ভাল পাইছিল ।

(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল?

উত্তৰঃ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল “বীৰবল, তুমিতো পশু- পক্ষীৰ মাত বুজি পোৱা! কোৱাচোন, এই ফেঁচা দুটাই কি কথা পাতি আছে।

(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?

উত্তৰঃ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কৈছিল যে ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা । সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে ।

(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল?

উত্তৰঃ পশু-পক্ষী নোহোৱা তেনে অৰণ্য চল্লিশখন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল।

(ঙ) ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল?

উত্তৰঃ ৰাজকন্যাৰ পিতাকে বৰ্তমান পঁচিশখনমানহে তেনে অৰণ্য দিব পৰা যাব বুলি কৈছিল ।

(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল?

উত্তৰঃ ৰাজকন্যাৰ পিতাকে দুমাহ সময়  বিচাৰিছিল কাৰণ পশু-পক্ষী নোহোৱা তেনে অৰণ্য পঁচিশখনমানহে আছিল আৰু এই দুই মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু-পক্ষী চিকাৰ কৰি নিঃশেষ কৰি দিব তেতিয়া তেনেকোৱা অৰণ্য পঞ্চাশখনতকৈও অধিক দিব পাৰিব, সেই কাৰণে দুমাহৰ সময় বিচাৰিছিল।

(ছ) অৰণ্যত চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল?

উত্তৰঃ অৰণ্যত চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি বীৰবলে কৈছিল।

(জ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে?

উত্তৰঃ বীৰবলৰ কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে বনৰ পশু-পক্ষী শেষ হৈ যাব ।

(ঝ) আকবৰে শেষত বীৰবলক কি কথা কৈছিল?

উত্তৰঃ আকবৰে শেষত বীৰবলক কলে- “আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ’ল আৰু ভবিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল।”

Scroll to Top