আহাৰৰ প্ৰয়োজনীয়তা
১। চমুকৈ উত্তৰ লিখা-
(ক) আমাক কিয় আহাৰৰ প্ৰয়োজন হয়?
উত্তৰঃ জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন।
(খ) খাদ্যত থকা উপাদানবোৰ কি কি?
উত্তৰঃ খাদ্যত থকা ছয়বিধ উপাদান হ’ল- শৰ্কৰা, প্ৰ’টিন, চর্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী।
(গ) শৰ্কৰা, প্ৰ’টিন আৰু চর্বিজাতীয় আহাৰৰ দুটাকৈ নাম উল্লেখ কৰা।
উত্তৰঃ শৰ্কৰা জাতীয় আহাৰ- ভাত, ৰুটি ।
প্ৰটিন জাতীয় আহাৰ- গাখীৰ, দৈ ।
চৰ্বি জাতীয় আহাৰ- তেল, মাখন ।
(ঘ) সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্রয়োজন?
উত্তৰঃ আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ’টিন, চর্বি, ভিটামিন আৰু খনিজ দ্রব্য যিবোৰ আহাৰত প্রয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয়। এবিধ বা ততোধিক উপাদানৰ অভাৱত শৰীৰত বেমাৰৰ সৃষ্টি হ’ব পাৰে। সেইবাবে সুষম আহাৰৰ প্ৰয়োজন।
(ঙ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে?
উত্তৰঃ পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে। পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।
২। খালী ঠাই পূৰ কৰা-
(ক) জীয়াই থাকিবৰ বাবে ___________ প্রয়োজন।
উত্তৰঃ জীয়াই থাকিবৰ বাবে আহাৰ প্ৰয়োজন।
(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল ___________ ।
উত্তৰঃ আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল প্ৰটিন।
(গ) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ___________ আৰু ____________ থাকে।
উত্তৰঃ সেউজীয়া শাক-পাচলি আৰু ফল -মূলত ভিটামিন আৰু খনিজ থাকে।
(ঘ) প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক __________আহাৰ বোলে।
উত্তৰঃ প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে।
(ঙ) ভিটামিন ___________ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।
উত্তৰঃ ভিটামিন A ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক’ অংশ | ‘খ’ অংশ |
আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল | কেলচিয়াম |
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণ বিধ হ’ল | লো |
তেজৰ গঠনত সহায় কৰা খনিজ লৱণ বিধ হ’ল | গৰল |
আয় ‘ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ’ল | শর্কৰা |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল | শর্কৰা |
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণ বিধ হ’ল | কেলচিয়াম |
তেজৰ গঠনত সহায় কৰা খনিজ লৱণ বিধ হ’ল | লো |
আয় ‘ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ’ল | গৰল |
৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা-
(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল-গাখীৰ আৰু দৈ/চৰ্বি আৰু প্ৰ’টিন/ভিটামিন আৰু খনিজ দ্রব্য।
উত্তৰঃ আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল ভিটামিন আৰু খনিজ লৱণ।
(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়-বেৰিবেৰি/কুকুৰীকণা/অভাৱজনিত ৰোগ।
উত্তৰঃ দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক অভাৱজনিত ৰোগ বুলি কোৱা হয়।
(গ) ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ’ল-গাখীৰ/আমলখি/ছয়াবিন।
উত্তৰঃ ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ’ল আমলখি।
(ঘ) আমাৰ শীৰৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ’ল-গাখীৰ/পানী/শাক-পাচলি।
উত্তৰঃ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদার্থবােৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ’ল পানী ।