অসম আমাৰ ৰূপহী
উত্তৰ দিয়া-
(ক) ড০ ভূপেন হজৰিকাই ‘ আই ‘ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ: ড° ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে।
(খ) ড০ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?
উত্তৰ: হাজৰিকাদেৱে মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে।
(গ) শৰৎ নিশাই আইৰ কেশ কিহৰে সজায়?
উত্তৰ: শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায় ।
(ঘ) পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?
উত্তৰ: পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে।
(ঙ) ড০ ভূপেন হাজৰিকাই ক’ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে?
উত্তৰ: হাজৰিকাদেৱে অসম দেশতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
(চ) এই গীতটিত গীতিকাৰ ড০ ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ ‘ বুলি কোনখন দেশক বুজাইছে?
উত্তৰ: ড° ভূপেন হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে অসম দেশক বুজাইছে।
(ছ) গীতিকাৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন কতো কি নোপোৱাৰ কথা কৈছে?
উত্তৰ: গীতিকাৰ ভূপেন হাজিকাই গোটেই জীৱন বিচাৰিেও অসমৰ দৰে ৰসাল মাটি কতো নাপাই বুলি কৈছে।
২। ড০ ভূপেন হাজৰিকাই অসমৰ পৰিবেশ কেনেকুৱা বুলি কৈছে লিখা।
উত্তৰ: ‘অসম আমাৰ ৰূপহী’ গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই অসমৰ পৰিবেশ চিৰ বিনন্দীয়া সেউজ বৰণীয়া বুলি কৈছে।
৩। দলত আলোচনা কৰি বহলাই লিখা:
(ক) ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ – ভৈয়াম একে কৰা মানে কি?
উত্তৰ: ৰামধেনু হ’ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। ৰামধেনু দৰে পাহাৰ-ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলাপ্ৰীতিৰ কথা কৈছে।
(খ) লৌহিত্য মানে কি ? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে?
উত্তৰ: লৌহিত্য মানে লুইত বা ব্রহ্মপুত্র । লুইত খন অসমৰ প্ৰাণ স্বৰূপ, সেই বাবে গীতিকাৰে প্ৰণিপাত জনাইছে।
৪। গীতটিৰ মূলকথাখিনি কোৱা আৰু লিখা।
উত্তৰ দিয়া:
(ক) গীতটিত ‘ ম ‘ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে । ‘ ৰ ‘ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে?
(খ) গীতটিত ‘ া ‘ – কাৰ ( স্বৰ) চিনটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো -কাৰ( স্বৰ )চিন এবাৰও ব্যৱহাৰ হোৱা নাই?
(গ) ” অসম আমাৰ ৰূপহী ” গীতটিত থকা ‘ ৰ ‘ আৰু ‘ ৰে ‘- ৰে শেষ হোৱা শব্দবোৰ লিখা।