জোনাকৰ জেউতি

উত্তৰ দিয়া-

(ক) ‘জোনাকৰ জেউতি’ পাঠটোত কোনে কালৈ চিঠি লিখিছিল?

উত্তৰঃ ‘জোনাকৰ জেউতি’ পাঠটোত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল।

(খ) চিঠিখনত লিখা ভাল খবৰটো কি?

উত্তৰঃ চিঠিখনত লিখা ভাল খবৰটো হ’ল মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে।

(গ) পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল?

উত্তৰঃ পুথিভঁৰালটোৰ নাম ৰখা হৈছিল জোনাক।

(ঘ) পুথিভঁৰালীজনৰ নাম কি?

উত্তৰঃ পুথিভঁৰালীজনৰ নাম হল নীলকান্ত বৰুৱা।

(ঙ) পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল?

উত্তৰঃ পুথিভঁৰালটো শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল।

(চ) পুথিভঁৰাললৈ দহখন কিতাপ কোনে দান কৰিছিল?

উত্তৰঃ পুথিভঁৰাললৈ শ্ৰীযুত কমল বৰুৱাই দহখন কিতাপ দান কৰিছিল।

(ছ) মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি?

উত্তৰঃ মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ’ল ‘বিজ্ঞানৰ সৰু সৰু কথা-১’আৰু ‘বিজ্ঞানৰ সৰু সৰু কথা দ্বিতীয় ভাগ ‘।

(জ) প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰ: প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ’ল নালন্দা বিশ্ববিদ্যালয়।

“ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ।” এই বাক্যশাৰী কোনে, কাক, কি প্ৰসংগত কৈছে? বহলাই লিখা।

উত্তৰঃ মুকুটহঁতৰ গাৱঁত এটা পুথিভঁৰাল স্থাপন কৰাৰ ফলত সেই গাওঁখনৰ মানুহে কিতাপ পঢ়ি শিক্ষিত কিতাপৰ জ্ঞানেৰে জ্ঞানী হৈ উঠিব বুলি আশা কৰি উক্ত বাক্যশাৰী মুকুটে নিয়ৰক কৈছিল।

কি কি গুণৰ বাবে নীলাকান্ত দাদাক পুথিভঁৰালী পাতিছিল?

উত্তৰঃ তেওঁক সকলোৱে কিতাপৰ পোক বুলি কয়। কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ-পত্ৰবোৰ পৰি-পাতিকৈ সজাই ৰাখিব জানে।এইবিলাক গুণ থকাৰ বাবে তেওঁক পুথিভঁৰালী পাতিছে।

গামোচাখনত সিঁচৰিত হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা।

গ্ৰন্থ গ্ৰন্থকাৰ গ্ৰন্থগাৰ। পাঠক পাঠক পুথি পুথিভঁৰাল পুস্তকালয়

লিখক প্ৰণেতা পঢ়ুৱৈ পুস্তক

উদাহৰণ –

কিতাপ লিখোঁতা পঢ়োঁতা ভঁৰাল

পুথি লিখক পাঠক পুথিভঁৰাল

পুস্তক প্ৰণেতা পঢ়ুৱৈ পুস্তকালয়

গ্ৰন্থ গ্ৰন্থকাৰ গ্ৰন্থগাৰ

যুক্তাক্ষৰ পঢ়োঁ আৰু লিখোঁ আহা-

বিজ্ঞান জ্ঞ = জ + ঞ জই ঞই জ্ঞ

দ্ৰুত দ্ৰু = দ + ৰ + উ দই ৰই দ্ৰ তাত উ-কাৰে দ্ৰু

যুক্তাক্ষৰ গঠন কৰোঁ আহা-

জ+ঞ জই ঞই জ্ঞ

দ + ৰ + উ দই ৰই দ্ৰ তাত উ-কাৰে দ্ৰুত

তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্য়লৈ নিয়া।

(ক) বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া।

উত্তৰঃ বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়ানে?

(খ) গছজোপাত লমা-লমে আম লাগিছে।

উত্তৰঃ গছজোপাত লমা-লমে আম লাগিছেনে?

(গ) বেবীয়ে পঢ়িবলৈ ভাল পায়।

উত্তৰঃ বেবীয়ে পঢ়িবলৈ ভাল পায়নে?

(ঘ) ৰিজু গৰম বন্ধত ঘৰলৈ আহিব।

উত্তৰঃ ৰিজু গৰম বন্ধত ঘৰলৈ আহিবনে

দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা-

পৰিপাতি, নতুন, উপযোগী, আশা

পৰিপাটি – অপৰিপাটি।

নতুন – পুৰণি।

উপযোগী – অনুপযোগী।

আশা – নিৰাশা।

তলৰ শব্দবোৰেৰে বাক্য সাজা।

সংগ্রহ, উপযোগী, পুথি, কিতাপ, গ্ৰন্থমেলা

সংগ্ৰহ – আমি বিভিন্ন কিতাপ  সংগ্ৰহ কৰি অধ্যয়ন কৰিব লাগে ।

উপযোগী – শিক্ষা মানুহৰ জীৱনত অতি  উপযোগী

পুথি – পুথি পঢ়িলে জ্ঞান বৃদ্ধি হয়।

কিতাপ – কিতাপে জ্ঞান বিলাই।

গ্ৰন্থমেলা – এইবাৰ  গ্ৰন্থমেলাত মই কেইবাখনো কিতাপ কিনিম।

Scroll to Top