আমাৰ চৌপাশৰ ছবি
অনুশীলনী (পৃষ্ঠা ১৫-১৬)
(১) আৰ্হি চিত্ৰখন চাই হোটেলৰ কোন দিশত কি আছে লিখা:
- পূব: অগ্নি আৰু আপদকালীন সেৱা আস্থান
- পশ্চিম: চিনেমা হল
- উত্তৰ: ঔষধালয়
- দক্ষিণ: বেংক
- উত্তৰ-পূব: ৰেষ্টুৰেণ্ট
- দক্ষিণ-পূব: ডাক-ঘৰ
- উত্তৰ-পশ্চিম: চিকিৎসালয়
- দক্ষিণ-পশ্চিম: বিদ্যালয়
(৩) খালী ঠাই পূৰ কৰা:
- (ক) কোনো ঠাই পৰ্যৱেক্ষণ কৰি মনৰ ধাৰণা মতে আঁকা ছবিয়েই হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ্।
- (খ) পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু চাৰিটা উপ-দিশ আছে।
- (গ) অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-পথ, ঘৰ-দুৱাৰ আদি মানৱ-সৃষ্ট উপাদান।
- (ঘ) বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়।
(৪) উত্তৰ লিখা:
- (ক) ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা?
- উত্তৰ: ৰাতিপুৱা বেলিৰ ফালে মুখ কৰি হাত দুখন দুফালে মেলি দিলে সমুখৰ ফালে পূব, পিঠিৰ ফালে পশ্চিম, সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দিশ হ’ব।
- (খ) আৰ্হি চিত্ৰ বা স্কেচ্ কাক বোলে?
- উত্তৰ: কোনো এখন ঠাই পৰ্যৱেক্ষণ কৰি কোনো নিৰ্দিষ্ট জোখ-মাপ নোহোৱাকৈ মনৰ ধাৰণাৰে আঁকা ছবিকেই আৰ্হি চিত্ৰ বা স্কেচ্ বোলে।
- (গ) সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়?
- উত্তৰ: মানচিত্ৰ এখনত পাহাৰ-পৰ্বত, নদ-নদী, ৰাস্তা-ঘাট আদি উপাদানসমূহ সহজে আৰু স্পষ্টকৈ বুজিবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়।
- (ঘ) মানচিত্ৰ এখনৰ সহায়ত আমি কি কি কথা জানিব পাৰোঁ?
- উত্তৰ: মানচিত্ৰৰ সহায়ত কোনো এখন ঠাইৰ ভৌগোলিক অৱস্থান, চারিসীমা, নদ-নদী, পৰ্বত, বাট-পথ আৰু ৰাজধানী আদি জানিব পাৰোঁ।
- (ঙ) মানচিত্ৰৰ মাপনী বা স্কেল বুলিলে কি বুজা?
- উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ দুখন ঠাইৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি নিৰ্দিষ্ট জোখ বা অনুপাতত সৰু কৰি দেখুওৱা হয়, তাকে মাপনী বা স্কেল বোলে।