জীৱন ধাৰণৰ প্ৰণালী

১। উত্তৰ লিখা—

(ক) গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীবিকা কি? তেওঁলােকে কি কি খেতি কৰে?

উত্তৰঃ গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ’ল কৃষি। তেওঁলোকে ধান, মৰাপাট, মাহ, সৰিয়হ, তিল, কুঁহিয়াৰ, আদি খেতি কৰে। 

(খ) চৰ অঞ্চলত বাস কৰা লােকসকলে কি কি খেতি কৰে?

উত্তৰঃ চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচঁহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে।

(গ) জুম খেতি কাক বােলে ? এই কৃষি পদ্ধতিৰে কি কি খেতি কৰা হয় ?

উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি কৰা খেতিক জুম খেতি বোলে। এই কৃষি পদ্ধতিৰে আহুধান, মাকৈ, তিল, আদা, হালধি আদি খেতি কৰা হয়।

(ঘ) নৈ পাৰৰ লােকসকলে কিদৰে জীৱন নির্বাহ কৰে?
(ঙ) চাহ বাগিচাৰ শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত ?

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’

‘খ’

প্রাকৃতিক দিশৰপৰা অসম এখন

অঘৰী জীৱন-যাপন কৰিছিল।

অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে

চহকী ৰাজ্য।

আদিম মানুহে

ৰবি শস্যৰ খেতি কৰে।

চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে

চাহ বাগিচা দেখা যায়।

উত্তৰঃ 

‘ক

‘খ’

প্রাকৃতিক দিশৰপৰা অসম এখন

চহকী ৰাজ্য।

অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে

চাহ বাগিচা দেখা যায়।

আদিম মানুহে

অঘৰী জীৱন-যাপন কৰিছিল।

চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে

ৰবি শস্যৰ খেতি কৰে।

৩। খালী ঠাই পূৰ কৰা-

(ক) খৰালি কালত পাহাৰীয়া অঞ্চলত ____________ অভাৱ হয়।

উত্তৰঃ খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়।

(খ) ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ____________ ভূমি।

উত্তৰঃ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি।

(গ) পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ______________ কৰে।

উত্তৰঃ পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে জুম খেতি কৰে।

(ঘ) অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে _________ দেখা যায়।

উত্তৰঃ অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়।

(ঙ) _____লোকসকলে কুটীৰ শিল্পব লগত জড়িত হৈ থাকে।

উত্তৰঃ গাওঁ অঞ্চলৰ লোকসকলে কুটীৰ শিল্পব লগত জড়িত হৈ থাকে।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা-

(ক) প্রাচীনকালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন-যাপন কৰিছিল।

(খ) উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীবিকা নির্বাহৰ মূল উপায়।

(গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।

(ঘ) কৃষিকৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুলোকে চাকৰিজীৱী হিচাপে জীৱিকা নির্বাহ কৰে।

(ঙ) চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে।

৫। জুইৰ আবিষ্কাৰ কেনেদৰে হৈছিল?

৬। আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল?

৭। পার্থক্য লিখা- 

(ক) গাঁও আৰু চহৰ।

(খ) ভৈয়াম আৰু পাহাৰ।

Scroll to Top