প্ৰকৃতি ভ্ৰমণ

অনুশীলনী (পৃষ্ঠা ২৯-৩০)

(১) শুদ্ধ উত্তৰ বাছি উলিওৱা: 

  • (ক) অসমৰ ৰাজ্যিক বৃক্ষ কি?

    • উত্তৰ: (ii) হোলোং

  • (খ) তলৰ কোনটো মাংসভোজী চৰাইৰ গোট?

    • উত্তৰ: (iv) ফেঁচা, শেন, চিলনী, শগুন

(২) শুদ্ধ / অশুদ্ধ:

  • (ক) চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ। ➔ অশুদ্ধ [✗]

  • (খ) হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা। ➔ শুদ্ধ [✔]

  • (গ) চাকৈ-চকোৱা এবিধ পতংগ। ➔ অশুদ্ধ [✗]

  • (ঘ) সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে। ➔ শুদ্ধ [✔]

  • (ঙ) দূৰবীণ হ’ল দূৰৈৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি। ➔ শুদ্ধ [✔]

(৩) খালী ঠাই পূৰ কৰা:

  • (ক) পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম বী হামিং বাৰ্ড

  • (খ) পতংগৰ ছয় (৬) খন ঠেং থাকে।

  • (গ) অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম এশিঙীয়া গঁড়

  • (ঘ) ধনেশ পক্ষীয়ে গছৰ খোৰোঙত বাহ সাজে।

(৪) চমু উত্তৰ লিখা:

  • (ক) চহলা বিল ক’ত অৱস্থিত? ➔ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

  • (খ) দুবিধ পৰিভ্ৰমী চৰাইৰ নাম: ➔ ধৃতৰাজ, চাকৈ-চকোৱা।

  • (গ) কাজিৰঙাত পৰিবহণৰ ব্যৱস্থা: ➔ জীপ ছাফাৰী আৰু হাতী ছাফাৰী।

  • (ঘ) পাগুলি খোৱা প্ৰাণী: ➔ বনৰীয়া ম’হ / গৰু।

(৫) বহলাই উত্তৰ লিখা:

  • (ক) মাংসভোজী প্ৰাণীৰ ঠেঙৰ হাঁতোৰা শক্তিশালী হোৱাৰ সুবিধা কি?

    • উত্তৰ: ইহঁতে চিকাৰ কৰা প্ৰাণীক টানকৈ খামুচি ধৰি ৰাখিব পাৰে যাতে চিকাৰ হাতোৰাৰপৰা ওলাই যাব নোৱাৰে।

  • (খ) পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে?

    • উত্তৰ: অতিপাত ঠাণ্ডা বা গৰমৰপৰা ৰক্ষা পাবলৈ, খাদ্যৰ সন্ধানত আৰু বংশ বৃদ্ধিৰ বাবে অনুকূল পৰিৱেশ বিচাৰি আহে।

  • (গ) চহলা বিলত চৰাই-প্ৰাণীক বাহিৰৰ খাদ্য দিয়া কিয় নিষেধ?

    • উত্তৰ: বাহিৰৰ খাদ্য খালে বন্যপ্ৰাণী আৰু চৰাইৰ বেমাৰ-আজাৰ হোৱাৰ সম্ভাৱনা থাকে।

  • (ঘ) প্ৰাণীক কিয় সজাত বন্দী কৰি থ’ব নালাগে?

    • উত্তৰ: প্ৰাণীবোৰে মুক্ত প্ৰকৃতিত থাকিহে ভাল পায়, সজাত বন্দী কৰি ৰাখিলে সিহঁতে মানসিক আৰু শাৰীৰিক কষ্ট পায়।

Scroll to Top