পানী

১। উত্তৰ দিয়া 一

(ক) আমি কেনেকুৱা পানী খাব লাগে ?

উত্তৰঃ আমি বিশুদ্ধ পানী খাব লাগে। 

(খ) বীজাণুযুক্ত পানী  খালে কি হয় ?

উত্তৰঃ বীজাণুযুক্ত পানী খালে বিভিন্ন ৰোগ হয়। যেনে- জ্বৰ, পেটৰ বিষ আদি।

(গ) পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি ?

উত্তৰঃ পানী উতলাই বা ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি।

(ঘ) পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা ?

উত্তৰঃ পানীত পমি যোৱা পাঁচবিধ গোটা বস্তুৰ নাম হ’ল- চেনি, নিমখ, চূণ, ফিট্কিৰি, ছ’ডা আদি। পানীত পমি যোৱা পাঁচবিধ জুলীয়া বস্তু হ’ল- মৌ, নেমুৰ ৰখ,এলক’হল, গাখীৰ, ফলৰ ৰস।

(ঙ) নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৰ্বতন কৰে ?

উত্তৰঃ নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক সূৰ্যৰ দ্বাৰা ভাপলৈ পৰিৱৰ্তন কৰে।

২। খালী ঠাই পূৰ কৰা 一

(ক) শীল বৰষুণত _______ থাকে।

উত্তৰঃ পানী

(খ) সাগৰৰ পানী ________।

উত্তৰঃ লুণীয়া।

(গ) পানী উতলালে বেমাৰৰ ___________ মৰে।

উত্তৰঃ বীজাণু

(ঘ) তাপ পালে পানী __________ পৰিৰ্বতন হয়। 

উত্তৰঃ ভাপলৈ 

(ঙ) পানীৰ ভাপ চেঁচা কৰিলে ________ সলনি হয়।

উত্তৰঃ ক্ষুদ্ৰ কণিকাত

৩। ঘৰুৱা কামৰ বাহিৰেও আৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়।

উত্তৰঃ ঘৰুৱা কামৰ বাহিৰেও পানী গা-ধোৱা, বাচন ধোৱা, ফুলত পানী দিয়া, কাপোৰ ধোৱা আদিত ব্যৱহাৰ কৰা হয়। 

৪।  বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা হয়।

উত্তৰঃ বেছি বৰষুণ দিলে আমাৰ বহুত অসুবিধা হয় যেনে- জ্বৰ কাঁহ হ’ব পাৰে, ম’হৰ উপদ্ৰৱ বাহিব, বানপানী হোৱাৰ সম্ভাৱনা হ’ব পাৰে।

৫। জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা।

৬। দলত আলোচনা কৰি বিদ্যালয়ৰ খোৱাপানীৰ ব্যৱস্থা সম্বন্ধে এখন প্রতিবেদন যুগুত কৰা। 

(শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল’বা)

• বিদ্যালয়ত খোৱা পানী ক’ৰপৰা লোৱা হয় ?

• যদি তোমালোকৰ পানীকল, দমকল নাই, তেনেহ’লে খোৱা পানী ক’ৰ পৰা পোৱা ?

• সকলোবোৰ টেপ বা দমকলত পানী থাকেনে ? 

• পানী থোৱা পাত্রবোৰ ঢাকি থোৱা থাকেনে ? 

• পাত্ৰবোৰ নিয়মিতভাৱে চাফা কৰা হয়নে ? 

• পানীখিনি কি ব্যৱস্থাৰে খোৱাৰ উপযোগী কৰা হয় ?

Scroll to Top