লঘোন

উত্তৰ দিয়া-

(ক) ‘লঘোন’ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি?

উত্তৰঃ ‘লঘোন’ পদ্যটো ৰচনা কৰা কবিজনৰ নাম-নৱকান্ত বৰুৱা।

(খ) ‘লঘোন’ শব্দৰ অৰ্থ কি?

উত্তৰঃ লঘোন’ শব্দৰ অৰ্থ হ’ল – উপবাস বা অনাহাৰ।

(গ) পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি মনলৈ আছে?

উত্তৰঃ পালোৱান বুলিলে এজন বলীয়ান আৰু সাহসী মানুহৰ ছবি মোৰ মনলৈ আহে। 

 লঘোন’ পদ্যটিৰ ভিত্তিত ক-অংশৰ কথাখিনিৰ লগত খ- অংশৰ কথাখিনি মিলাই লিখা-

উত্তৰঃ

ক-অংশ

খ-অংশ

১৷ আছে যদি আধা সেৰ

চিৰা দিবা ভাল চাই

২৷ দৈ মোক নেলাগেই

গাখীৰৰ সৰ পালে

৩৷ নাই যদি মালভোগ

জাহাজী কলকে আন

৪৷ পাপৰ আছিল বোলে

আঙঠাত সেকচোন

৫৷ ৰৌ মাছ ভজা আছে

তাৰো দুচকল দে

‘লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্যটোৰ কথাখিনিৰ লগত মিলিছেনে? যদি মিলা নাই, কিয় মিলা নাই লিখা।

তলত উল্লেখ কৰা বস্তুকেইবিধৰ বিষয়ে দলত আলোচনা কৰি চমু টোকা লিখা।

(ক) মালভোগ কল

উত্তৰঃ মালভোগ কল এবিধ মিঠা আৰু সোৱাদযুক্ত ফল।

(খ) গাখীৰৰ সৰ

(গ) আচাৰ

(ঘ) পাপৰ

 উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নঞর্থক ৰূপ লিখা।

ন + চায় = নাচায় বা নেচায়।

ন + কাটে = _____বা _____।

ন + পালে = _____বা______।

ন + খালে = _____বা______।

উত্তৰঃ  ন + চায় = নাচায় বা নেচায়।

ন + কাটে = নাকাটে বা নেকাটে।

ন + পালে = নাপালে বা নেপালে।

ন + খালে = নাখালে বা নেখালে।

 এটা শব্দত প্রকাশ কৰা-

(ক) ভোকত আতুৰ হোৱা লোক __________।

উত্তৰঃ ভোকাতুৰ।

(খ) নিয়ম মতে খৰচ কৰা লোক ________।

উত্তৰঃ মিতব্যয়ী।

(গ) বেছিকৈ ভাত খোৱা মানুহ_________।

উত্তৰঃ ভতুৱা।

(ঘ) ৰন্ধা বঢ়া কৰা তিৰোতা _________।

উত্তৰঃ ৰান্ধনী।

Scroll to Top