আমাৰ পৰিয়াল
১। চমু উত্তৰ দিয়া-
(ক) পৰিয়াল কাক বোলে?
উত্তৰঃ মা-দেউতা, বাই-ভনী, ভাই-ককাই আদি সকলোৱে একেলগে মিলা-প্রীতিৰে থকা একোখন ঘৰেই হৈছে একোটা পৰিয়াল।
(খ) একক পৰিয়ালত কোন কোন সদস্য থাকে?
উত্তৰঃ একক পৰিয়ালত মাক-দেউতাক আৰু তেওঁলোকৰ ল’ৰা -ছোৱালী থাকে ।
(গ) যৌথ পৰিয়ালত কোন কোন সদস্য থাকে?
উত্তৰঃ যৌথ পৰিয়ালত ককাক -আইতাক, বৰদেউতাক – বৰমাক ,খুড়াক -খুড়ীয়েক, মাক-দেউতাক আৰু তেওঁলোকৰ ল’ৰা ছোৱালী সমূহ থাকে ।
২। তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা—
প্ৰাথমিক, সহায়, মিলা-প্ৰীতি
(ক) পৰিয়াল সমাজৰ __________ গোট।
উত্তৰঃপৰিয়াল সমাজৰ প্ৰাথমিক গোট।
(খ) পৰিয়ালৰ সদস্যসকলৰ মাজত _______________ থাকিব লাগে।
উত্তৰঃ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি থাকিব লাগে।
(গ) পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক ______________ কৰিব লাগে।
উত্তৰঃ পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে।
৩। পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ-যতন কেনেদৰে লয় লিখা।
উত্তৰঃ পৰিয়ালৰ সদস্য সকলে এজনে আনজনক মৰম চেনেহ, শ্রদ্ধা -ভক্তি কৰে, এজনে আনজনক কামত সহায় কৰে, বেমাৰ আজাৰৰ সময়ত শুশ্রূষা কৰে ।
৪। সম্পর্কটো এটা শব্দত লিখা-
(ক) মাকৰ ভায়েক —
উত্তৰঃ মামা
(খ) দেউতাৰ ককায়েক —
উত্তৰঃ বৰদেউতা
(গ) খুড়াৰ ল’ৰা —
উত্তৰঃ ভাই
(ঘ) মাহীৰ ছোৱালী –
উত্তৰঃ ভনী
৫। ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা।
উত্তৰঃ নিজে কৰিবা।