বাগিচালৈ যাও ব'লা
(১) উত্তৰ লিখা—
(ক) চাৰিবিধ বৃক্ষ জাতীয় উদ্ভিৰ নাম
উত্তৰঃ শাল, হোলোং, বনচোম আৰু তিতাচঁপা।
(খ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম
উত্তৰঃ শাল আৰু চেগুণ।
(গ) দুবিধ লতাজাতীয় উদ্ভিদৰ নাম
উত্তৰঃ পাণ আৰু ভেদাইলতা।
(ঘ) দুবিধ গোন্ধ নথকা ফুলৰ নাম
উত্তৰঃ জবা ফুল আৰু বেলিফুল ।
(ঙ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম
উত্তৰঃ গোলাপ, তগৰ আৰু নাহৰ ।
(২) লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি?
উত্তৰঃ ই গছবোৰৰ গা-গছ কোমল আৰু লেহুকা, এইবোৰে আনৰ সহায় লৈহে বগাই যাব পাৰে। বগাই যাবৰ বাবেহে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয়।
(৩) খালী ঠাই পূৰ কৰা-
(ক) গছে _______ ৰ দ্বাৰা পানী শুহি লয়।
উত্তৰঃ শিপাৰ।
(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি_______ তৈয়াৰ কৰে।
উত্তৰঃ মৌজোল।
(গ) ________ আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল।
উত্তৰঃ পদুম ফুল।
(ঘ) কপৌ ফুল ________ কালত ফুলে।
উত্তৰঃ বসন্ত।
(৪) শুদ্ধ উত্তৰত ‘ √’ চিন দিয়া—
(ক) বাঁহ গছ গুল্ম/বৃক্ষ/তৃণজাতীয় উদ্ভিদ।
উত্তৰঃ বাঁহ গছ তৃণজাতীয় উদ্ভিদ।
(খ) গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ডাঙৰ।
উত্তৰঃ গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু।
(গ) বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান/কোমল।
উত্তৰঃ বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান।
(ঘ) তাল/আম/নিম গছৰ পাতেৰে বিচনী সজা হয়।
উত্তৰঃ তাল গছৰ পাতেৰে বিচনী সজা হয়।
৫) পার্থক্য লিখা- বৃক্ষ আৰু গুল্ম
উত্তৰঃ বৃক্ষ জাতীয় উদ্ভিদবোৰ অতি টান , আনহাতে গুল্মজাতীয় উদ্ভিদবোৰ কোমল। বৃক্ষ জাতীয় উদ্ভিদবোৰ বৰ ডাঙৰ আনহাতে গুল্মজাতীয় উদ্ভিদবোৰ বৰ সৰু।