বায়ু পানী আৰু বতৰ
১। বায়ুক কিয় মিশ্ৰ পদাৰ্থ বোলা হয় ?
উত্তৰঃ বায়ুত নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, ধূলিকণা, জলীয় বাষ্প আৰু অনান্য গেছও থাকে বাবে বায়ুক মিশ্ৰ পদাৰ্থ বোলা হয়।
২। পানী আমাৰ কি কি কামত লাগে ?
উত্তৰঃ পানী আমাৰ খোৱা, বাচন ধোৱা, গা ধোৱা, কাপোৰ ধোৱা, খেতি পথাৰত দিয়া ইত্যাদি কামত লাগে।
৩। প্ৰদূষিত পানী খোৱাৰ ফলত আমাৰ কেনে ধৰণৰ বেমাৰ হ’ব পাৰে ?
উত্তৰঃ প্ৰদূষিত পানী খোৱাৰ ফলত ড্ৰিচেন্টি, কলেৰা, জণ্ডিচ, টাইফয়েড আদি বিভিন্ন ধৰণৰ বেমাৰ হ’ব পাৰে।
৪। বতৰ বুলিলে কি বুজা ? বতৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ কেতিয়াবা বিজুলী, ঢেৰেকণি, ধুমুহাৰে সৈতে বৰষুণ আহে। বায়ুমণ্ডলৰ এই বিভিন্ন অৱস্থাকে আমি বতৰ বুলি কওঁ। কোনো এখন ঠাইৰ বতৰ, সেই ঠাইৰ বায়ুমণ্ডলৰ উষ্ণতা, বায়ুৰ গতি, বায়ুমণ্ডলত থকা জলীয় ভাপৰ পৰিমাণ, ডাৱৰ-বৰষুণ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।
৫। চমুটোকা লিখা : জলচক্ৰ, জলবতাহ , স্থলবতাহ, কুঁৱলী আৰু নিয়ৰ ।
জলচক্ৰ: বৰষুণৰ পানী, নদী, হ্ৰদ, সাগৰ আদিলৈ বৈ যায়। সেইবোৰ পানীয়েই সূৰ্যৰ তাপত পুনৰ জলীয় ভাপ হৈ আকাশলৈ উৰি যায়। জলীয় ভাপ লগ লাগি ডাৱৰ হয়। ডাৱৰৰ পৰা বৰষুণ হয়। এইদৰে পৃথিৱীৰ জলভাগত জলীয় ভাপ, ডাৱৰ আৰু বৰষুণৰ চক্ৰ চলি থাকে। ইয়াকে জলচক্ৰ বোলা হয়।
৬। ধুমুহাৰ ফলত কেনে ধৰণৰ ক্ষয়-ক্ষতি হয় ?
উত্তৰঃ ধুমুহাৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি-ছিঙি চুৰমাৰ হয়। ধুমুহা, বা-মাৰলীত ঘৰ-দুৱাৰ ভাঙি বহুতো মানুহ, জীৱ-জন্তুৰ মৃত্যু হোৱা খবৰো আমি ৰেডিঅ’, দূৰদৰ্শনত শুনিবলৈ আৰু দেখিবলৈ পাওঁ।
৭। তিতা কাপোৰ মেলি দিলে শুকাই কিয় ?
উত্তৰঃ তিতা কাপোৰত থকা পানীৰ কণিকাবোৰ সূৰ্যৰ তাপত জলীয় ভাপ হৈ বায়ুৰ মাজেৰে আকাশলৈ উৰি যায়। ফলত তিতা কাপোৰ মেলি দিলে শুকায়।
৮। শুদ্ধ নে অশুদ্ধ লিখা :
ক) সূৰ্য্যৰ তাপত জলভাগ স্থলভাগতকৈ পিছত গৰম হয়।
উত্তৰঃ শুদ্ধ।
খ) বায়ু এবিধ মিশ্ৰ পদাৰ্থ।
উত্তৰঃ শুদ্ধ।
গ) শীতকালত দিন দীঘল ৰাতি চুটি হয়।
উত্তৰঃ অশুদ্ধ।
ঘ) সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বেছি হ’লে পৃথিৱীত জাৰকালি হয়।
উত্তৰঃ শুদ্ধ।
ঙ) বায়ুৱে ঠাই আগুৰি থাকে।
উত্তৰঃ শুদ্ধ।
(চ) আমাৰদেহত প্ৰায় শতকৰা ৭০ ভাগ পানী থাকে।
উত্তৰঃ শুদ্ধ।
(ছ) পটোছিয়াম পাৰমাংগেনেট এবিধ জীৱানুনাশক দ্ৰব্য।
উত্তৰঃ শুদ্ধ।
(জ) উতলালেও কোমল নোহোৱা পানীক খৰপানী বোলে।
উত্তৰঃ অশুদ্ধ।
৯। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা :
‘ক’ অংশ | ‘খ’ অংশ |
বায়ুনিচান | বৰষুণৰ পৰিমাণ |
থাৰ্ম’মিটাৰ | বতাহৰ দিশ |
বেৰ’মিটাৰ | বায়ুত থকা জলীয় ভাপৰ পৰিমাণ |
বৃষ্টিমান যন্ত্ৰ | বায়ুৰ চাপ |
হাইগ্ৰ’মিটাৰ | শৰীৰৰ তাপ |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
বায়ুনিচান | বতাহৰ দিশ |
থাৰ্ম’মিটাৰ | শৰীৰৰ তাপ |
বেৰ’মিটাৰ | বায়ুৰ চাপ |
বৃষ্টিমান যন্ত্ৰ | বৰষুণৰ পৰিমাণ |
হাইগ্ৰ’মিটাৰ | বায়ুত থকা জলীয় ভাপৰ পৰিমাণ |
১০। খালীঠাই পূৰণ কৰা-
ক) বায়ুত থকা ————— গেছ উদ্ভিদৰ বাবে বৰ প্ৰয়োজনীয়।
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড
খ) বায়ুত আটাইতকৈ বেছি পৰিমাণে —————- গেছ থাকে।
উত্তৰঃ নাইট্ৰজেন
গ) বায়ুত —————— শতকৰা অক্সিজেন থাকে।
উত্তৰঃ ২১.০
ঘ) জাৰকালি দিন —————আৰু ৰাতি ————- হয়।
উত্তৰঃ চুটি , দীঘল
ঙ) বায়ুৰ চাপ ——————- যন্ত্ৰৰ দ্বাৰা জোখা হয়।
উত্তৰঃ বেৰ’মিটাৰ
Updated on: 18-04-2025