বীজৰ কথা

অনুশীলনী-

১। বীজ গজিবৰ বাবে যে বায়ু, পানী আৰু তাপৰ প্ৰয়োজন তাক দেখুৱাবলৈ কৰা এটা পৰীক্ষা চিত্রসহ বুজাই লিখাঁ।

২। টেমাত ভৰাই থোৱা বুটমাহ কিয় নগজে?

উত্তৰঃ বীজ গজিবলৈ বায়ু, পানী আৰু তাপৰ প্ৰয়োজন । টেমাত ভৰাই থোৱা বুটমাহে কোনোধৰণৰ বায়ু, পানী আৰু তাপ নাপায়। সেইবাবে টেমাত ভৰাই থোৱা বুটমাহ নগজে।

৩। পানীত ডুব গৈ থকা বীজ গজিবনে?

উত্তৰঃ পানীত ডুব গৈ থকা বীজ ভালদৰে নগজে । কাৰণ ই পানী আৰু কিছু পৰিমানে তাপ পাব কিন্তু উপযুক্ত পৰিমাণে বায়ু নাপাব।

8। কি কি কাৰণত বীজ নগজে?

উত্তৰঃ ক) কুমলীয়া বীজ নগজে।

খ) অধিক তাপ আৰু বৰষুণ পালে বীজ নষ্ট হয়।

গ) পোক-পতংগই খোৱা বীজ নগজে।

ঘ) এন্দুৰ আৰু চৰায়েও বীজ ধ্বংস কৰে।

৫। বীজৰ বিস্তাৰণ কি কি প্ৰকাৰে হ’ব পাৰে?

উত্তৰঃ বীজৰ বিস্তাৰণৰ প্ৰকাৰবোৰ হৈছে –

(i) বতাহে বীজৰ বিস্তৰণ ঘটায়।

(ii) চৰাই-চিৰিকটিয়েও বীজৰ বিস্তাৰ কৰে।

(iii) নদীৰ সোঁতৰ দ্বাৰাও বীজ এঠাইৰ পৰা আন ঠাইলৈ যায়।

(iv) কিছুমান বীজ ছিটিকি দূৰত পৰে।

(v) বীজৰ গাত হাকোটা বা শুং থাকে।

(vi) প্ৰাণীয়ে বীজৰ বিস্তৰণ ঘটায়।

(vii) মানুহে ফল খাই গুটি দূৰত পেলায়।

৬। পৰাগযোগ কাক বোলে?

উত্তৰঃ বতাহ, মৌমাখি, ভোমোৰা আদিয়ে এপাহ ফুলৰ পুংকেশৰৰ পৰা পৰাগৰেণু আনি একে জাতীয় ফুলৰ গৰ্ভকেশৰত দিয়ে। এই ঘটনাক পৰাগযোগ বোলে। 

৭। ফল ক’ৰ পৰা হয়?

উত্তৰঃ ফুলৰ পৰা ফল হয়।

৮। বহুবীজ থকা খাদ্য হিচাপে গ্রহণকৰা চাৰিবিধ উদ্ভিদৰ নাম লিখা?

উত্তৰঃ বহুবীজ থকা, খাদ্য় হিচাপে গ্ৰহণ কৰা চাৰিবিধ উদ্ভিদৰ নাম হৈছে – লেচেৰা, বিলাহী, সৰিয়হ আৰু কঠাল ।

Scroll to Top