বস্তু আৰু পদাৰ্থ
অনুশীলনী-
১। বস্তুৰ তিনিটা অৱস্থা কি কি?
উত্তৰঃ বস্তুৰ তিনিটা অৱস্থা হৈছে – কঠিন বা গোটা, জুলীয়া বা পনীয়া আৰু গেছীয় বা ভাপ অৱস্থা।
২। গোটা বস্তুৰ তিনিটা গুণ উল্লেখ কৰা। প্ৰতিটো গুণৰ ভিত্তিত একোটাকৈ ব্যৱহাৰ লিখা।
উত্তৰঃ গোটা বস্তুৰ তিনিটা গুণ হ’ল- স্থিতিস্থাপক গুণৰ বাবেই গাড়ী-মটৰত ৰবৰৰ টিউব-টায়াৰ লগোৱা হয়। পোহৰ পাৰ হ’ব পৰা গুণৰ বাবে ঘৰৰ দুৱাৰ খিৰিকীত কাঁচ লগোৱা হয়, লেমৰ চিমনী, চছমা আদিত কাঁচ ব্যৱহাৰ কৰা হয়। লো, এলুমিনিয়াম আদি তাপ পৰিবাহী বাবেই ভাত ৰন্ধা সঁজুলি প্রস্তুতিত এইবোৰ ব্যৱহৃত হয়।
৩। গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হোৱা তিনিটা বস্তুৰ নাম লিখা।
উত্তৰঃ গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হোৱা তিনিটা বস্তুৰ নাম হৈছে- নেপথেলিন, কৰ্পূৰ আৰু শুকান বৰফ।
8। বৰফৰ চাৰিটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ বৰফৰ চাৰিটা ব্য়ৱহাৰ হৈছে –
(ক) খাদ্য বস্তু বহুদিনলৈ ভালে ৰাখিবলৈ বৰফৰ মাজত ৰখা হয়।
(খ) জ্বৰ হ’লে, আঘাত পালে, জ্বয়ে পৰিলে বৰফ ব্যৱহাৰ কৰা হয়।
(গ) গৰম দিনত আইচক্রীম হিচাপে বৰফ খোৱা হয়।
(ঘ) বৰফেৰে ঢাক খাই থকা ঠাইত বৰফেৰে ঘৰ সজা হয়।
৫। জুলীয়া আৰু গোটা বস্তুৰ মাজত থকা দুটা পার্থক্য লিখা।
উত্তৰঃ জুলীয়া আৰু গোটা বস্তুৰ মাজত থকা দুটা পাৰ্থ্ক্য হ’ল-
(ক) গোটা বস্তুৰ নিজস্ব আকৃতি থাকে, কিন্তু জুলীয়া বস্তুৰ নিজস্ব আকৃতি নাই। জুলীয়া বস্তু যি পাত্ৰত থোৱা হয়, তাৰেই আকৃতি লয়।
(খ) গোটা বস্তু তাপ পালে জুলীয়া (তৰল) অৱস্থালৈ পৰিৱর্তিত হয়, আনহাতে জুলীয়া বস্তু তাপ পালে গেছীয় অৱস্থালৈ পৰিৱর্তিত হয়।
৬। স্থিতিস্থাপক বস্তু কাক বোলে? এই গুণ ভিত্তিক দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ বল প্ৰয়োগ কৰি বস্তুৰ আকাৰ আৰু অৱস্থাৰ পৰিৱৰ্তন কৰাৰ পাছত সেই বল আঁতৰাই আনিলে কিছুমান বস্তুৱে পুনৰ আগৰ অৱস্থা পায়। বস্তুৰ এই গুণটোক স্থিতিস্থাপকতা বোলা হয়। স্থিতিস্থাপক গুণ ভিত্তিক দুটা ব্য়ৱহাৰ হ’ল – মটৰগাড়ী, চাইকেল আদিত ৰবৰৰ টিউৱ-টায়াৰ আদি ব্য়ৱহাৰ কৰোঁ।