বিদ্যৎ আৰু চুম্বক

অনুশীলনী- 

১। স্থিৰ বিদ্যুৎ বুলিলে কি বুজা?

উত্তৰঃ যি বিদ্যুতৰ আধান স্থিৰ তাক স্থিৰ বিদ্যুৎ বোলে।

২। জলবিদ্যুৎ কেনেদৰে উৎপন্ন কৰে?

উত্তৰঃ পাহাৰ, পৰ্বত আদি ওখ ঠাইৰ পৰা জোৰেৰে নামি অহা পানীৰ সোঁতত ডাঙৰ ডাঙৰ চকৰি (টাৰবাইন) ঘূৰাই বহু বেছি পৰিমাণে বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। পানীৰ পৰা উৎপাদন কৰা বাবে এনে বিদ্যুতক জলবিদ্যুৎ বুলি কোৱা হয়।

৩। টাৰবাইন কি?

উত্তৰঃ টাৰবাইন হৈছে বিদ্য়ুৎ শক্তি উৎপাদন কৰিবলৈ ব্য়ৱহাৰ কৰা ডাঙৰ চকৰি। পানীৰ সোঁতৰ শক্তিৰে টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। 

৪। ঘৰত বিজুলী শক্তিৰে চলোৱা কেইবিধমান আহিলাৰ নাম লিখা।

উত্তৰঃ ঘৰত বিজুলী শক্তিৰে চলোৱা কেইবিধমান আহিলাৰ নাম হ’ল 一 বাল্ব, পাংখা, ফ্ৰিজ, ৰেফ্ৰিজাৰেটৰ, টেলিভিছন আদি।

৫। চুম্বকীয় আৰু অচুম্বকীয় পদার্থ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যি বিলাক পদার্থ চুম্বকে আকর্ষণ কৰে তেনে পদাৰ্থক চুম্বকীয় পদার্থ  বোলে । যেনে- লো, গজাল, বেজী, পিন আদি।  আৰু যি বিলাক চুম্বকে আকৰ্ষণ নকৰে সিবিলাকক অচুম্বকীয় পদার্থ বোলে। যেনে – কাগজ, কাঠ, কাপোৰ আদি।

৬। এডাল চুম্বকৰ মেৰু কেইটা? কি কি?

উত্তৰঃ এডাল চুম্বকৰ মেৰু দুটা-  (ক) উত্তৰ মেৰু আৰু (খ) দক্ষিণ মেৰু।

Scroll to Top