আমাৰ শৰীৰ

১ । জ্ঞানেন্দ্রিয় কাক বােলে? 

উত্তৰঃ চকু, কাণ, নাক, জিভা আৰু ছালক একেলগে জ্ঞানেন্দ্ৰিয় বোলা হয়।

 ২। আমাৰ শৰীৰৰ আভ্যন্তৰীণ অংগবােৰৰ নাম লিখা।

উত্তৰঃ হাওঁফাওঁ, বৃক্ক, কলিজা, পাকস্থলী, খাদ্য়নলী, মগজু আদি।

৩। তলত দিয়া অংগসমূহৰ চিত্র আঁকা আৰু ইহঁতৰ কাম-কাজ বর্ণনা কৰা। হাওঁফাওঁ, বৃক্ক, হৃদপিণ্ড। 

৪। উশাহ নিশাহ লওঁতে বুকুখন উঠা নমা কৰে কিয় ? 

উত্তৰঃ মানুহৰ বুকুৰ ভিতৰত দুটা হাওঁফাওঁ থাকে। উশাহত লোৱা বায়ু হাওঁফাওঁৰ ভিতৰত সোমালে ই ফুলি উঠে আৰু নিশাহত  হাওঁফাওঁৰ পৰা বায়ু ওলাই গ’লে  ই সংকুচিত হয়। সেয়ে আমি উশাহ লওঁতে বুকুখন উঠা নমা কৰে। 

৫। ধমনী আৰু সিৰাৰ পার্থক্য লিখা। 

উত্তৰঃ কিছুমান ৰক্তবাহী নলীয়েদি তেজ হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংগ-পতংগলৈ ওলাই যায়, এইবোৰ ৰক্তবাহী নলীক  ধমনী। আনহাতে যিবোৰ ৰক্তবাহী নলীয়েদি শৰীৰৰ বিভিন্ন অংগ- পতংগৰ পৰা তেজ হৃদপিণ্ডলৈ ঘূৰাই আনে, তেনেবোৰ ৰক্তবাহী নলীক সিৰা বোলে। 

৬। মানুহৰ পাচন প্রণালী বর্ণনা কৰা । 

৭। মগজুৱে কি কি কাম কৰে? 

উত্তৰঃ মগজুৱে আমাৰ শৰীৰৰ ব্যাহিক আৰু আভ্যন্তৰীণ সকলো অংগৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।ভাৱ-চিন্তা কৰা, কিতাপ পঢ়ি বুজি পোৱা, অংগ পতংগ লৰচৰ কৰা, শীত-তাপ অনুভৱ কৰা আদি সকলোবোৰ কাম মগজুৱে কৰে। 

৮। দাঁত কেই প্ৰকাৰৰ? প্রতিবিধ দাঁতৰ কাম লিখা।

উত্তৰঃ দাঁত চাৰি প্ৰকাৰৰ-

ক) আগদাঁত বা কৃন্তক দাঁত

খ) কুকুৰ দাঁত বা ছেদক দাঁত

গ) পূৰুষ: প্ৰেষক দাঁত

ঘ) প্ৰেষক দাঁত

আগ দাঁতেৰে বস্তু ছিঙা হয়, কুকুৰ দাঁতেৰে টুকুৰা কৰা হয়, আৰু পুৰুষ বা প্ৰেষক আৰু প্ৰেষক দাঁতেৰে খাদ্য বস্তু চুৱাই গুড়ি কৰা হয়। 

৯। দাঁতৰ যতন কিয় ল’ব লাগে ? 

উত্তৰঃ সুস্থ-সবল দাঁতৰ অবিহনে খাদ্য়বস্তু খোৱাত অসুবিধা হয়। সেয়েহে আমি দাঁতৰ যত্ন ল’ব লাগে।

১০। মানুহৰ কলিজা বা হৃদপিণ্ডটোৰ কেইটা কোঠালি আছে? 

উত্তৰঃ মানুহৰ কলিজা বা হৃদপিণ্ডটোৰ চাৰিটা কোঠালী আছে। 

১১। বৃক্কৰ প্রধান কাম কি? 

উত্তৰঃ বৃ্কই তেজৰ পৰা অলাগতিয়াল বস্তুবোৰ ছেকি তেজ পৰিশোধন কৰে।

১২। আমি কেনেকৈ উশাহত অক্সিজেন গ্রহণ কৰােঁ আৰু নিশাহত কার্বন – ডাই – অক্সাইড এৰি দিও?

উত্তৰঃ উশাহত লোৱা বায়ুৰ পৰা হাঁওফাঁওত চলাচল কৰা তেজে অক্সিজেন ভাগ শুহি লয় আৰু কোষসমূহলৈ কঢ়িয়াই নিয়ে। কোষসমূহত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড ভাগ তেজে হাওঁফাওঁত এৰি দিয়ে আৰু হাওঁফাওঁৱে নিশাহত এই কাৰ্বন-ডাই-অক্সাইড ভাগ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে।

Scroll to Top