আমাৰ পৰিৱেশ
প্ৰশ্নাৱলী-
১। পৰিবেশত কি কি বস্তু থাকে, তাৰে এখন তালিকা কৰা।
২। পৰিবেশৰ ভাগ কেইটা আৰু কি কি?
উত্তৰঃ পৰিবেশৰ ভাগ দুটা -১। জৈৱিক পৰিবেশ আৰু ২। অজৈৱিক পৰিবেশ ।
৩। জীৱবোৰক কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ জীৱবোৰক দুটা ভাগত ভগোৱা হৈছে – উদ্ভিদ আৰু প্ৰাণী।
৪। শুদ্ধ উত্তৰত চিন দিয়া-
ক) বায়ু জৈৱিক/অজৈৱিক পদার্থ।
উত্তৰঃ বায়ু অজৈৱিক পদার্থ।
খ) মানুহ পৰিবেশৰ ভিতৰুৱা নহয়/হয়।
উত্তৰঃ মানুহ পৰিবেশৰ ভিতৰুৱা হয়।
গ) মাটিৰ প্ৰাণ আছে/নাই।
উত্তৰঃ মাটিৰ প্ৰাণ নাই।
ঘ) গছ-গছনিয়ে নিজে খাদ্য তৈয়াৰ কৰে/নকৰে।
উত্তৰঃ গছ-গছনিয়ে নিজে খাদ্য তৈয়াৰ কৰে ।
ঙ) প্রাণীয়ে নিজে খাদ্য প্রস্তুত কৰে/নকৰে।
উত্তৰঃপ্রাণীয়ে নিজে খাদ্য প্রস্তুত নকৰে।
চ) গছ-গছনি কম হ’লে বৰষুণ বেছিকৈ/ কমকৈ হয়।
উত্তৰঃ গছ-গছনি কম হ’লে বৰষুণ কমকৈ হয়।
Updated on: 19-04-2025